Pratishruti Cancer & Palliative Trust

Pratishruti Cancer & Palliative Trust To minimize the impact of Cancer in the community by providing Cancer Awareness, Early Detection Camp, Patient Care and Palliative Care, Cancer information

Cancer awareness programme and HPV vaccination at Dhemaji on 12-04-2026
12/04/2026

Cancer awareness programme and HPV vaccination at Dhemaji on 12-04-2026

05/04/2026
ইংৰাজী ২১-০৩-২০২৬ তাৰিখে শদিয়াৰ উদয়পুৰ গাঁ‌ৱত কেন্সাৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়  প্ৰতিশ্ৰুতি আৰু অসম বিজ্ঞান প্ৰযুক্তিব...
22/03/2026

ইংৰাজী ২১-০৩-২০২৬ তাৰিখে শদিয়াৰ উদয়পুৰ গাঁ‌ৱত কেন্সাৰ সজাগতা সভা অনুষ্ঠিত কৰা হয় প্ৰতিশ্ৰুতি আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ ম্ৰ উদ্যোগত। প্ৰতিশ্ৰুতিত হৈ ডাঃ দ্বীপশিখা ঠেঙাল,পান্না ভৰালী,দিপীকা দত্ত বৰদলৈ,সীমান্ত ফুকন,ভদ্ৰাৱতী দাস উপস্থিত থাকে। লগতে উক্ত গাঁ‌ৱৰ গাঁ‌ও প্ৰধান ৰিশি দেউৰী,CHO লোহিত দেউৰী,আশা কৰ্মীৰ লগতে গাঁ‌ৱৰ ৩৫ গৰাকী ব্যক্তি উপস্থিত থাকে। ডাঃদ্বীপশিখা ঠেঙালে কেন্সাৰ ৰোগৰ --মুখ গহ্বৰ ,স্তন আৰু জৰায়ুগ মুখৰ কেন্সাৰ ৰোগৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰাৰ উপৰিও কেন্সাৰৰ ভুল ধাৰণা,অন্ধবিশ্বাস আদিৰ
বিষয়েও উওস্থিত ৰাইজক
বুজোৱা হয়।
HPV প্ৰ্তিষেধকৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰা হয়।
উপস্থিত মহিলাসকলক self breast examination শিকোৱা হয়।
উক্ত সভাত আমাৰ ৰেজিষ্টাৰ ৰোগী তৰামাই দেউৰী আৰু তেখেতৰ পৰিয়াল বৰ্গও উপস্থিত থাকে।

04-02-2026 তাৰিখে মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব কৰ্কট দিৱস সফলতাৰে উদযাপন কৰা হয় । প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পে...
05/02/2026

