15/05/2022
যোৱা কালি ইং ১৪/০৫/২০২২ তাৰিখে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ দাদা ডিব্ৰুগড়ত উপস্থিত থাকে । ডিব্ৰুগড়ৰ চাউলখোৱাত অৱস্থিত সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ লগতে ডিব্ৰুগড় জিলা সমিতি আৰু আমছু ডিব্ৰুগড় জিলা মহিলা সমিতিৰ সন্মানীয় বিষয় ববীয়া সকল উপস্থিত থাকে । সভাত সন্মানীয় সভাপতি ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট বক্তা সকলে সাংগঠনিক দিশত নিজৰ বক্তব্য ৰাখে । উক্ত সভাত সন্মানীয় কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াক জিলা মহিলা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয় ।