19/07/2026
অসম ৰাজ্যিক আশা ইউনিয়ন
বৰপেটা জিলা কমিটি
প্ৰেছ বিবৃতি
১৮-৭-২৬
মন্দিয়াৰ মাননীয় বিধায়ক শ্বেৰমান আলীয়ে আশা কৰ্মী সম্পৰ্কে কৰা বিৰূপ মন্তব্যক কেন্দ্ৰ কৰি আশা কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৱা১৭ জুলাই তাৰিখে কলগাছিয়াত আশা কৰ্মী
সাংগঠনিক ভাৱে তেনে মন্তব্যৰ বিৰোধিতাও কৰিছে।
কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আশা কৰ্মী সকলৰ এই প্ৰতিক্ৰিয়াক কেন্দ্ৰ কৰি কিছু সংখ্যক 'বিজ্ঞলোকে' সামাজিক মাধ্যমত অহেতুক মন্তব্য কৰা দেখা গৈছে। যিসকলে তেনে মন্তব্য কৰিছে, তেওঁলোকৰ 'সচেতনতা' দেখি অভিভূত হৈছোঁ।
কিন্তু এই বিশেষ ব্যক্তিবৰ্গলৈ অনুৰোধ তেওঁলোকে যেন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আশা কৰ্মী সকলে কেনে ধৰণে কৰ্মৰ পথাৰত আৰু ঘৰতো চৰকাৰী বিভাগীয় কামৰ বাবে ব্যস্ত থাকিবলগীয়া হয় সেই বিষয়ে এবাৰ খবৰ লয় । তেওঁলোকে খবৰ ৰখাটো অত্যন্ত জৰুৰী:
আশাকৰ্মী সকলে কি পৰিস্থিতিত কাম কৰি আছে ? আৰম্ভণিতে
আশা সকলৰ কামৰ সংখ্যা আছিল মাত্ৰ তিনিটা। কিন্তু সম্প্ৰতি
তেওঁলোকৰ তালিকা বহিৰ্ভূত কামৰ সংখ্যা ৮৪টা হৈছে । আপোনাৰ পৰিয়ালৰ বোৱাৰী বা মাতৃ গৰ্ভৱতী হোৱাৰ প্ৰথম মাহৰ পৰা সন্তান প্ৰসৱ হোৱা লৈ আৰু শিশুৰ ১৪বছৰ বয়সলৈকে বিভিন্ন টিকা আৰু স্বাস্থ্যৰ যত্ন ল'বলগীয়া হয়। গৰ্ভৱতী মহিলাক সন্তান প্ৰসবৰ সময়ত চৰকাৰী চিকিৎসালয়ত লৈ যোৱাটো বাধ্যতামূলক। চৰকাৰী চিকিৎসালয়ত নগলে আশা বান্ধৱী সকলে কমিশ্যনৰ নাপায়। তেনেক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাক ব্যক্তিগত চিকিৎসালয়ত লৈ যায় কিয়? আপোনালোকে গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশুক চৰকাৰী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰিলে আশা কৰ্মীয়ে কেতিয়াও ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱাৰ সুযোগ নাপায় আৰু আপোনালোকে প্ৰকাশ কৰা তথাগত দালালি কৰাৰ সুযোগ নাপায় । আপোনাৰ পৰিয়ালৰ ৰক্ষা কৰিবলৈ
তেওঁলোকে স্বাস্থ্য বিভাগ বহিৰ্ভূত কামও কৰিবলৈ বাধ্য হয়।
আশা কৰ্মী সম্পৰ্কে বিৰূপ মন্তব্য কৰা এই দেশপ্ৰেমী সকললৈ অনুৰোধ তেওঁলোকে যেন খবৰ লয়, একোগৰাকী আশা কৰ্মীৰ হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত মাহিলী মাননি মাত্ৰ ১০০০ টকা আৰু কমিছন হে পায়।?
আশা কৰ্মী সকলে তেওঁলোকৰ মাননিৰ টকা কেইমাহৰ পিছত পায় ?
প্ৰতি ৪/৫ মাহৰ বকেয়া হৈ থকা মাননি আদায়ৰ বাবে কিয় আন্দোলন কৰিবলগীয়া হয় ?
আশা কৰ্মী সকলৰ বাবে সামাজিক সুৰক্ষাৰ ব্যবস্থা কি কি আছে ?
আশাকৰ্মী সকলে তেওঁলোকৰ ৰোগীৰ বাবে প্ৰয়োজনীয় লেবৰেটৰী পৰীক্ষাৰ ব্যৱস্থাবোৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত নাথাকিলে বিকল্প কি ব্যবস্থা গ্ৰহণ কৰা উচিত ?।আশা কৰ্মীয়ে গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশু তিলে তিলে অবাঞ্চিত মৃত্যুৰ ফালে ঠেলি দিয়াটো বিচাৰে নেকি? গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰু শিশু আপোনালোকৰ পৰিয়ালৰে।আশা কৰ্মী সকলৰ অক্লান্ত পৰিশ্ৰমৰ আৰু সজাগতাৰ বাবে ২০০৬চনৰ পৰা ২০২৬ চনলৈ গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰুশিশু মৃত্যুৰ হাৰ ৮২শতংশ কমিছে।
আশা কৰ্মী সকলৰ বিষয়ে বিৰূপ মন্তব্য কৰা বিজ্ঞজনে এই সকলো বিষয়ে জানিহে কোনো মন্তব্য কৰা উচিত আছিল। নহ'লে অনুচিত মন্তব্য কৰি আশা কৰ্মী সকলৰ সন্মান হানি কৰাৰ কোনো অধিকাৰ নাই । সামাজিক মাধ্যমত
মন্তব্যকাৰী বিজ্ঞসকলে জনা উচিত যে আশা কৰ্মী সকল তেওঁ লোকৰ নিষ্ঠা সহকাৰে কামৰ বাবে ইতিমধ্যে চৰকাৰী ভাবে, বিশিষ্ট ব্যক্তি, সংগঠন আদিৰ পৰা বহুলভাৱে প্ৰশংসিত। আশা কৰ্মী সকলে অহোপুৰুষাৰ্থ কৰি অৰ্জন কৰা এই সুনাম ম্লান কৰাৰ চেষ্টা নকৰিব। আশা কৰ্মী সকলে এহাতে নিষ্ঠা সহকাৰে জনসাধাৰণৰ তৃণমূল স্তৰত দায়িত্ব সহকাৰে জনস্বাস্থ্যৰ কাম কৰি থাকিব, আনহাতেদি আশা কৰ্মী সকলৰ বিৰুদ্ধে কোনো অন্যায় সহ্য কৰা নহ'ব।
ধন্যবাদ
সৰস্বতী মেধি
সম্পাদিকা
ছাহিদা খাতুন
সভানেত্ৰী