উত্তৰ বিজনী আঞ্চলিক সমিতি, এবিএমছু - Abmsu

  • Home
  • India
  • Bijni
  • উত্তৰ বিজনী আঞ্চলিক সমিতি, এবিএমছু - Abmsu

উত্তৰ বিজনী আঞ্চলিক সমিতি, এবিএমছু - Abmsu This Fage Run by North Bijni Anchalik ABMSU. President : Shahid Afridi Khandakar
G/Secretary : Saiful Islam

যোৱা কালি, অৰ্থাৎ ১০/০৪/২০২৬ ইং তাৰিখে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট সাফল্যৰে উত্তীৰ্ণ হোৱা সদৌ ভাওঁৰাগ...
11/04/2026

যোৱা কালি, অৰ্থাৎ ১০/০৪/২০২৬ ইং তাৰিখে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট সাফল্যৰে উত্তীৰ্ণ হোৱা সদৌ ভাওঁৰাগুৰী অঞ্চলৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকললৈ উত্তৰ বিজনী আঞ্চলিক সমিতি, এবিএমছু - Abmsu য়ে গভীৰ আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰে। সমিতিৰ প্ৰতিনিধিসকলে তেওঁলোকৰ ঘৰত উপস্থিত হৈ আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতৰ বাবে মূল্যবান দিশ-নিৰ্দেশনা আৰু সু-উপদেশ আগবঢ়ায়।
এই সফলতাই কেৱল ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ সমগ্ৰ অঞ্চলখনৰ বাবে এক গৌৰৱৰ বিষয় বুলি সমিতিয়ে উল্লেখ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক দিনসমূহতো একে ধৰণে আগবাঢ়ি গৈ বৃহৎ সফলতা অৰ্জন কৰিবলৈ উৎসাহিত কৰে।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্...
09/02/2026

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

নিষ্ঠা, অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ সপোন পূৰণৰ দিশে আগবাঢ়ি যাব—এইয়াই আমাৰ কামনা।
সফলতা আপোনালোকৰ সহচৰ হওক।
All the best!

14/01/2026

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU ৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ লাফিকুল ইছলাম আহম...
04/01/2026

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU ৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী প্ৰথম বাৰ্ষিক প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন মোনাকোসা আঞ্চলিক সমিতি আৰু পশ্চিম বিজনী আঞ্চলিক সমিতিৰ মাজত অনুষ্ঠিত হয়।
উক্ত প্ৰতিষ্ঠানত ABMSU ৰ কেন্দ্ৰীয় সমিতিৰ পৰা লৈ শাখা সমিতিৰ বিভিন্ন পৰ্য্যায়ৰ বিভিন্ন ধৰণৰ পদত থকা বিষয়ববীয়াসকল উপস্থিত থাকে।
সকলোৰে উপস্থিতিত আৰু সহায় সহযোগিতাত আজিৰ খেলখন সুচাৰু ৰূপে পৰিচালনা কৰা হয়।

উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী ত প্ৰথম বাৰ্ষিক প্ৰাইজমানি ক্ৰিকেট খ...
01/01/2026

উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী ত প্ৰথম বাৰ্ষিক প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা জানুৱাৰী মাহৰ ৪ তাৰিখত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে।
উক্ত চূড়ান্ত খেলখন মোনাকোষা আঞ্চলিক সমিতি, এবিএমছু বনাম পশ্চিম বিজনী আঞ্চলিক সমিতি, এবিএমছুৰ মাজত অনুষ্ঠিত হ'ব।
গতিকে উক্ত অনুষ্ঠানত আপোনাৰ/ আপোনালোকৰ সকলোৰে উপস্থিতিত আৰু সহায় - সহযোগিতা একান্তভাৱে কামনা কৰা হ'ল।

স্থান - ভাওঁৰাগুৰী খেলপথাৰ।
সময় - ৰাতিপুৱা ১০ বজাত।

অহা কালি অৰ্থাৎ ২১/১২/২০২৫ ইং তাৰিখ ৰবিবাৰে এবিএমছুৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰ...
20/12/2025

অহা কালি অৰ্থাৎ ২১/১২/২০২৫ ইং তাৰিখ ৰবিবাৰে এবিএমছুৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ Semi final match অনুষ্ঠিত হ'ব।
Super Sunday Semi final match...
10:00 am ..
Monakocha anchalik committee vs Panbari anchalik committee.
2:00 pm ..
West Bijni Anchalik committee vs Alukhunda Anchalik committee..

2nd number match...
08/12/2025

2nd number match...

