All Assam Gorkha Students' Union, Tamulpur District Committee

All Assam Gorkha Students' Union, Tamulpur District Committee This is the Official page of the All Assam Gorkha Students' Union, Tamulpur District Committee

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আজি গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত...
30/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আজি গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

অনুষ্ঠানত সন্থাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত নোমল ছেত্ৰী ডাঙৰীয়া, সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত সোমৰাজ সোনাৰ ডাঙৰীয়া আৰু নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ আন বিষয়ববীয়াসকলে সংগঠনৰ আদৰ্শ, নীতি আৰু লক্ষ্য-উদ্দেশ্য অটুট ৰাখি নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰাৰ শপত গ্ৰহণ কৰে।

ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠানত এক আবেগঘন পৰিৱেশৰ সৃষ্টি হয়, য'ত সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত সুনীল কুমাৰ ছেত্ৰী ডাঙৰীয়াক তেওঁৰ সফল কাৰ্যকালৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। উপস্থিত সকলোৱে তেওঁৰ নেতৃত্ব, ত্যাগ আৰু সংগঠনলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰে আৰু আগন্তুক দিনসমূহৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

All Assam Gorkha Students' Union

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ সুৰপাৰাস্থিত গংগা মায়া হাইস্কুল প্ৰাংগণত আজি অসম গোৰ্খা সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ আহ্বান...
22/07/2026

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ সুৰপাৰাস্থিত গংগা মায়া হাইস্কুল প্ৰাংগণত আজি অসম গোৰ্খা সন্মিলনৰ তামুলপুৰ জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সাধাৰণ সভাত তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ হৈ উপস্থিত থাকোঁ।

সভাত আগন্তুক জনগণনাৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।

এই গুৰুত্বপূৰ্ণ সভাৰ সফল আয়োজনৰ বাবে অসম গোৰ্খা সন্মিলনৰ তামুলপুৰ জিলা সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

All Assam Gorkha Students' Union

22/07/2026

All Assam Gorkha Students' Union

আজি তামুলপুৰৰ নাওকাটাত মহৰিপাৰা–বাঙালীপাৰা সংযোগী জৰাজীৰ্ণ পথছোৱা শীঘ্ৰে নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতী...
22/07/2026

আজি তামুলপুৰৰ নাওকাটাত মহৰিপাৰা–বাঙালীপাৰা সংযোগী জৰাজীৰ্ণ পথছোৱা শীঘ্ৰে নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত আয়োজন কৰা গণতান্ত্ৰিক পথ অৱৰোধ কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ হৈ অংশগ্ৰহণ কৰি আমাৰ পূৰ্ণ সমৰ্থন আৰু সংহতি জ্ঞাপন কৰিলোঁ।

মহৰিপাৰা–বাঙালীপাৰা সংযোগী এই পথছোৱাই অঞ্চলটোৰ জনসাধাৰণৰ দৈনন্দিন যাতায়তৰ একমাত্ৰ ভৰসা। কিন্তু দীৰ্ঘদিন ধৰি পথটো জৰাজীৰ্ণ হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰী, কৃষক, ৰোগী, ব্যৱসায়ী তথা সাধাৰণ ৰাইজে প্ৰতিদিনে অসহনীয় দুৰ্ভোগ ভোগ কৰি আহিছে। বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো সমস্যাটোৰ স্থায়ী সমাধান নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক।

এটা উন্নত পথ কেৱল যাতায়াতৰ মাধ্যম নহয়, ই এখন অঞ্চলৰ শিক্ষা, স্বাস্থ্য, কৃষি, অৰ্থনীতি আৰু সামগ্ৰিক উন্নয়নৰ মূল ভেটি। সেয়েহে এই ন্যায্য দাবীক কোনোপধ্যেই অৱহেলা কৰিব নালাগে।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই জনস্বাৰ্থৰ প্ৰতিটো ন্যায্য দাবীৰ সৈতে সদায় দৃঢ়ভাৱে থিয় দিব। আমি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰক বিনম্ৰ কিন্তু দৃঢ় আহ্বান জনাইছোঁ যে, আৰু পলম নকৰি মহৰিপাৰা–বাঙালীপাৰা সংযোগী পথছোৱাৰ নিৰ্মাণ কাৰ্য অতিশীঘ্ৰে আৰম্ভ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰক।

ৰাইজৰ অধিকাৰৰ প্ৰশ্নত আমাৰ অৱস্থান সদায় স্পষ্ট—জনস্বাৰ্থৰ দাবীত আমি সদায় ৰাইজৰ কাষত আছোঁ আৰু থাকিম।

All Assam Gorkha Students' Union

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শ্ৰী চিবু সোণাৰ ডাঙৰীয়াক পূৱ ডেফেলী আঞ্চলিক গোৰ্...
21/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শ্ৰী চিবু সোণাৰ ডাঙৰীয়াক পূৱ ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আন্তৰিকভাৱে আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

তেখেতৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু সক্ৰিয় ভূমিকাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাক অধিক শক্তিশালী, সুসংগঠিত আৰু গতিশীল কৰি তোলাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে সমগ্ৰ গোৰ্খা ছাত্ৰ সমাজৰ স্বাৰ্থ, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আমি দৃঢ় বিশ্বাসী।

পুনৰ এবাৰ তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জনাই তেখেতৰ সফল কাৰ্যকাল, সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যতৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

