AJYCP Dibrugarh University Unit

AJYCP Dibrugarh University Unit অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ✊

26/07/2026

| The Dibrugarh district committees of the Asom Jatiyatabadi Yuba Chatra Parishad (AJYCP) staged a sit-in pr*test in Dibrugarh town on monday, raising a series of demands related to Assam's recurring flood and river erosion cr!sis.

The protesters urged the government to declare Assam's flood and river erosion situation a national issue and called for a permanent, scientific solution to the state's recurring floods and erosion problems.

They also demanded a complete waiver of agricultural loans for farmers affected by floods and river erosion, stating that repeated natural disasters have severely impacted the livelihoods of farming communities.

The demonstration witnessed the participation of AJYCP members, who raised slogans in support of their demands and urged the government to take immediate action on the longstanding issues.

ঐতিহ্যমণ্ডিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা! 💐বৰ্ণাঢ্য অসমীয়া সংস্কৃতিৰ ম...
01/06/2026

ঐতিহ্যমণ্ডিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা! 💐

বৰ্ণাঢ্য অসমীয়া সংস্কৃতিৰ মহামিলন ভূমি, বিভিন্ন জাতি-জনগোষ্ঠীৰ সামাজিক-সাংস্কৃতিক বৈশিষ্ট্যৰে সমৃদ্ধ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ সদৰ গড়মূৰত অৱস্থিত 'মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়'।

আজি এই পবিত্ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় পৰিয়ালৰ সমূহ সদস্য, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীলৈ জ্ঞাপন কৰিলোঁ আন্তৰিক ওলগ আৰু শুভেচ্ছা।বিশ্বমুখী যাত্ৰাৰে এই বিশ্ববিদ্যালয়ে মাজুলীৰ লগতে সমগ্ৰ অসমৰ নাম বিশ্ব দৰবাৰত উজলাই তুলিবলৈ সক্ষম হ’ব বুলি মোৰ দৃঢ় বিশ্বাস। আপোনালোকৰ ঐকান্তিক প্ৰচেষ্টাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে অসমৰ বাৰেবৰণীয়া আৰু সমৃদ্ধিশালী সংস্কৃতিৰ শিক্ষা তথা গৱেষণাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰক তাৰে কামনা কৰিলোঁ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইছলাম ধৰ্মী ছাত্ৰ সমাজে আয়োজন কৰা 'দাৱাত-এ-ইফতাৰ' (Daawat-e-Iftaar) অনুষ্ঠানত আজি আমি উপস্থিত ...
18/03/2026

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইছলাম ধৰ্মী ছাত্ৰ সমাজে আয়োজন কৰা 'দাৱাত-এ-ইফতাৰ' (Daawat-e-Iftaar) অনুষ্ঠানত আজি আমি উপস্থিত থাকোঁ। অনুষ্ঠানটোত সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰে। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ সতীৰ্থসকলেও এই অনুষ্ঠানত সক্ৰিয়ভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আশা কৰিছোঁ, অনাগত দিনবোৰত এই অনুষ্ঠানটোৱে অধিক সাফল্য লাভ কৰিব আৰু ঐক্য-সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন হৈ ৰ’ব।

19/12/2025

"এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান। ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবিনাৰ তান"__অম্বিকাগিৰী ৰায়চৌধুৰী।

অসমৰ সাহিত্যৰ আকাশৰ চিৰ-উজ্জ্বল নক্ষত্ৰসদৃশ এটি নাম অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ৷ অসম কেশৰী ৰায়চৌধুৰীদেৱে কথাৰে নহয় কামৰ জৰিয়তে জন্মভূমিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ সাহিত্যিক, গীতিকাৰ, দেশপ্ৰেমিক, বৰেণ্য ৰায়চৌধুৰীদেৱক ওপজা দিনত গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when AJYCP Dibrugarh University Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share