Adivasi of Assam

Adivasi of Assam No one can motive you until you motive yourself

https://youtu.be/Ot-stZf4jLU?si=anWHSjNfIuOzzzeB
17/12/2025

https://youtu.be/Ot-stZf4jLU?si=anWHSjNfIuOzzzeB

​झारखंड और ओडिशा में जो 'आदिवासी' (ST) हैं, असम आते ही वो 'Tea Tribe' या 'Coolie' कैसे बन जाते हैं?Part 1 में आपने देखा था हमारा संघर्ष, इस ...

05/12/2025
01/12/2025

আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৩৮টা জাতিৰ অনুসূচিত জাতি (SC) মৰ্যাদাৰ প্ৰস্তাৱ ২০১২ চনতে প্ৰেৰণ কৰা হৈছিল!

ৰাইজ, এক অতি গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে! ২৯ নৱেম্বৰ, ২০২৫ তাৰিখে অসম বিধান সভাত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদনত স্পষ্ট হৈছে যে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৩৮টা জাতিৰ নাম SC (অনুসূচিত জাতি) মৰ্যাদাৰ বাবে ২০১২ চনতে ভাৰত চৰকাৰৰ Ministry of Tribal Affairs-লৈ পঠিওৱা হৈছিল।

এই বিষয়ে অসম চৰকাৰৰ মন্ত্ৰী গোটে ২৯ নৱেম্বৰ, ২০২৫ তাৰিখে অসম বিধান সভাত গ্ৰহণ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি (অনুচ্ছেদ ৪.২.২, পৃষ্ঠা ২৩) ২০১২ চনৰ ১২ জানুৱাৰীত (Letter No. TAD/BC/323/2008/Pt-1/5) অসম চৰকাৰে ৭৪টা সম্প্ৰদায়ৰ Ethnographic Report কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল। ইয়াৰে ৩৬টা জনজাতি (ST) আৰু ৩৮টা অনুসূচিত জাতিৰ (SC) বাবে আছিল ।

প্ৰতিবেদনখনৰ 4.2.2 অনুচ্ছেদত (পৃ. ২৩) উল্লেখ আছে এনেদৰে -- Ethnographic Reports containing 74 (36 nos of ST status and 38 nos for SC status) of Tea & Ex-Tea Garden Communities submitted by the Expert Committee were forwarded to the Minitry of Tribal Affairs, Govt of India video letter No. TAD/BC/323/2008/Pt-1/5dated 12-01-2012 for inclusion of ST/SC.

এই বিষয়টো এতিয়া আমি সমান্তৰালভাৱে আগুৱাই নিব লাগিব। ৰাইজৰ সক্ৰিয় সহযোগিতা আমি কামনা কৰিছোঁ।

আহক, আমাৰ অধিকাৰৰ হকে মাত মাতোঁ! পোষ্টটো যিমান পাৰে শ্বেয়াৰ কৰক। 🙏

13/11/2025

জনজাতি গৌৰৱ দিৱস প্রতি বছৰ ১৫ নৱেম্বৰ তাৰিখে পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে স্বাধীনতা সংগ্রামত জনজাতিসকলৰ অৱদানক সন্মান জনোৱা। এই দিনটোৱে বৰছা মুণ্ডাৰ জন্ম জয়ন্তীক স্মৰণ কৰে, যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই দিনটোক জনজাতি গৌৰৱ দিৱস হিচাপে ঘোষণা কৰিছে। এই দিনটোত জনজাতিসকলৰ ইতিহাস, সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়া হয়।

দিনটোৰ উদ্দেশ্য: জনজাতি লোকসকলৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ অৱদানক সন্মান জনোৱা।

পালন কৰাৰ কাৰণ: বৰছা মুণ্ডাৰ জন্ম জয়ন্তীক স্মৰণ কৰা।

ঘোষণা: ভাৰত চৰকাৰে ২০২১ চনত এই দিনটোক জনজাতি গৌরব দিৱস হিচাপে ঘোষণা কৰে।

প্ৰচাৰ: এই দিনটোত জনজাতি অধ্যুষিত অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হয়

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when Adivasi of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share