All Assam Gorkha Students' Union

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ শাখা সমিতিৰ সহযোগত ২১২ সংখ্যক ভানু জয়ন্তীৰ লগত স...
13/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ শাখা সমিতিৰ সহযোগত ২১২ সংখ্যক ভানু জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ হৈ উপস্থিত থাকিবলৈ পাই আনন্দিত হ'লোঁ।

এই অনুষ্ঠানৰ জৰিয়তে কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱাৰ লগতে তেওঁলোকক আগন্তুক জীৱনৰ বাবে অধিক অধ্যৱসায়ী, দায়িত্বশীল আৰু সমাজমুখী নাগৰিক হিচাপে গঢ়ি উঠিবলৈ উৎসাহিত কৰা হয়। সকলো কৃতী ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জনালোঁ।

আয়োজক পূৱ ডেফেলী আঞ্চলিক সমিতি আৰু সহযোগ আগবঢ়োৱা সকলো শাখা সমিতিক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।

All Assam Gorkha Students' Union

অসমীয়া সাহিত্য জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আৰু অনুবাদক, ২০২৬ বৰ্ষৰ সতী সাধনী বঁটাপ্ৰাপক...
13/07/2026

অসমীয়া সাহিত্য জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আৰু অনুবাদক, ২০২৬ বৰ্ষৰ সতী সাধনী বঁটাপ্ৰাপক পদ্মশ্ৰী গীতা উপাধ্যায় ডাঙৰীয়ানীৰ বিয়োগৰ সংবাদে গভীৰভাৱে ব্যথিত কৰিলে।

তেখেতে সাহিত্যৰ জৰিয়তে অসমীয়া আৰু নেপালী ভাষাক এক নতুন দিশ দেখুৱাই বহু মূল্যৱান সৃষ্টি সমাজলৈ আগবঢ়াই গৈছে। তেখেতৰ আদৰ্শ, কৰ্ম আৰু সাহিত্যসাধনা আগন্তুক প্ৰজন্মৰ বাবে চিৰকাল অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।

বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অসংখ্য গুণমুগ্ধলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।

ওঁম শান্তি। 🙏

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিটিচি বিধান পৰিষদত...
08/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিটিচি বিধান পৰিষদত গোৰ্খা জনগোষ্ঠীৰ পৰা মনোনীত হোৱা প্ৰথমজন পাৰিষদ শ্ৰদ্ধেয় মাধৱ কাৰ্কী দেৱে কিছুদিন পূৰ্বে ইহলীলা সম্বৰণ কৰে।

আজি তেখেতৰ কোকৰাঝাৰৰ পাটগাওঁস্থিত শোকাকুল বাসগৃহত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাননীয় ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীযুত সঞ্জীৱ চৌহান ডাঙৰীয়াৰ নেতৃত্বত আমি সন্থাৰ এটি সঁজাতি দল উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।

এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা আৰু বিটিচিৰ ৰাজনৈতিক ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীৰ এগৰাকী বলিষ্ঠ প্ৰতিনিধি হিচাপে তেখেতে স্বজাতিৰ ন্যায্য অধিকাৰ, সামগ্ৰিক উন্নয়ন আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।

শেষত আমি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

ওঁ শান্তি!

All Assam Gorkha Students' Union

02/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিনিধি সভাৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান...

📍 চিলাপথাৰ, ধেমাজি

ধেমাজি জিলাৰ চিলাপথাৰত অহা ১৫ জুলাই অনুষ্ঠিতব্য সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিনিধি সভাক সফলভাৱে সম...
02/07/2026

ধেমাজি জিলাৰ চিলাপথাৰত অহা ১৫ জুলাই অনুষ্ঠিতব্য সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় প্ৰতিনিধি সভাক সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে গঠন কৰা অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয়টো আজি সন্থাৰ ধেমাজি জিলা সমিতিৰ মুখ্য উপদেষ্টা শ্ৰী খ্যাম প্ৰধান দেৱৰ কৰকমলেৰে শুভ উদ্বোধন কৰা হয়।

উদ্বোধনী অনুষ্ঠানত সন্থাৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰী নোমল ছেত্ৰী, স্বয়ংসেৱক সম্পাদক মাননীয় শ্ৰী ডি. কে. লিম্বু, ধেমাজি জিলা সমিতিৰ সভাপতি শ্ৰী চমৰাজ পুৰী, সাধাৰণ সম্পাদক শ্ৰী দিলীপ খনাল, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী বিপ্লৱ চিমৰীয়া, শ্ৰী নন্দ বুঢ়াথোকীকে ধৰি জিলাখনৰ বিভিন্ন গোৰ্খা সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি আৰু বহু ছাত্ৰ কাৰ্যকৰ্তা উপস্থিত থাকে।

ইয়াৰ পাছতে সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী নোমল ছেত্ৰীয়ে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া, সদস্যবৃন্দ আৰু ধেমাজি জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰি আগন্তুক প্ৰতিনিধি সভাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। লগতে সভাখন সুশৃংখল আৰু সফলভাৱে সম্পন্ন কৰাৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ লয় আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়।

শেষত, অহা ১৫ জুলাই অনুষ্ঠিতব্য অষ্টাদশ কেন্দ্ৰীয় প্ৰতিনিধি সভাখন সাফল্যমণ্ডিতভাৱে আয়োজনৰ বাবে অভ্যৰ্থনা সমিতিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়।

All Assam Gorkha Students' Union

Address

Tamulpur

Alerts

Be the first to know and let us send you an email when All Assam Gorkha Students' Union, Tamulpur District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share