সদৌ সোনোৱাল কছাৰী যুৱমঞ্চAll Sonowal Kachari Youth Forum - ASKYF

  • Home
  • India
  • Dibrugarh
  • সদৌ সোনোৱাল কছাৰী যুৱমঞ্চAll Sonowal Kachari Youth Forum - ASKYF

সদৌ সোনোৱাল কছাৰী যুৱমঞ্চAll Sonowal Kachari Youth Forum - ASKYF Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সদৌ সোনোৱাল কছাৰী যুৱমঞ্চAll Sonowal Kachari Youth Forum - ASKYF, Youth Organization, Dibrugarh.

বৰ্ত্তমানৰ মূল্যবোধহীন ৰাজনৈতিক পৰিবেশৰ সলনি আমাৰ সোনোৱাল কছাৰী সমাজৰ যুৱক- যুৱতী সকলৰ লগতে নিবনুৱা আৰু পিছপৰা সকলক মূল লক্ষ্য হিচাপে লৈ সমাজ হিতকৰ সুস্হ তথা মূল্যবোধৰ সাহসী নৱপ্ৰজন্মৰ উকৃষ্ট পথ পদৰ্শনৰ বাবে ২ এপ্ৰিল,২০১৭ তাৰিখে এক ঐতিহাসিক ক্ষণত 'সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চ" ৰ জন্ম হয়। সোনোৱাল কছাৰী জাতিটোৰ সকলোধৰণৰ চিন্তা আৰু পৰিকল্পনা বাস্তাৱায়িত কৰাৰ ক্ষেত্ৰত সমাজখনৰ সমূহ যুৱক-যুৱতী সকলৰ লগতে ন

িবনুৱা সকলক সুসংগঠিত কৰি তোলাৰ প্ৰয়োজনীয়তাক বৰকৈ অনুভৱ কৰা হৈছে। যিহেতু আমাৰ যুৱক-যুৱতী সকলেই আমাৰ সমাজখনৰ আটাইতকৈ শক্তিশালী অংগ, সেয়ে আমাৰ সমাজখনলৈ ৰূপান্তৰ আনিবলৈ হ'লে এই শক্তিশালী অংগস্বৰূপ যুৱক-যুৱতীসকলৰ ঐক্যবদ্ধ চেতনাৰে পৰিচালিত হ'ব পৰাকৈ তেওঁলোক সু-সংগঠিত হ'বই লাগিব। আমি এই কথা উদ্বিগ্নতাৰে লক্ষ্য কৰি আহিছোঁ যে আমাৰ সমাজখনলৈ প্ৰত্যাহ্বানসমূহৰ সন্মুখত দৃঢ়তাৰে আৰু ঐক্যবদ্ধতাৰে থিয় দিব পৰাকৈ আমাৰ মাজত এই পৰ্যন্ত পূৰ্ণাংগ ৰূপত এটা যুৱ সংগঠন গঢ় লৈ উঠিব পৰা নাই। বহু সময়ত ৰাজনৈতিক কাৰণবিলাকে এইক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে।সেয়ে এনে দুৰ্ভাগ্যজনক পৰিস্হিতিৰ পৰা আমাৰ সমাজখনক মুক্তি দি,ৰাজনৈতিক ক্ষেত্ৰখনত সম্পুৰ্ণ স্বাভিমানী সত্তাৰে পৰিচালিত হ'ব পৰাকৈ আমাৰ জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকললৈ এটা সু-সংগঠিত 'সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চ" ৰ জন্ম। এই সংঠনটোৱে অনাগত দিনত সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চৰ লক্ষ্য উদ্দেশ্য আৰু আদৰ্শক আমাৰ সমাজখনত বলীষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰি,আপোচহীন মানসিকতা তথা স্বাভিমানী চেতনাৰে পৰিচালিত হ'লে আমাৰ সমাজখনে নিজৰ ৰাজনৈতিক শক্তি আহৰণ কৰাত নিশ্চয়কৈ সফলতাৰ শিষৰত জাতিটোক প্ৰতিষ্ঠা কৰাব পাৰিম।
আমি আন্তৰিকতাৰে আশা কৰিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ সোনোৱাল কছাৰী যুৱ বন্ধু সকলে সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চত যোগদান কৰি গভীৰ চিন্তা-চেতনাৰে পৰ্যালোচনা কৰি বস্ত্তনিষ্ঠ মাধ্যমেৰে যোগাত্মক সিদ্ধান্তত উপনীত হৈ ইতিবাচক সহযোগিতা একান্তই আমি কামনা কৰিলো।
-জয়তু সোনোৱাল কছাৰী-
-জয়তু সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চ

বাতৰিৰ বতৰা-৯/০৩/২০২৪
10/03/2024

বাতৰিৰ বতৰা-
৯/০৩/২০২৪

সোনোৱাল কছাৰী সাহিত্যিক ডুমডুমা  হুনল্লাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক লভিত কুমাৰ শইকীয়া আজি ডিব্ৰুগড়ত চিক...
08/03/2024

সোনোৱাল কছাৰী সাহিত্যিক ডুমডুমা হুনল্লাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক লভিত কুমাৰ শইকীয়া আজি ডিব্ৰুগড়ত চিকিৎসা ধিন হৈ থকা অৱস্থা ইহলীলা সম্বৰণ কৰে৷ তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

আন্তৰ্জাতিক নামৰ দিৱসৰ শুভেচ্ছাৰে।
08/03/2024

আন্তৰ্জাতিক নামৰ দিৱসৰ শুভেচ্ছাৰে।

বাতৰিৰ বতৰা-©সোনোৱাল কছাৰী সকলৰ ধৰ্মীয় ধ্বজাবাহক খ্ৰীং খ্ৰীং বাইথ' পূজাত চৰকাৰী বন্ধৰ দাৱী। #অসমীয়াপ্ৰতিদিন ২৩/০২/২০২৪
24/02/2024

