শ্ৰীযুত পোনাকন বৰুৱাৰ নেতৃত্বত ন সাজেৰে নতুন উদ্যমেৰে চাবুৱা সমষ্টি

  • Home
  • India
  • Chabua
  • শ্ৰীযুত পোনাকন বৰুৱাৰ নেতৃত্বত ন সাজেৰে নতুন উদ্যমেৰে চাবুৱা সমষ্টি

শ্ৰীযুত পোনাকন বৰুৱাৰ নেতৃত্বত ন সাজেৰে নতুন উদ্যমেৰে চাবুৱা সমষ্টি তথ্য-প্ৰযুক্তি বিভাগ, চাবুৱা-লাহোৱাল সমষ্টি সমিতি।

26/12/2025

চাবুৱা-লাহোৱাল সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱা ডাঙৰীয়াই দায়িত্ব ভাৰ লোৱাৰ পৰাই দধিয়া লাইকাৰ জনসাধাৰণক প্ৰতিটো মূহুৰ্তত প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াই আহিছে। আজিও বিধায়ক মহোদয়ৰ লগতে বহু সংখ্যক অসম গণ পৰিষদৰ কৰ্মকৰ্তা সহ দধিয়া লাইকাত উপস্থিতি হৈ ব্যক্তিগত পুঁজিৰে দমকল আগবঢ়োৱাৰ লগতে মতবিনিময় কৰে।


আজি চাবুৱা-লাহোৱাল সমষ্টিৰ দিনজয় পকা লাইন খেলপথাৰৰ পৰাই শুভাৰম্ভ কৰা অসম গণ পৰিষদৰ সংকল্প সমাৰোহ সহস্ৰাধিক দলীয় বিষয়ব...
12/12/2025

আজি চাবুৱা-লাহোৱাল সমষ্টিৰ দিনজয় পকা লাইন খেলপথাৰৰ পৰাই শুভাৰম্ভ কৰা অসম গণ পৰিষদৰ সংকল্প সমাৰোহ সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু শুভাকাংক্ষীৰ ব্যাপক উৎসাহ আৰু সহযোগীতাৰে সফল সমাপ্তি ঘটে।
অসম গণ পৰিষদৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াই সম্বোধন কৰা আজিৰ সভাত দলৰ দুয়োগৰাকী মাননীয় সাংসদ ক্ৰমে শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়া, শ্ৰীযুত বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য ডাঙৰীয়া, চাবুৱা সমষ্টিৰ মাননীয় বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী পোনাকণ বৰুৱা, দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী ভবেন্দ্ৰনাথ ভৰালী প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক তথা দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া, চাবুৱা বিধানসভা সমষ্টি সমিতিৰ বিষয়ববীয়া, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনাগত দিনবোৰত দলটোক অধিক ক্ষিপ্ৰতাৰে সকলো দিশৰ পৰাই আগুৱাই নিয়াৰ দৃঢ় সংকল্প গ্ৰহণ কৰা হয়। বিশিষ্ট সংগীত শিল্পী শ্ৰীযুত অৰ্জুন লাক্ৰা ডাঙৰীয়াই তেখেতৰ জনপ্ৰিয় গীতেৰে সকলোৰে মন পুলকিত কৰে যদিও দলৰ শীৰ্ষ নেতৃত্বৰ লগতে তেখেতেও অৰুণাচল প্ৰদেশত দূৰ্ঘটনাগ্ৰস্ত হোৱা চাহ জনগোষ্ঠীয় লোক কেইজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি অধিক গীত প্ৰৰ্দশনৰ পৰা বিৰত থাকে।
আজিৰ সভাই প্ৰমাণ কৰে যে জাতীয়তাবাদৰ দূৰ্গ খ্যাত চাবুৱা-লাহোৱাল সমষ্টিত জনপ্ৰিয় বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱাৰ দেৱৰ প্ৰতি থকা ৰাইজৰ গভীৰ মৰম আৰু আস্থা। দলৰ শীৰ্ষ নেতৃত্বই আজিৰ সভাতেই সকলো ৰাইজকে তেখেতসকলৰ মৰমৰ পোনাকণ বৰুৱাক আগন্তুক বিধানসভা নিৰ্বাচনত বিপুল সঁহাৰি প্ৰদান কৰি চাবুৱা-লাহোৱাল সমষ্টিৰ ক্ষিপ্ৰ উন্নয়নৰ স্বাৰ্থত পুনৰ বাৰ বিধায়কৰ আসনত প্ৰতিষ্ঠিত কৰিবলৈ আহ্বান জনায়।
আজিৰ সভাত অংশগ্ৰহন কৰা সকলোলৈ আমি চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ তৰফৰ বহুত বহুত ধন্যবাদ জনালোঁ লগতে আগলৈও আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদেৰে দলটোক আগুৱাই যোৱাত সহযোগী হ'ব বুলি আশা ৰাখিলোঁ, ধন্যবাদ।। 🙏
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
🙏🙏🙏



