সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা

  • Home
  • India
  • Dhemaji
  • সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা

সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা মূখ্য কাৰ্য্যালয় --- সাধনী ভৱন
নিমাতী চুক,ধেমাজি, অসম ।

ছাত্ৰ সমাজৰ উজ্জ্বল ভৱিষ্যৎ কামনাৰে২০২৬ বৰ্ষৰ সকলো পৰীক্ষাৰ্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা।— সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ধে...
08/02/2026

ছাত্ৰ সমাজৰ উজ্জ্বল ভৱিষ্যৎ কামনাৰে
২০২৬ বৰ্ষৰ সকলো পৰীক্ষাৰ্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা।
— সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ধেমাজি জিলা সমিতি ।

05/01/2026

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত
আজি গোলাঘাট আঠখেলীয়াত সাংস্কৃতিক কৰ্মশালাৰ দৃশ্য।
আজি তৃতীয় দিনা ১০৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে।

অসমৰ আদিম ভূমিপুত্ৰ  চুতীয়া সকলৰ শেষৰ গৰাকী ৰাণী তথা এছিয়া মহাদেশৰ প্ৰথম গৰাকী নাৰী বাহিনী গঠন কৰোতা বীৰাঙ্গনা সাধনীৰ ...
04/12/2025

অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া সকলৰ শেষৰ গৰাকী ৰাণী তথা এছিয়া মহাদেশৰ প্ৰথম গৰাকী নাৰী বাহিনী গঠন কৰোতা বীৰাঙ্গনা সাধনীৰ ওপৰত আধাৰিত “কামৰূপা” নাটখনিয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা ভাৰত ৰঙ্গমঞ্চ আন্তৰাষ্ট্ৰীয় নাট
মহোৎসৱ-2026 ৰ বাবে বাছনি হোৱাৰ খৱৰতো পায় আমি অতিশয় আনন্দিত হৈছোঁ । নাটক খনৰ লগত জড়িত সকলোকে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ।

বিদায় সংগ্ৰামী সতীৰ্থ...পুৱাৰ এটি আকস্মিক দুঃসংবাদে জোকাৰি গ’ল সদৌ অসম চুতীয়া ছাত্ৰ সন্থাক!সদৌ শিৱসাগৰ জিলা চুতীয়া ছাত্ৰ...
02/09/2025

বিদায় সংগ্ৰামী সতীৰ্থ...
পুৱাৰ এটি আকস্মিক দুঃসংবাদে জোকাৰি গ’ল সদৌ অসম চুতীয়া ছাত্ৰ সন্থাক!

সদৌ শিৱসাগৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তপন চুতীয়া দেৱ আজি পুৱা প্ৰায় ৩.৩০ বজাত এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগে। চুতীয়া ছাত্ৰ সন্থাত দীৰ্ঘ সময় নেতৃত্ব বহন কৰা সাহসী, নিষ্ঠাৱান সতীৰ্থক হেৰুৱাই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ দোষত ম্ৰীয়মান! সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ জাতিয়ে আজি এজন সুদূৰ প্ৰসাৰী অক্লান্ত যোদ্ধাক হেৰুৱাইছে। এয়া আমাৰ বাবে অপূৰ্ণ ক্ষতি।

সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়াল বৰ্গৰ হৈ সতীৰ্থক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো।
লগতে আমি শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

ধেমাজি জিলা পৰিষদৰ নৱনিৰ্বাচিত সভাপতি (চেয়াৰমেন) আমাৰ শ্ৰদ্ধাৰ ককাই শ্ৰী ভূপেন চুতীয়া ডাঙৰীয়াক ধেমাজি জিলা চুতীয়া ছা...
06/08/2025

