19/07/2026
🙏🙏🙏
● শোণিতপুৰ জিলাৰ, বুঢ়াচাপৰিৰ এটি সৰু পৰিয়ালত ১৯৫৯ চনৰ ১৯ জুলাইৰ দিনা তেওঁৰ জন্ম হয়।
●তেখেতৰ দেউতাৰ নাম শ্ৰী অমৰ উপাধ্যায় আৰু মাকৰ নাম শান্তি দেৱী |
●প্ৰাথমিক স্কুলৰ দেওনা পাৰ হৈ বৈজয়ন্তীয়ে শ্বিলংৰ জেইল ৰোডৰ ছোৱালী হাইস্কুলত পঢ়ে,পাছত তেজপুৰৰ বহুমুখী ছোৱালী কণ্যাবিদ্যালয়ত ভৰ্ত্তি হয় |
●বাল্যকালৰ পৰাই তেওঁ সাংস্কৃতিক দিশত অনুৰাগী আছিল। সেয়েহে তেওঁ শিক্ষাৰ লগে লগে আগবঢ়াই নিছিল সাংস্কৃতিক জীৱন ।
●তেখেতে অসমৰ বিভিন্ন ঠাইত নৃত্য, গীত পৰিবেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল |
●১৯৭৫ চনত তেখেতে অৰুণাচলত অনুষ্ঠিত হোৱা, অসম অৰুণাচল ছাত্ৰৰ সাংস্কৃতিক বিনিময় সন্মিলনত তেওঁ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল |
●১৯৭৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন গীত-মাত আৰু বিহু পৰিবেশন কৰি যথেষ্ট কৃতিত্ব অৰ্জন কৰিছিল |
●সেই সন্মিলনত অংশ গ্ৰহণ কৰা সেইসময়ৰ অসমৰ মূখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই বৈজয়ন্তী দেৱীৰ বিহু নৃত্যত মুগ্ধ হৈ ভাষণ প্ৰসঙ্গত কৈছিল,
“বৈজয়ন্তী দেৱীয়ে অসমৰ কলা সংস্কৃতিক আঁকোৱালি লৈ বিকাশৰ কাৰণে যি চেষ্টা চলাইছে, ঠিক সেইদৰে অন্যান্য জনগোষ্ঠীৰ উঠি অহা প্ৰজন্ময়ে যাতে বৈজয়ন্তী দেৱীৰ আদৰ্শেৰে অনুপ্ৰাণিত হয়"।
(বৈজন্তী দেৱীৰ চমু জীৱন,জিতু হাজৰিকা, বৈজয়ন্তী দেৱী সোঁৱৰণী গ্ৰন্থৰ পৰা )
●তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত চান্দমাৰী স্বেচ্ছাসেৱক বাহিনীৰ সক্ৰিয় সদস্যা আছিল বৈজয়ন্তী দেৱী।
●অসম আন্দোলনৰ আৰম্ভণিৰে পৰাই প্ৰতিটো কাৰ্য্যসূচীতে সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰিছিল |
●এই গৰাকী সক্ৰিয় সদস্যাই "ৰণশিঙা দিৱস"ৰ দিনা শঙ্খ বাদন কৰি সমস্ত গণ আন্দোলনকাৰীক সক্ৰিয় কৰি তুলিছিল।
● সেইদিনাই তেজপুৰৰ জজফিল্ডৰ ওচৰত,সমদল কৰি থকা অৱস্থাত শঙ্খ বাদনৰ ফলত মস্তিষ্ক আক্ৰান্তত অসুস্থ হৈ পৰে আৰু তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
●১৯৮০ চনৰ ১৬ আগষ্ট শনিবাৰে নিশা ৮:১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে |
●বৈজয়ন্তী দেৱী এগৰাকী স্পষ্টবাদী, অমায়িক মহিলা আছিল।
●গোৰ্খা আইৰ কোলাৰ পৰা জন্মগ্ৰহণ কৰিলেও, অসমীয়া আইৰ প্ৰতি অশেষ মৰম আৰু শ্ৰদ্ধাৰ বাবে এইগৰাকী সুযোগ্য সন্তানে আইৰ কৰুণ বিননি শুনি আগবাঢ়ি আহিছিল অসমী আইক উদ্ধাৰ কৰিবলৈ ।
● বৈজয়ন্তী দেৱীৰ মৃত্যুত অসমে এগৰাকী শিল্পী আৰু সক্ৰিয় আন্দোলনকাৰীক হেৰুৱালে | অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বৈজয়ন্তী দেৱীয়ে প্ৰথমৰ পৰাই সক্ৰিয়ৰূপত সহযোগিতা আগবঢ়াইছিল ।
●এগৰাকী সফল শ্লোগানকাৰী হিচাপে তেখেতে গোটেই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছিল |
●তেখেতৰ স্মৃতিতেই চান্দমাৰীত "বৈজয়ন্তী দেৱী উদ্যান" স্থাপন কৰা হৈছে।
সংগ্ৰহ--বিনীতা মিশ্ৰ