24/07/2025
যোৱাকালি ৰাতি প্ৰায় ৯ বজাত পাৱৈ চাহ বাগিচাৰ লাইনৰ পৰা মোক অৱগত কৰা হয় যে এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ — Slow Loris (স্লো লৰিছ) — বিদ্যুতত স্পৰ্শ হৈ আঘাতপ্ৰাপ্ত হৈছে। ৰাইজে সাৱধানে ধৰি ৰাখিছে বুলি শুনি মই তৎক্ষণাৎ ডিগবৈ বন বিভাগৰ বিষয়া সুমী দেউৰী বাইদেউক অৱগত কৰোঁ। তাৰ পাছত মই মোৰ সতীৰ্থ ৰনি দেৱনাথক আৰু নুমল তাঁতীক লগত লৈ ঘটনাস্থলত উপস্থিত হওঁ।
উদ্ধাৰ কাৰ্য সফলতাৰে সম্পন্ন কৰাৰ পাছত ৰাইজক Slow Loris তথা এনে ধৰণৰ বিপদগ্ৰস্ত বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰা হয়। তাৰ পাছত ডিগবৈ বন সংমণ্ডল বিষয়া (DFO) সন্দীপ চাৰক অৱগত কৰি Slow Loris টোক ডিগবৈ বন বিভাগৰ কাৰ্যালয়ত নিৰাপদভাৱে ৰখা হয়। আজি আবেলি Slow Loris টোৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পাছত বন বিভাগৰ সহযোগত বনাঞ্চলত সুৰক্ষিতভাৱে মুক্তি দিয়া হয়। ধন্যবাদ জ্ঞাপন কৰিছো Rupesh Tanty আৰু পাৱৈ গাঁওবাসী ৰাইজক আমাক সহযোগ কৰা বাবে 🙏 আপোনালোক সহযোগ কৰা কাৰণে আমি উৎসা পাও আগোৱাই যাবলৈ 🙏