ধেমাজি জিলা পৰিষদৰ নৱনিৰ্বাচিত সভাপতি (চেয়াৰমেন) আমাৰ শ্ৰদ্ধাৰ ককাই শ্ৰী ভূপেন চুতীয়া ডাঙৰীয়াক ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখনি চুতীয়া চেলেং আৰু এটি চুতীয়া পাগুৰিৰে সম্বৰ্দ্ধনা জনোৱা হয় । লগতে ভৱিষ্যত দিনত জাতিৰ লগতে ধেমাজি জিলা খনৰ উন্নয়নৰ স্বাৰ্থত আগুৱাই যাবলৈ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদায় সহযোগীতা প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰা হয়।
আজিৰ এই কাৰ্যসূচীত জিলা সমিতিৰ তৰফৰ পৰা জিলা সভাপতি মিন্টু চুতীয়া, সাধাৰণ সম্পাদক পংকজ চুতীয়া, সাংগঠনিক সম্পাদক হিৰক ভূঞা, বিত্ত সম্পাদক চুচিল চুতীয়া তথা চিচিবৰগাওঁ আঞ্চলিকৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

AACSU ZINDABAD ✊

শ্ৰী মৃদুল চুতীয়াক সভাপতি আৰু শ্ৰী শংকৰ চুতীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ আজি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ আমগুৰি আ...
23/07/2025

শ্ৰী মৃদুল চুতীয়াক সভাপতি আৰু শ্ৰী শংকৰ চুতীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ আজি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা সমিতিখন জিলা সমিতিৰ সভাপতি মিন্টু চুতীয়া, উপ-সভাপতি অৰ্জুন চুতীয়া আৰু সাধাৰণ সম্পাদক পংকজ চুতীয়াৰ উপস্থিতিত গঠন কৰা হয়।

04/07/2025

হায় !
গণতন্ত্ৰ!
এই দেশত আৰু বৰ্তি থাকিবগৈ নে?

বিষয়— আজি একাংশ সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতা-পালি নেতা আৰু জনপ্ৰতিনিধিৰ আগতে অমানুহৰ ৰোষৰ বলি হোৱা চিলাপথাৰৰ যুৱ সাংবাদিক মাধুৰ্য শইকীয়াৰ কথাৰে।

ধেমাজি জিলাৰ অসম-অৰুনাচলৰ সীমান্তবৰ্তী অতি ভিতৰুৱা নিলখ অঞ্চলৰ এটি আৰ্থিকভাৱে দুৰ্বল কৃষকৰ পৰিয়ালৰ সন্তান মাধুৰ্য শইকীয়াই বিশ্ববিদ্যালয়ত গণসংযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লৈ আহি ৰাইজৰ পক্ষত থাকি, ৰাইজৰ বাবে নিৰ্ভীক, নিৰপেক্ষ আৰু সততাৰে কাম কৰিবলৈ ওলাই অহিছিল। বাতৰিৰ বাবে আনে কৰিবলৈ সাহ নকৰা কাম কৰিছিল মাধুৰ্যই। মাফিয়াৰ পৰা ৰাজনৈতিক নেতা, ছাত্ৰ সংগঠনৰ নামত কলংক সনা নেতাবোৰৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল। যোৱা বছৰ গেছ চিলিণ্ডাৰ মাফিয়াই চিলাপথাৰ নগৰৰ মাজ-মজিয়াত দিন দুপৰতে সাংবাদিক মাধুৰ্যক আক্ৰমণ কৰিলে। সকলোৱে চাই থাকিল। দল- সংগঠন, জাতীয় সংগঠনে গিজগিজাই থকা নগৰ, ধেমাজি জিলাৰ দুটা নে তিনিটা সংগঠনৰ বাদে কোনেও গৰিহনা এটাকে নিদিলে। তাতোকৈ ভয়ংকৰ কথা চিলাপথাৰ আৰু ধেমাজি জিলাৰ সাংবাদিক, সাংবাদিক সংগঠন সকলো চুপ হৈ থাকিল!
না গৰিহণা না বাতৰি।
আজি মাধুৰ্যই পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। আজি একাংশ মানুহে কাৰোবাৰ নিৰ্দেশত মাধুৰ্যক আক্ৰমণ কৰোঁতে সেই স্থানতো বহুকেইজন সাংবাদিকে চাই আছিল। সেইসকলো চুপ!
কিয়?
ধিক্কাৰ!

