28/07/2026
২০২৫-২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ তিনি শতাধিক কৃতি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ হেতু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বৃহত্তৰ শুৱালকুছি শাখাৰ উদ্যােগত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।
অনুষ্ঠানটিত উপস্থিত থাকে
৩০ নং হাজো - শুৱালকুছি বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, ১৬ নং শুৱালকুছি জিলা পৰিষদৰ সদস্য শ্ৰীযুত ধীৰাজ মহন্ত ডাঙৰীয়া , শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিহাৰ ৰঞ্জন কলিতা ছাৰ , বিশিষ্ট বক্তা তথা মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ শ্ৰীযুত পলয় কুমাৰ বড়ো ডাঙৰীয়া , বৃহত্তৰ শুৱালকুছি অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ মূৰব্বী শিক্ষাগুৰু সকল , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কামৰূপ জিলাৰ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱানন বৰকটকী ডাঙৰীয়াৰ লগতে গণ্যমান্য ব্যক্তি সকল ।
Himanta Biswa Sarma