ABVP Lakhimpur

  • Home
  • ABVP Lakhimpur

ABVP Lakhimpur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Lakhimpur, Community Organization, North Lakhimpur, .

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত লখিমপুৰ জিলাৰ অন্তৰ্গত ৰঙান...
28/03/2026

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত লখিমপুৰ জিলাৰ অন্তৰ্গত ৰঙানদী সমষ্টি বিভিন্ন স্থানত ৰাইজৰ মাজত পকেট বৈঠক আৰু পত্ৰক বিতৰণ কৰা হয়।
ABVP Assam

লখিমপুৰৰ বাবে  এক গৌৰৱোজ্জ্বল ক্ষণ -চেন্নাইৰ সত্যবামা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত আমাৰ উত্তৰ লক্ষীমপ...
14/03/2026

লখিমপুৰৰ বাবে এক গৌৰৱোজ্জ্বল ক্ষণ -

চেন্নাইৰ সত্যবামা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত আমাৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ে 'লোক-বাদ্য' প্ৰতিযোগিতাত সোণৰ পদক বুটলি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই অনন্য সাফল্যৰ বাবে আমাৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।
ABVP Assam

“সচেতন নাগৰিক, শক্তিশালী গণতন্ত্ৰ — ১০০ শতাংশ ভোটদান আমাৰ লক্ষ্য।”অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষিমপুৰ জিলাৰ অন্তৰ্গত...
19/02/2026

“সচেতন নাগৰিক, শক্তিশালী গণতন্ত্ৰ — ১০০ শতাংশ ভোটদান আমাৰ লক্ষ্য।”

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰ নগৰ শাখা আৰু বিহপুৰীয়া নগৰ শাখাৰ যৌথ উদ্যোগত আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত ১০০% ভোট প্ৰদানৰ উদ্দেশ্যে “ নতুন ভোটাৰ সন্মিলন ” নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় । এই সন্মিলনত প্ৰায় পাঁচ শতাধিক নতুন যুৱ ভোটাৰে অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পৰশ গোস্বামী ছাৰ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদিকা শিল্পীশিখা হাজৰিকা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা প্ৰমুখ পংকজ হাজৰিকা ছাৰ আৰু বিহপুৰীয়া নগৰৰ শাখাৰ সভাপতি মনোৰঞ্জন শৰ্মা ছাৰ।
ABVP Assam
Shashanka Kalita
Ritupol Das
Arindam Goswami
Utpal Neog

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লখিমপুৰ জিলাৰ বিহপুৰীয়া শাখাৰ উদ্যোগত ৭৭তম গণৰাজ্য দিৱস উপলক্ষে ১০০ মিটাৰ দীঘল তিৰংগা...
27/01/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লখিমপুৰ জিলাৰ বিহপুৰীয়া শাখাৰ উদ্যোগত ৭৭তম গণৰাজ্য দিৱস উপলক্ষে ১০০ মিটাৰ দীঘল তিৰংগা যাত্ৰা কৰা হয়।
ABVP Lakhimpur
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিবেশনত ঘোষিত হোৱা দায়িত্ব অনুসৰি ৰাজ্যিক যুটীয়া সম্পাদক হিচাপে শিল্পীশিখ...
27/12/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিবেশনত ঘোষিত হোৱা দায়িত্ব অনুসৰি ৰাজ্যিক যুটীয়া সম্পাদক হিচাপে শিল্পীশিখা হাজৰিকা, RKM ৰাজ্যিক সহ-আহ্বায়ক হিচাপে দীপজ্যোতি সোণোৱাল আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে ঋষিকা দেবনাথ, অৰ্পিতা বুঢ়াগোহাঁই আৰু অৰিন্দম বৰুৱাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লখিমপুৰ জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ABVP Assam

৬ ডিচেম্বৰ সামাজিক সমতা দিৱস উপলক্ষে নৰ্থ লখিমপুৰ নগৰ শাখাৰ উদ্যোগত পদপথত বসবাস কৰা লোকসকলক কম্বল (Blanket) বিতৰণ কৰা হয়...
07/12/2025

৬ ডিচেম্বৰ সামাজিক সমতা দিৱস উপলক্ষে নৰ্থ লখিমপুৰ নগৰ শাখাৰ উদ্যোগত পদপথত বসবাস কৰা লোকসকলক কম্বল (Blanket) বিতৰণ কৰা হয়।
ABVP Assam

আজি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপত লখিমপুৰ নগৰ শাখাৰ কৰ্যকৰ্তা সকলে অসমবাসীৰ হাৰ্টথ্ৰৱ প্ৰয়াত জুবিন গাৰ্গৰ শেষ শ্ৰদ...
19/09/2025

আজি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপত লখিমপুৰ নগৰ শাখাৰ কৰ্যকৰ্তা সকলে অসমবাসীৰ হাৰ্টথ্ৰৱ প্ৰয়াত জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
ABVP Assam

05/09/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভা নৱাৰুণ ১.0 শীৰ্ষক অনুষ্ঠানটিৰ কিছু মূহুৰ্ত
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) লখিমপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানত সৰ্বোচ্চ সদস্যতা ভৰ্তি অভিযানৰ কিছু দ...
20/08/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) লখিমপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানত সৰ্বোচ্চ সদস্যতা ভৰ্তি অভিযানৰ কিছু দৃশ্যাংশ।
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়‌ শাখা আৰু লক্ষীমপুৰ নগৰ শাখাৰ তৰফৰ পৰা নৰ্থ লক্ষীমপুৰ বিশ্বব...
07/08/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়‌ শাখা আৰু লক্ষীমপুৰ নগৰ শাখাৰ তৰফৰ পৰা নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য ড০ মুকুল চন্দ্ৰ বৰা ছাৰক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়।

ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষীমপুৰ জিলাৰ অন্তৰ্গত লক্ষীমপুৰ নগৰ শাখাৰ তৰফৰ পৰা বিদ্যাৰ্থী পৰিষদৰ ৭৭তম্ প্ৰতিষ্ঠা দি...
13/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষীমপুৰ জিলাৰ অন্তৰ্গত লক্ষীমপুৰ নগৰ শাখাৰ তৰফৰ পৰা বিদ্যাৰ্থী পৰিষদৰ ৭৭তম্ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বৰ্ষৰ চূড়ান্ত পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ শিক্ষাৰ্থীসকলক সম্বৰ্দ্ধনা অনুষ্ঠান লক্ষীমপুৰ উৎসৱ ভৱনত আয়োজন কৰা হয়। য'ত বিশেষ ভাৱে উপস্হিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পূৰ্ব ৰাজ্যিক সভাপতি ৰবীন কাকতি ছাৰ, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়া ছাৰ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষীমপুৰ জিলা প্ৰমুখ পংকজ হাজৰিকা ছাৰ,লক্ষীমপুৰ নগৰ শাখাৰ সভাপতি ড০ দিগন্ত কুমাৰ দাস ছাৰ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য অৰ্পিতা বুঢ়াগোহাঁই ডাঙৰীয়ানী,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষীমপুৰ নগৰ শাখাৰ সম্পাদক ঋতুপৰ্ণ মহন্ত ডাঙৰীয়া
ABVP Assam

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when ABVP Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Lakhimpur:

  • Want your organization to be the top-listed Non Profit Organization?

Share