Copy
মৃদুপবন চুতীয়া।

চুতীয়া জনগোষ্ঠীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে সম্পূৰ্ণ বিনামূলীয়াকৈ APSCৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ লাভ কৰিব।সোনকালে যোগায...
28/06/2025

চুতীয়া জনগোষ্ঠীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে সম্পূৰ্ণ বিনামূলীয়াকৈ APSCৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ লাভ কৰিব।
সোনকালে যোগাযোগ কৰক।

অসমৰ অৰাজনৈতিক শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য আ...
24/06/2025

অসমৰ অৰাজনৈতিক শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য আইৰ বিয়োগৰ খবৰে আমাক ব্যথিত কৰিছে। আইগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ যাচিছোঁ গভীৰ সমবেদনা৷ এই কঠিন সময় পাৰ কৰিবলৈ পৰিয়ালটোৱে সাহস আৰু শক্তি পাওঁক৷
আইৰ বৈকুণ্ঠপ্ৰাপ্তিৰ কামনাৰে প্ৰাৰ্থনা জনাইছোঁ৷
ঔঁমঃ শান্তি🙏🏼

ধেমাজি জিলাৰ চুতীয়া জনগোষ্ঠীৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰথম বিভাগত উৰ্ত্তীণ তিনি শতাধিক ছাত্ৰ -ছাত্ৰীক ২২/০৬/২০২৫ তাৰিখে...
23/06/2025

ধেমাজি জিলাৰ চুতীয়া জনগোষ্ঠীৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰথম বিভাগত উৰ্ত্তীণ তিনি শতাধিক ছাত্ৰ -ছাত্ৰীক ২২/০৬/২০২৫ তাৰিখে ধেমাজিৰ নিমাতীচুকস্হিত সাধনী ভৱনত সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ লগতে অসমীয়া বিষয়ত “অসমীয়া ভাষাত ধ্ৰুপদী উপাদান: এক বিশ্লেষণাত্মক অধ্যয়ন” শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° ফ্ৰেন্সি চুতীয়া আৰু প্ৰধানমন্ত্ৰীৰ যুৱ মেন্টৰশ্বিপ ২.০-ত অসমীয়া ভাষাৰ সফল প্রতিনিধিত্ব কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক ভাৰতীয় সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি স্বৰ্ণ পদক অর্জন যুৱ নেত্ৰী কস্তুৰী চুতীয়াকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
সম্বৰ্দ্ধনা অনুস্থানটিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া, সদৌ অসম চুতীয়া মহিলা সন্মিলনৰ সম্পাদিকা অপৰ্ণা চুতীয়া, জোনাই চুতীয়া জাতি সন্মিলনৰ সভাপতি ৰঞ্জিত শইকীয়া, ধেমাজি জিলা চুতীয়া সন্মিলনৰ সভাপতি ৰিজু বৰুৱা, চুতীয়া যুব সন্মিলন ধেমাজি জিলা সমিতিৰ সভাপতি, সম্পাদকৰ লগতে জিলা খনৰ চুতীয়া জনগোষ্ঠীৰ ভালেকেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।

চুতীয়া জনগোষ্ঠীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।
13/06/2025

চুতীয়া জনগোষ্ঠীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ মাতৃৰ বিয়োগে আমাক অতি মৰ্মাহত কৰিলে । আজি  আমি ধেমাজি জিলা চু...
03/06/2025

জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ মাতৃৰ বিয়োগে আমাক অতি মৰ্মাহত কৰিলে । আজি আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সতীৰ্থ সকলে সন্মানীয় বিধায়ক মহোদয়ৰ বাসগৃহত উপস্থিত হৈ পৰলোকগামী আই গৰাকীৰ প্ৰতিচ্ছবিত তেওঁক সোঁৱৰি একাজলী শ্ৰদ্ধাঞ্জলী জনাই এটি শোক প্ৰস্তাৱ আগবঢ়াই পৰিয়ালৰ দুখৰ সমভাগী হওঁ ।

Address

NH-15th
Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সদৌ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা:

Share