16/12/2025
ডিব্ৰুগড়ত জিলাৰ খোৱাং সমষ্টিৰ লেজাইত Samarth 2.0 আঁচনিৰ অন্তৰ্গত আয়োজন কৰা Silk Handloom Weaver Training Program সফলতাৰ সৈতে সমাপ্ত হ’ল।
২৭০ ঘণ্টীয়া এই সু-সংগঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ৩০ গৰাকী মহিলা প্ৰশিক্ষাৰ্থীয়ে ৰেচম বোৱা শিল্পৰ গভীৰ তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা সুদৃঢ়ভাৱে আয়ত্ত কৰে। প্ৰশিক্ষণত পৰম্পৰাগত আৰু আধুনিক ৰেচম বোৱা প্ৰণালী, বোৱাৰ পূৰ্ব প্ৰস্তুতি প্ৰক্ৰিয়া, বোৱা যন্ত্ৰৰ সঠিক আৰু সুৰক্ষিত ব্যৱহাৰ লগতে আনুসংগিক সকলো প্ৰয়োজনীয় কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছিল।
কাৰিগৰী শিক্ষাৰ উপৰিও কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু পৰিচ্ছন্নতা, শৃংখলা, সময়ানুবর্তিতা আৰু পেচাগত আচৰণৰ দৰে অত্যাৱশ্যকীয় বিষয়সমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয়, যিয়ে প্ৰশিক্ষাৰ্থীসকলক এখন সুস্থ, সুৰক্ষিত আৰু পেচাগত কৰ্মজীৱনৰ বাবে প্ৰস্তুত কৰি তোলে।
Central Silk Board, Ministry of Textiles, Government of India-ৰ উদ্যোগত আৰু Jansai Foundation-ৰ সহযোগিতাত ৰূপায়িত এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে মহিলাসকলক কেৱল দক্ষতাৰে সমৃদ্ধ কৰায়েই নহয়, বৰঞ্চ আত্মবিশ্বাস, আত্মসন্মান আৰু জীৱিকাৰ এক শক্তিশালী ভেটি গঢ়ি তুলিলে।
এই সফল সমাপ্তিয়ে দক্ষতা বিকাশৰ জৰিয়তে নাৰী সবলীকৰণ আৰু স্থানীয় শিল্পক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য মাইলষ্টোন হিচাপে চিহ্নিত হ’ল।