05/06/2025
বিশ্ব পৰিবেশ দিৱস উদযাপন – অভয়াপুৰী মহাবিদ্যালয় (৫ জুন, ২০২৫)
আজি, ৫ জুন, ২০২৫, বিশ্ব পৰিবেশ দিৱসৰ ওপৰত সংগতি ৰাখি অভয়াপুৰী মহাবিদ্যালয়ে সমগ্ৰ পৃথিৱীৰ সৈতে একতাবদ্ধ হৈ আমাৰ মূল্যৱান পৰিৱেশৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ মাননীয় অধ্যক্ষ মহোদয় প্রাণজিৎ কলিতা আৰু তেওঁৰ লগতে সহকাৰী অধ্যক্ষ/ অধ্যাপিকা ড° বিজয় বর্মন , সুব্ৰতা সৰকাৰ আৰু চন্দনা ৰায় চৌধুৰী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে । এই বৰ্ষৰ বিশ্ব থীম “প্লাষ্টিক প্ৰদূষণৰ প্ৰতিবাদ” বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত অধ্যক্ষ মহোদয়ৰ নেতৃত্বত কিছুমান উৎসাহী ছাত্ৰ-ছাত্ৰী সকলে গছৰ পুলি ৰোপণ কৰে, যিয়ে এক সেউজীয়া আৰু পৰিষ্কাৰ ভবিষ্যতৰ প্রতীক স্বৰূপে বিবেচিত কৰে। প্ৰত্যেকটো গছৰ পুলি ৰোপণৰ মাজেৰে আমি মাথোঁ বৃক্ষ নহয়, পৰিৱেশৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু ভালপোৱা সমূহো গঢ়ি তুলিছোঁ। এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একতা, সচেতনতা আৰু পৰিৱেশপ্ৰেমৰ বীজ ৰোপন কৰে। পৰৱৰ্তী সময়ত, প্লাষ্টিক ব্যৱহাৰ হ্ৰাস আৰু পৰিবেশ ওপৰত সচেতনামূলক বাৰ্তা প্ৰদান কৰা হয়। এই দিনটো আছিল শিক্ষাৰ, কৰ্মৰ আৰু আশাৰ – যিয়ে আমাৰ মনত এটা কথা স্পষ্টকৈ সঞ্চাৰ কৰে: “পৃথিৱীৰ ভৱিষ্যৎ আমাৰ হাততেই।” আমি সকলো একত্ৰিত হৈ পৰিৱেশ সংৰক্ষণৰ বাবে আগবাঢ়ি যাম, এই আশাৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।
ABVP Assam