14/09/2026
আজি বিশ্বনাথ জিলা ABVP কাৰ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP), বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ নতুন শাখা গঠন কৰা হয়। এই শাখাৰ সভাপতি হিচাপে বিজুত বসুমতাৰী আৰু সম্পাদক হিচাপে পল্লৱ অধিকাৰীক দায়িত্ব অৰ্পণ কৰা হয়। লগতে প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰে এখন শাখা গঠন কৰা হয়।
জ্ঞান, চৰিত্ৰ, একতা আৰু ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণৰ আদৰ্শৰে আগবাঢ়ি নতুন শাখাটোৱে ছাত্ৰসমাজ আৰু সমাজৰ বাবে নিষ্ঠাৰে কাম কৰি যাব বুলি আশা কৰোঁ।