11/09/2026
নমস্কাৰ,
এটা সৰু সহায়ৰ আহ্বান 🙏
মোৰ গাঁৱত বহুতো প্ৰতিভাৱান ডেকা ল'ৰা আছে। সিহঁতে পুৱা-গধূলি খেলপথাৰত ফুটবল খেলে, ভলীবল খেলে। কিন্তু দুখৰ কথা, সিহঁতৰ হাতত এটা ভাল ফুটবল, এখন নেট, এটা জাৰ্চি পর্যন্ত নাই।
জোতা নোহোৱাকৈ খালী ভৰিৰে খেলি সিহঁতে জিলা পৰ্যায়ত খেলিবলৈ সপোন দেখে। সঁজুলিৰ অভাৱত সিহঁতৰ সপোনবোৰ যাতে হেৰাই নাযায়।
যদি কোনো দয়ালু ব্যক্তি, কোনো ক্লাব, কোনো পুৰণি খেলুৱৈয়ে আমাক অলপ সহায় কৰে -
দুটা ফুটবল, দুটা ভলীবল , এখন নেট, ১৫ টা জাৰ্চি...
সেয়াই আমাৰ ল'ৰাবোৰৰ বাবে বহুত ডাঙৰ উৎসাহ হ'ব। সঁজুলি পালে সিহঁতে বেয়া অভ্যাসৰ পৰা আঁতৰত থাকিব, গাঁৱৰ নাম উজ্বলাব।
কোনোবাই সহায় কৰিব পাৰিলে অনুগ্ৰহ কৰি জনাব। আপোনাৰ সৰু সহায় এটাই এটা ডাঙৰ সপোন জীয়াই ৰাখিব।
ধন্যবাদ।