#অসমগণপৰিষদ

11/12/2025

জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
🙏🙏🙏

আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত উজনি অসমৰ আটাইকেইখন জিলাৰ সকলো সমষ্টি সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অসম গণ পৰিষদৰ সতীৰ্থ স...
11/12/2025

আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত উজনি অসমৰ আটাইকেইখন জিলাৰ সকলো সমষ্টি সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অসম গণ পৰিষদৰ সতীৰ্থ সন্মিলন অনুষ্ঠানটো সুন্দৰকৈ অনুষ্ঠিত হয়। অহা কালিলৈ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ অন্তৰ্গত দিনজয় পকা লাইন খেলপথাৰৰ পৰাই শুভাৰম্ভ হ'ব সমগ্ৰ ৰাজ্য জুৰি হ'ব লগা অসম গণ পৰিষদৰ সংকল্প সমাৰোহৰ কাৰ্য্যসূচী।
অসম গণ পৰিষদৰ মাননীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াকে প্ৰমুখ্যে কৰি দলৰ সকলো কেন্দ্ৰীয় নেতৃত্ব, দলৰ দুয়োগৰাকী মাননীয় সাংসদ ক্ৰমে শ্ৰীযুত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া , শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত থাকিব। বিশিষ্ট চাহ জনগোষ্ঠীয় শিল্পী অৰ্জুন লাকৰাৰ বিভিন্ন গীত মাতেৰে অনুষ্ঠিত হ'ব লগা সভাখনলৈ আপোনালোক সকলোকে আমি চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ তৰফৰ পৰা সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
🙏

08/12/2025

অহা ১১ আৰু ১২ ডিচেম্বৰত অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত ডিব্ৰুগড় জিলাত দুটাকৈ বিশাল অনুষ্ঠান অনুষ্ঠিত হ'ব। বিশেষকৈ ১২ ডিচেম্বৰ শুক্ৰবাৰে চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত দিনজয় পকা লাইন খেলপথাৰত দলৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হ'ব লগা দলৰ সংকল্প সভাখনত সকলো ৰাইজৰ উপস্থিতিতি আমি একান্তৰে কামনা কৰিলো।
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
🙏🙏🙏

#অসমগণপৰিষদ

02/09/2025

আমি চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ তৰফৰ পৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতৰ কৰ্মৰাজী আৰু ৰাইজৰ হকে কাম কৰাৰ অদম্য হেঁপাহক অতি সুন্দৰ আৰু নিখুঁত ভাৱে এটি মনোৰম কবিতাৰে আলোকিত কৰি তোলাৰ প্ৰয়াসৰ বাবে সাংবাদিক শ্ৰীযুত তপন শইকিয়া ডাঙৰীয়াৰ লগতে স্বনামধন্য গীতিকাৰ শ্ৰীযুত মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক অগপ চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।🙏
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
🙏


আজি অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা এক শৰণ নাম ধৰ্মৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ মহানায়ক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ত...
25/08/2025

আজি অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা এক শৰণ নাম ধৰ্মৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ মহানায়ক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰুভাৱ তিথিত আমি চাবুৱা-লাহোৱাল সমষ্টি সমিতিয়ে তেখেতক ভক্তিভৰা সেৱা জনাইছোঁ।🙏🙏🙏🙏


24/08/2025

আজি চাবুৱা-লাহোৱাল সমষ্টিত অসম গণ পৰিষদ দলত যোগদান কৰা প্ৰতিগৰাকী নৱাগত দলীয় সৈনিকক চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ তৰফৰ পৰা উম্ম আদৰণি আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। 🙏🙏🙏



Address

Chabua

Website

Alerts

Be the first to know and let us send you an email when শ্ৰীযুত পোনাকন বৰুৱাৰ নেতৃত্বত ন সাজেৰে নতুন উদ্যমেৰে চাবুৱা সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share