04-02-2026 তাৰিখে মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব কৰ্কট দিৱস সফলতাৰে উদযাপন কৰা হয় । প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট, ডিব্ৰুগড় আৰু মাজুলী মহাবিদ্যালয়ৰ মহিলা সবলীকৰণ কোষে( Majuli College Women Empowerment cell) যুটীয়াভাৱে আয়োজন কৰা এই অনুষ্ঠানত মহাবিদালয়ৰ আভ্যন্তৰিণ মান নিৰূপণ কোষেও( IQAC) সক্ৰিয় সহযোগিতা আগবঢ়াই।
প্ৰায় ২৪০ জন লোকে অংশগ্ৰহণ কৰা সভাখন মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্ৰী শ্ৰী প্ৰমিতা ৰাজখোৱাকে প্ৰমুখ্য কৰি শ্ৰী প্ৰশান্ত শইকীয়া, শ্ৰী অজিত শইকীয়া আদি জেষ্ঠ্য অধ্যাপক, অনান্য শিক্ষক, কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড. অনন্যা বৰুৱা আৰু প্ৰতিশ্ৰুতিৰ কাৰ্যবাহী সদস্য পদুম পোনা বৰুৱাই আঁত ধৰা অনুষ্ঠানত সমল ব্যক্তি ৰূপে প্ৰতিশ্ৰুতিৰ উপ-সভানেত্ৰী ডা: ৰীণা আহমেদে স্তন, মুখগহ্বৰ আৰু জৰায়ু কেন্সাৰৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা আগবঢ়াই, ৰোগৰ লক্ষণ, পৰীক্ষা, প্ৰতিৰোধী ব্যৱস্হা গ্ৰহণ আদি বিষয়ৰ ওপৰত সমবেত লোকসকলক অতি প্ৰাঞ্জল ভাষাৰে বুজাই দিয়ে। আনজন সমল ব্যক্তি ডা: গৌৰীশংকৰ বৰগোহাঁইয়ে উপশমী সেৱাৰ বিষয়ে আৰু কেন্সাৰ ৰোগৰ ক্ষেত্ৰত প্ৰয়োজনীয় সামাজিক সজাগতা সম্পৰ্কে বাখ্যা আগবঢ়াই। সম্পাদিকা পান্না ভড়ালীয়ে প্ৰতিশ্ৰুতিৰ সমগ্ৰ কাৰ্যাৱলীৰ বিষয়ে অতি বিশদভাৱে দৰ্শকক বাখ্যা দাঙি ধৰে।
সভাত উপস্থিত থাকি মাজুলীৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক শ্ৰী কিশোৰ কুমাৰ কামানে মাজুলীত কেন্সাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কে আৰু আন প্ৰাসংগিক বিষয়ত বক্তব্য প্ৰদান কৰে। অধ্যাপিকা অনন্যা বৰুৱাই কেন্সাৰ ৰোগত আক্ৰান্ত লোকৰ পৰিয়ালৰ লোকৰ অভিজ্ঞতা বৰ্ণনা কৰে। সাংবাদিক শ্ৰী তীৰ্থ ভুঞাই সভাত বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানটোত প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা উপ-সভাপতিদ্বয় ডা: ৰীণা আহমেদ, ডা: গৌৰীশংকৰ বৰগোহাঁই, ডা: প্ৰবীণ ঠাকুৰ, সম্পাদিকা পান্না ভড়ালী, সদস্য ক্ৰমে পদুম পোনা বৰুৱা, দীপিকা বৰদলৈ, সীমান্ত ফুকন, হিম্মত চৌধুৰী আৰু নফিছা জিন্নত হেকিমে অংশগ্ৰহণ কৰে। সভাত মাজুলী চিকিৎসালয়ৰ অধীক্ষক ডা: মাণিক মিলিয়েও অংশগ্ৰহণ কৰে।

03/02/2026
অসম গ্ৰন্থমেলাত (০৪-০১-২০২৬)ত প্ৰতিশ্ৰুতিৰ অনুষ্ঠান
05/01/2026

অসম গ্ৰন্থমেলাত (০৪-০১-২০২৬)ত প্ৰতিশ্ৰুতিৰ অনুষ্ঠান

সকলোকে উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ‌।
31/12/2025

সকলোকে উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ‌।

28-12-2025 তাৰিখে গহপুৰত বিধায়ক উৎপল বৰা  মহোদয়ৰ আত্ম প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা HPV vaccination Drive...
29/12/2025

28-12-2025 তাৰিখে গহপুৰত বিধায়ক উৎপল বৰা মহোদয়ৰ আত্ম প্ৰচেষ্টাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা HPV vaccination Drive অনুষ্ঠানটো অতি সুন্দৰভাৱে সফল হয়। ৩০ গৰাকী কন্যাক ভেকচিন প্ৰদান কৰা হয়।
ইয়াৰ বাবে বিধায়ক মহোদয়ৰ লগতে তেখেতৰ সুযোগ্যা কন্যা ডা:দেৱাশৰ্ণা বৰাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে কনকলতা অসামৰিক চিকিৎসালয়ৰ কৰ্মকৰ্তাসকলকো অশেষ ধন্যবাদ জনাইছো, তেখেতসকলে অতি সুন্দৰভাৱে সহযোগিতা কৰি অনুষ্ঠানতো সাফল্যমন্ডিত কৰি তুলিলে।

Address

Dibrugarh
786003

Alerts

Be the first to know and let us send you an email when Pratishruti Cancer & Palliative Trust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share