ABVP Pub Kamrup College Unit

ABVP Pub Kamrup College Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Pub Kamrup College Unit, Youth Organization, Goreswar Road, Baihata.

স্বামী বিবেকানন্দ দেৱৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাক আদৰ্শ, আই সৰস্বতী আৰু ভাৰত মাতাৰ সন্মুখত শিৰ দুৱাই,জ্ঞান চৰিত্ৰ আৰু একতা...
07/07/2025

স্বামী বিবেকানন্দ দেৱৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাক আদৰ্শ, আই সৰস্বতী আৰু ভাৰত মাতাৰ সন্মুখত শিৰ দুৱাই,জ্ঞান চৰিত্ৰ আৰু একতাক মূলমন্ত্ৰ হিচাপে লৈ ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে গঢ় দিয়াৰ মানসেৰে ছাত্ৰ হিত ,সমাজ হিত, ৰাষ্ট্ৰ হিতৰ বাবে ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে প্ৰতিষ্ঠা লাভ কৰি অহৰহ কাম কৰি থকা বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটিৰ ৭৭ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বাইহাটা চাৰিআলি নগৰ শাখাৰ উদ্যোগত অহা ১০ জুলাই ২০২৫ তাৰিখে বাইহাটা চাৰিআলি অঞ্চলত "বৃক্ষৰোপণ আৰু পক্ষীকুলক জল অৰ্পণ" কাৰ্য্যসূচী হাতত লোৱা হৈছে । এই কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হ'ল আমাৰ পৰিবেশৰ সংৰক্ষণ আৰু গ্ৰীষ্মত তৃষ্ণাতুৰ পক্ষীকুলৰ বাবে এক সামান্য সহানুভূতি প্ৰকাশ। এই কাৰ্য্যসূচী কেৱল গছ ৰোপণৰ ভিতৰতে সীমাবদ্ধ নহয়, এয়া হৈছে প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত এক সজাগতা, এক প্ৰতিশ্রুতি আৰু এক দায়িত্ববোধ, য’ত আমি সকলো মিলি আমাৰ সমাজ আৰু পৰিবেশলৈ এক সেউজ বাৰ্তা প্ৰেৰণ কৰিম। আপোনালোকৰ উপস্থিতিয়ে আমাৰ এই পদক্ষেপক অধিক শক্তিশালী কৰিব।

স্থানঃ বাইহাটা চাৰিআলি
দিনাংকঃ ১০ জুলাই ২০২৫ (বৃহস্পতিবাৰ)

সকলো কাৰ্যকৰ্তা তথা শুভ চিন্তক সকলৰ উপস্থিতি কামনা কৰিলোঁ।
ABVP Assam Herold Mohan Kishor Kumar Sarmah

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পূব কামৰূপ মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা প্ৰায় ৪৬৩ জন ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া অনলাইন কৰি ...
19/06/2025

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পূব কামৰূপ মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা প্ৰায় ৪৬৩ জন ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া অনলাইন কৰি দিয়া হয়।সচাঁকৈ বহু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিলে।তোমালোকে আমাৰ ওপৰত ৰখা বিশ্বাসৰ এনাজৰী ডালৰ বাবে চাগৈ ইমান খিনি উপস্থিতি হ'ল।আমি ছাত্ৰ ছাত্ৰী সকলক দেখা পোৱাৰ পিছতে এষাৰি মাতেৰে সম্ভাষণ জনাবলৈ চেষ্টা কৰিছিলো।আমাৰ অজ্ঞাতে যদি কোনো ছাত্ৰ ছাত্ৰীক মাত দিবলৈ ৰৈ গ'ল তেন্তে আমি ক্ষমা প্ৰাৰ্থী।সদায় তোমালোকৰ হৈ আছো আৰু থাকিম।তোমালোকে আমাৰ সাহস।অহাকালি ষ্পট নামভৰ্তি অনলাইন কৰা সকলোৱে যে নামভৰ্তি পাব তেনে কোনো কথা নাই,তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ শতাংশৰ ভিত্তিতে নামভৰ্তি হ'ব।যি সকল আহিব সকলোকে ভালদৰে এষাৰি মাত আৰু তেঁওলোকৰ অসুবিধা সমূহ দূৰ কৰা আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য।

2025-26 বৰ্ষৰ স্নাতক নামভৰ্তি বিষয়ত যিকোনো সহায়ৰ বাবে আমি দায়বদ্ধ।প্ৰতিটো অসুবিধা আমাক জনাব পাৰিবা।তোমালোকৰ বন্ধু বান্ধু...
11/04/2025

2025-26 বৰ্ষৰ স্নাতক নামভৰ্তি বিষয়ত যিকোনো সহায়ৰ বাবে আমি দায়বদ্ধ।প্ৰতিটো অসুবিধা আমাক জনাব পাৰিবা।তোমালোকৰ বন্ধু বান্ধুৱী সকলৰ যদি থাকে অসুবিধা আমাক জনাব পাৰিব।পূব কামৰূপ মহাবিদ্যালয়লৈ স্বাগতম।
ABVP Pub Kamrup College Unit

Address

Goreswar Road
Baihata
781381

Telephone

+919365564754

Website

Alerts

Be the first to know and let us send you an email when ABVP Pub Kamrup College Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share