বাতৰিৰ বতৰা-
©সোনোৱাল কছাৰী সকলৰ ধৰ্মীয় ধ্বজাবাহক খ্ৰীং খ্ৰীং বাইথ' পূজাত চৰকাৰী বন্ধৰ দাৱী।
#অসমীয়াপ্ৰতিদিন ২৩/০২/২০২৪

বাতৰিৰ বতৰা-অসম বাৰ্তা -২৩/০২/২০২৪
23/02/2024

বাতৰিৰ বতৰা-
অসম বাৰ্তা -২৩/০২/২০২৪

বিহু শিল্পী সংস্থা, অসমৰ জ্যেষ্ঠ বিহুৱা জয়ন্ত সোনোৱাললৈ বিহু ৰত্ন, ২০২৪ বঁটা ২৪ ফেব্ৰুৱাৰীত বঁটা প্রদান ।জ্যেষ্ঠ বিহুৱা ...
22/02/2024

বিহু শিল্পী সংস্থা, অসমৰ
জ্যেষ্ঠ বিহুৱা জয়ন্ত সোনোৱাললৈ বিহু ৰত্ন, ২০২৪ বঁটা ২৪ ফেব্ৰুৱাৰীত বঁটা প্রদান ।
জ্যেষ্ঠ বিহুৱা জয়ন্ত সোনোৱাললৈ বিহু ৰত্ন, ২০২৪ বঁটা আগবঢ়াইছে বিহু শিল্পী সংস্থা, অসমে। বিভিন্ন জিলা সমিতিয়ে নির্বাচন কৰি পঠোৱা বহুকেইগৰাকী বিশিষ্ট বিহু শিল্পীৰ মাজৰ পৰা আঠজনীয়া বিচাৰক মণ্ডলীয়ে বিহু ৰত্ন, ২০২৪ বঁটাৰ বাবে জয়ন্ত সোনোৱালক নির্বাচন কৰে। অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ৰংগমঞ্চ প্রেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহু শিল্পী সংস্থা, অসমৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ মুকলি সভাত সোনোৱাললৈ বিহু ৰত্ন আগবঢ়াব ।জয়ন্ত সোনোৱাল ডাঙৰীয়ালৈ আমি যাছিলো আন্তৰিক অভিনন্দন ।

বাতৰিৰ বতৰা-২১/০২/২০২৪ #অসমীয়াপ্ৰতিদিন
21/02/2024

বাতৰিৰ বতৰা-
২১/০২/২০২৪
#অসমীয়াপ্ৰতিদিন

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত ২০২৪ বৰ্ষৰ পৰীক্ষাৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থী...
16/02/2024

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত ২০২৪ বৰ্ষৰ পৰীক্ষাৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জনালোঁ।

ভূমিপুত্ৰ মিচিং সকলৰ হেঁপাহৰ উৎসৱ আলি আয়ে লৃগাং উপলক্ষে হিয়াভৰা শুভেচ্ছা যাচিছোঁ।ঐনিতমৰ সুৰ আৰু গুমৰাগৰ ছন্দত অসমবাসীৰ...
14/02/2024

ভূমিপুত্ৰ মিচিং সকলৰ হেঁপাহৰ উৎসৱ আলি আয়ে লৃগাং উপলক্ষে হিয়াভৰা শুভেচ্ছা যাচিছোঁ।
ঐনিতমৰ সুৰ আৰু গুমৰাগৰ ছন্দত অসমবাসীৰ মাজত ভ্ৰাতৃত্ববোধৰ বান্ধোন অধিক কটকটীয়া হওক,তাৰেই কামনা কৰিছোঁ।

টাই আহোমসকলে অতীজৰে পৰা মে-ডাম-মে-ফী পালন কৰি আহিছে । মে মানে পূজা ,ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা অৰ্থাৎ মে-ডাম-ম...
31/01/2024

টাই আহোমসকলে অতীজৰে পৰা মে-ডাম-মে-ফী পালন কৰি আহিছে । মে মানে পূজা ,ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষসকলৰ পূজা অৰ্চনা কৰা । গতিকে এই প্ৰবিত্ৰ দিনটোত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।

কৃষিভিত্তিক "বুচু ডিমা" উৎসৱে ডিমাছা জনগোষ্ঠীৰ বুকুত প্ৰতিবছৰে নতুন আশা, উদ্দীপনা আৰু কৰ্মচেতনাৰ সঞ্চাৰ কৰে। এই উৎসৱৰ সৈ...
27/01/2024

কৃষিভিত্তিক "বুচু ডিমা" উৎসৱে ডিমাছা জনগোষ্ঠীৰ বুকুত প্ৰতিবছৰে নতুন আশা, উদ্দীপনা আৰু কৰ্মচেতনাৰ সঞ্চাৰ কৰে। এই উৎসৱৰ সৈতে জড়িত হৈ আছে জনগোষ্ঠীটোৰ যুগ যুগৰ বিশ্বাস, লোকাচাৰ আৰু পৰম্পৰা।

আজি "বুচু ডিমা" উপলক্ষে ডিমাছা ভাতৃ-ভগ্নীসকলক মোৰ হিয়াভৰা ওলগ যাচিলোঁ।

Address

Dibrugarh
786005

Telephone

+918474033637

Website

Alerts

Be the first to know and let us send you an email when সদৌ সোনোৱাল কছাৰী যুৱমঞ্চAll Sonowal Kachari Youth Forum - ASKYF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সদৌ সোনোৱাল কছাৰী যুৱমঞ্চAll Sonowal Kachari Youth Forum - ASKYF:

Share