আজি অৰ্থাৎ ০৭/১২/২০২৫ ইং তাৰিখে সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ এবিএমছুৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত শ্...
07/12/2025

আজি অৰ্থাৎ ০৭/১২/২০২৫ ইং তাৰিখে সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ এবিএমছুৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী প্ৰথম বাৰ্ষিক প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ছাৰ ছেৱানাজ পৰামানিক। তেওঁৰ লগতে অতিথি হিচাপে উপস্থিত থাকে আমাৰ অঞ্চলৰ শিক্ষক মণ্ডলী সকল , এবিএমছুৰ উত্তৰ বিজনী আঞ্চলিক সমিতিৰ প্ৰাক্তন বিষয়ববীয়া সকল , এবিএমছুৰ বিভিন্ন পৰ্যায়ৰ পদত থকা বিষয়ববীয়া সকল আৰু অঞ্চলৰ সমাজ কৰ্মী সকল । সকলোৰে উপস্থিতিত আজিৰ অনুষ্ঠান খন সম্পূৰ্ণভাৱে সফল হয়।

আমাৰ গাঁও-আঞ্চলিক ক্ৰীড়া চেতনাক সমৃদ্ধ কৰি তোলাৰ লক্ষ্যৰে সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা ( এবিএমছু) উত্তৰ বিজনী আঞ্...
05/12/2025

আমাৰ গাঁও-আঞ্চলিক ক্ৰীড়া চেতনাক সমৃদ্ধ কৰি তোলাৰ লক্ষ্যৰে সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা ( এবিএমছু) উত্তৰ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী প্ৰথম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। 🏏
তাৰিখ: ০৭/১২/২০২৫
স্থান: ভাওঁৰাগুৰী খেলপথাৰ

HS আৰু HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গমন কৰি দিহা-দিশ, মানসিক সমৰ্থন, আগলৈ কি পদক্ষেপ ল’ব লাগে, সেই সকলো...
16/11/2025

HS আৰু HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গমন কৰি দিহা-দিশ, মানসিক সমৰ্থন, আগলৈ কি পদক্ষেপ ল’ব লাগে, সেই সকলোবোৰৰ ওপৰত কথা পাতি আজিৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হ’ল।

ABMSU সদায় থাকে শিক্ষার্থীৰ লগতে—
📌 পথ দেখুৱাবলৈ
📌 সমস্যা শুনিবলৈ
📌 সঠিক যোগ্যতা বুজাবলৈ
📌 আৰু আগলৈ বাঢ়িবলৈ মনোবল প্ৰদান কৰিবলৈ

শিক্ষাই ABMSU ৰ মুল মন্ত্ৰ ।
ABMSU সপোনা কান্ধত লৈ আগবাঢ়ি থাকে শিক্ষাৰ ক্ষেত্ৰত।

আজি অৰ্থাৎ ০৯/১১/২০২৫ ইং ( ৰবিবাৰে) কাৰ্য্যকৰী সভাৰ জৰিয়তে উত্তৰ বিজনী আঞ্চলিক সমিতিয়ে এটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহ...
09/11/2025

আজি অৰ্থাৎ ০৯/১১/২০২৫ ইং ( ৰবিবাৰে) কাৰ্য্যকৰী সভাৰ জৰিয়তে উত্তৰ বিজনী আঞ্চলিক সমিতিয়ে এটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাখনত আলোচনা আৰু অনুমোদনৰ পিছত এবিএমছুত দুজন নতুন সদস্যক আনুষ্ঠানিকভাৱে সমাৱেশ কৰা হয়।

নতুনকৈ সমাৱেশ কৰা সদস্য দুজন হ'ল মুস্তাফিজুৰ পৰামানিক সহকাৰী সাধাৰণ সম্পাদক আৰু আব্দুল আজিদ সাংগঠনিক সম্পাদক হিচাপে পদ দিয়া হয়। তেওঁলোকে সংগঠনৰ আদৰ্শ, উদ্দেশ্য আৰু কৰ্মপদ্ধতিৰ সৈতে একাত্মতা প্ৰকাশ কৰি এবিএমছুৰ পতাকাত যোগদান কৰে।

সভাত উপস্থিত সমিতিৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিজনী জিলা সমিতিৰ সম্মানীয় সাধাৰণ সম্পাদক, বিজনী জিলা সমিতিৰ সম্মানীয় প্ৰচাৰ সম্পাদক আৰু অন্যান্য বিষয়ববীয়াই নতুন সদস্য দুজনক শুভেচ্ছা জ্ঞাপন কৰি সংগঠনৰ প্ৰতিটো কাৰ্য্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Address

Uttar Bijni
Bijni
783393

Telephone

+918638859739

Website

Alerts

Be the first to know and let us send you an email when উত্তৰ বিজনী আঞ্চলিক সমিতি, এবিএমছু - Abmsu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share