29/03/2026
📌 জিলা কাৰ্যনিৰ্বাহ সভা সফলভাৱে সম্পন্ন
আজি ইং ২৯/০৩/২০২৬ তাৰিখে ধুবুৰী পূব জিলাৰ আক্ৰাছু সমিতিৰ গৌৰাং নগৰ আঞ্চলিক মুখ্য কাৰ্যালয়, বামুন গাঁওত এখন গুৰুত্বপূৰ্ণ জিলা কাৰ্যনিৰ্বাহ সভা সুন্দৰভাৱে অনুষ্ঠিত হয়।
এই সভাত সংগঠনটোক অধিক শক্তিশালী আৰু সুসংগঠিত কৰি আগুৱাই নিয়াৰ উদ্দেশ্যে বিভিন্ন গঠনমূলক আলোচনা অনুষ্ঠিত হয়। উপস্থিত সকলো সদস্যৰ সক্ৰিয় অংশগ্ৰহণে সভাখন সফলতাৰ শিখৰত উপনীত কৰে।
সভাত সভাপতিত্ব কৰে জিলাৰ উপ সভাপতি মাননীয় দেবাশীষ ৰায় ডাঙৰীয়াই আৰু তেওঁৰ দিহা-নির্দেশনাৰে সভাখন সুচাৰুৰূপে পৰিচালিত হয়।
উক্ত সভাত গৰিষ্ঠ সংখ্যক আঞ্চলিক সমিতিৰ সু-দিহা আৰু পৰামৰ্শৰ ভিত্তিত জিলাৰ সাংগঠনিক কাম-কাজ অধিক সুসংগঠিত আৰু সুন্দৰভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱ মৰ্মে জিলাৰ উপ সভাপতি দেবাশীষ ৰায় ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে আৰু যুটীয়া সম্পাদক অজয় বৰ্মন ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে আৰু যুটীয়া সম্পাদক মাননীয় সঞ্জীৱ বৰ্মন ডাঙৰীয়াক সম্পাদক প্ৰস্তাৱ গৃহীত কৰা হয়।