বালিজান জনপ্ৰিয় যুৱ সংঘ

  • Home
  • India
  • Balijan
  • বালিজান জনপ্ৰিয় যুৱ সংঘ

বালিজান জনপ্ৰিয় যুৱ সংঘ গাঁও ভিত্তিক যুৱ অনুষ্ঠান
"যূৱ সমাজৰ সর্বদিশ উত্তৰণ বাবে সদা দায়বদ্ধ"

যোৱা ইং. ২৮জুন ২০২৬ তাৰিখে বালিজান জনপ্ৰিয় যুৱ সংঘৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং, কৃতি শিক্ষাৰ্থীক অভিনন্দন আৰু বিশেষ সম্ব...
03/07/2026

যোৱা ইং. ২৮জুন ২০২৬ তাৰিখে বালিজান জনপ্ৰিয় যুৱ সংঘৰ উদ্যোগত কেৰিয়াৰ কাউন্সেলিং, কৃতি শিক্ষাৰ্থীক অভিনন্দন আৰু বিশেষ সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ বালিজান জনপ্ৰিয় যুৱ সংঘৰ সভাপতি মনজ্যোতি চেতিয়া আৰু সম্পাদকদ্বয় তুষাৰপ্ৰতিম চেতিয়া আৰু ৰবিকান্ত শইকীয়াই জনোৱা অনুসৰি বৃহত্তৰ বালিজান অঞ্চলটোত প্ৰায় ৭৫ গৰাকী শিক্ষাৰ্থীয়ে এইবছৰ হাইস্কুল আৰু হায়াৰচেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জনোৱাৰ উপৰি অহা বছৰ উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসহ মুঠ ১৪০ গৰাকী শিক্ষাৰ্থীক একেলগে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানত জড়িত কৰোৱা হয়৷ কেৰিয়াৰ কাউন্সিলঙৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডি. ডি. আৰ. মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° দেবাশীষ বসুদেৱ৷ লগতে তেখেতক সহযোগিতা আগবঢ়াই গন্ধৈগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত গোলাপ গগৈদেৱে৷
বৃহত্তৰ বালিজান অঞ্চলত বিভিন্ন ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হোৱা কেইবাগৰাকী ব্যক্তিক শিক্ষাৰ্থীসকলৰ সন্মুখত আদৰ্শগত হিচাপে চিনাকী প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা প্ৰদান কৰা হয়৷ তেখেতসকলৰ ভিতৰত মটক স্বায়ত্তশাসন পৰিষদৰ উপাধ্যক্ষ দেৱঋষী চেতিয়া, ব্যৱসায়ী ক্ৰমে ৰাজেশ গোহাঁই, ৰাণা শইকীয়া, সাংবাদিক বিপ্লৱ চেতিয়া, সমাজকৰ্মী দিগন্ত শইকীয়া, মনোৰমা বৰুৱা, কৃষক ভাইজান বাইলুং, ফলমূলত খোদিত শিল্পী লক্ষ্যজিত ফুকন, পশুপালক প্ৰসেনজীত শইকীয়া, লগতে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ সক্ষম হোৱা প্লাৱন ৰাজখোৱা, নিহাৰিকা ৰাজখোৱা, মানসপ্ৰতিম চেতিয়া, এইবছৰ ‘প্ৰজ্ঞান’ প্ৰতিভা সন্ধানী পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা সোনাক্ষীপ্ৰিয়া বড়া আদিক৷
সভাত উপস্থিত থাকে সাংস্কৃতিক কৰ্মী অনিমেষ চেতিয়া, শিক্ষক জয়ন্তজিৎ বৰুৱা, কল্যাণ বড়া, কংকনা শইকীয়া, মামু চাংমাই, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক পূৰ্ণজ্যোতি দত্ত, বিশিষ্ট ব্যক্তি তপন বৰুৱা, মনোৰঞ্জন চেতিয়া, ঋষীৰাজ ফুকনদেৱকে প্ৰমুখ্যে অভিভাৱক-অভিভাৱিকাসকল, বালিজানবাসী ৰাইজৰ লগতে বালিজান জনপ্ৰিয় যুৱ সংঘৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাসকল৷ অনুষ্ঠানটিত সঞ্চালন কৰে বালিজান জনপ্ৰিয় যুৱ সংঘৰ প্ৰাক্তন সভাপতি বিজু চেতিয়াদেৱে৷

https://epaper.asomaditya.com/epaper/m/419256/6a4466f6daa01

কাইলৈ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ কেউটি কাৰ্যসূচীত সকলোৰে সহায়-সহযোগিতা কামনা কৰিলোঁ৷🙏🏻
27/06/2026

কাইলৈ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ কেউটি কাৰ্যসূচীত সকলোৰে সহায়-সহযোগিতা কামনা কৰিলোঁ৷🙏🏻

Address

Balijan
786183

Website

Alerts

Be the first to know and let us send you an email when বালিজান জনপ্ৰিয় যুৱ সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share