07/08/2026
ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছ (BFFSR&LP)-ৰ MpowerHer কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাৰ ছোৱালী আৰু মহিলাসকলে নিটিং আৰু কাটিং প্ৰশিক্ষণৰ জৰিয়তে টপ, কুৰ্তি আৰু বেবী ফ্ৰক আদি মহিলা পোছাক প্ৰস্তুতৰ দক্ষতা গঢ়ি তুলিছে।
এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক দক্ষতা, আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাৰে শক্তিশালী কৰি তোলা। হাতে কামে প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নিজৰ প্ৰতিভা আৰু দক্ষতাক আয়মুখী জীৱিকাৰ সুযোগলৈ ৰূপান্তৰিত কৰাৰ দিশত আগবাঢ়িছে।
দক্ষতা গঢ়ি তুলি, আত্মবিশ্বাস বৃদ্ধি কৰি, আত্মনিৰ্ভৰশীল ভৱিষ্যৎ গঢ়ি তোলাৰ দিশে এক দৃঢ় পদক্ষেপ।