অগ্নিগড় নাটঘৰ

অগ্নিগড় নাটঘৰ অগ্নিগড় নাটঘৰ, নাটঘৰ
স্হাপিত: ২০১৪ চন, ১৭ মে
পঞ্জীয়ন নং: SPR/242/1/20

প্ৰত্যেক বৰ্ষৰ দৰেই ২০২৬ বৰ্ষতো আমি অগ্নিগড় নাটঘৰে গ্ৰীষ্মবন্ধৰ সময়ছোৱাত  আপোনালোকলৈ লৈ আহিছো এক ব্যতিক্ৰমী কৰ্মশালাৰ আ...
28/06/2026

প্ৰত্যেক বৰ্ষৰ দৰেই ২০২৬ বৰ্ষতো আমি অগ্নিগড় নাটঘৰে গ্ৰীষ্মবন্ধৰ সময়ছোৱাত আপোনালোকলৈ লৈ আহিছো এক ব্যতিক্ৰমী কৰ্মশালাৰ আয়োজন । এইবেলি আমাৰ চিৰাচৰিত খোলবাদনৰ লগতে সংযোজন ঘটোৱা হৈছে নেগেৰাবাদনৰ প্ৰশিক্ষণ, য'ত নেকি বয়সৰ কোনো নিম্নসীমা অথবা উচ্চসীমাৰ বাধ্যবাধকতা নাথাকিব । এই দুয়োটা বিষয়ৰ উপৰি এটি ঝুমুৰাৰ কৰ্মশালাও নাটঘৰৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব। আমি দু:খিত যে প্ৰশিক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ বাবে ঝুমুৰাৰ কৰ্মশালাটি অগ্নিগড় সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ মাজতে সীমাবদ্ধ ৰখা হ'ব । খোলবাদন আৰু নেগেৰাবাদনৰ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক ১২ জুলাইৰ পূৰ্বে বেনাৰত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল । 🙏🙏🙏

অগ্নিগড় সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ  তৃতীয় বৰ্ষ তথা ২০২৬-২৭ বৰ্ষৰ পাঠ দান ৫/৪/২০২৬ তাৰিখে  বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ...
06/04/2026

অগ্নিগড় সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ তৃতীয় বৰ্ষ তথা ২০২৬-২৭ বৰ্ষৰ পাঠ দান ৫/৪/২০২৬ তাৰিখে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বিদ্যালয়ৰ সভাপতি শ্ৰী শৰত কুমাৰ মহন্ত দেৱে । অনুষ্ঠান ভাগত ছাত্ৰ - ছাত্ৰী ,অভিভাৱক আৰু অগ্নিগড় নাটঘৰৰ সদস্য সকলৰ সহযোগিতাই আপ্লুত কৰিলে। ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলক অগ্নিগড় প্ৰশিক্ষণ কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো।

23/12/2025
এক সুখবৰ : অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ অন্তৰ্গত নৃত্য বিদ্যালয়ৰ ভিতৰত আমাৰ বিদ্যালয় অগ্নিগড় সাংস্কৃতিক প্ৰশিক্ষণ ক...
25/11/2025

এক সুখবৰ :
অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ অন্তৰ্গত নৃত্য বিদ্যালয়ৰ ভিতৰত আমাৰ বিদ্যালয় অগ্নিগড় সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ ,নাগশংকৰে 2024-25 বৰ্ষৰ 'শ্ৰেষ্ঠ বিদ্যালয়ৰ' খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । এয়া সাৰ্থক হৈছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহৰ বাবে। এই আপাহতে আমাৰ কেন্দ্ৰৰ প্ৰশিক্ষিকা শ্ৰী নিজুমনি গোহাঁঞি, সদাশয় অভিভাৱক, তথা আমাৰ শুভাকাংক্ষীসকলক অগ্নিগড় নাটঘৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।
ফটোত, এই গৌৰৱময় শুভমূহুৰ্তৰ সাক্ষী হৈ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত প্ৰশিক্ষণ কেন্দ্ৰৰ হৈ বঁটা গ্ৰহণ কৰি থকা অৱস্থাত প্ৰশিক্ষিকা নিজুমনি গোহাঁঞি ।

20/09/2025

গভীৰ শ্ৰদ্ধাঞ্জলি
মহানায়ক জুবিনদালৈ

অগ্নিগড় নাটঘৰ, নাগশংকৰ

অগ্নিগড় নাটঘৰৰ কাণ্ডাৰী (নাগশংকৰ) তথা সন্মানীয় সভাপতি,শিক্ষক, নাট্যকাৰ, কবি,ভাওনা শিল্পী, পৰিচালক শ্ৰীযুত লোচন বৰা দেৱ...
14/09/2025

অগ্নিগড় নাটঘৰৰ কাণ্ডাৰী (নাগশংকৰ) তথা সন্মানীয় সভাপতি,শিক্ষক, নাট্যকাৰ, কবি,ভাওনা শিল্পী, পৰিচালক শ্ৰীযুত লোচন বৰা দেৱে সমাজ উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে এক সামাজিক অনুষ্ঠান "প্ৰয়াস -এটি প্ৰচেষ্টা"ই তেখেতক "প্ৰয়াস সমাজ হিতৈষী" বঁটাৰে সন্মানিত কৰে। এইয়া আমাৰ বাবে অতি সু্খবৰ।এই আপাহতে বঁটা প্ৰদান কাৰী অনুষ্ঠানটিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। উক্ত অনুষ্ঠানত উপস্থিত থকা নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। সকলোৰে মঙ্গলাৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ।

Address

Nagsankar
Biswanath Chariali

Alerts

Be the first to know and let us send you an email when অগ্নিগড় নাটঘৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share