Uttaran Quiz Club ,Demow

Uttaran Quiz Club ,Demow Uttaran Quiz Club is a Demow based quiz club established for encouraging and promoting quizzing culture in Demow.

2 AVs from the same quiz. For audio-videos visit the story highlight section.
30/11/2024

2 AVs from the same quiz. For audio-videos visit the story highlight section.

2 AV Qs from the set.
30/11/2024

2 AV Qs from the set.

Some questions from a recent Sports Quiz by  .
30/11/2024

Some questions from a recent Sports Quiz by .

২৯ মে' দেওবাৰ, ২০১৬, সাতটা বছৰৰ আগৰ কথা, সৰু চহৰ এখনৰ ল'ৰা এটাই এটা সপোন দেখিছিল; সৰু চহৰখনত এটা কুইজ ক্লাৱ স্থাপনৰ সপোন...
29/05/2023

২৯ মে' দেওবাৰ, ২০১৬, সাতটা বছৰৰ আগৰ কথা, সৰু চহৰ এখনৰ ল'ৰা এটাই এটা সপোন দেখিছিল; সৰু চহৰখনত এটা কুইজ ক্লাৱ স্থাপনৰ সপোন । সপোনটোৰ কথা সি তাৰ লগৰ দুটামানক কৈছিল আৰু কৈছিল তাতকৈ এবছৰ সৰু ল'ৰা এটাক। সপোনটোক সাৰ-পানী দি ডাঙৰ কৰি ল'ৰাটো লাহেকৈ সপোনটোৰ পৰা আঁতৰি গ'ল ব্যস্ততাৰ হেতু। দায়িত্বটো দি থৈ গ'ল তাতকৈ এবছৰ সৰু সেই আনটো ল'ৰাক। ল'ৰাটোৱে দায়িত্বটো মূৰ পাতি ল'বলৈ চেষ্টা কৰিলে। দিনবোৰ লাহে লাহে গৈ থাকিল। মানুহবোৰ ক্লাৱটোলৈ আহি থাকিল, গৈ থাকিল। দুজন যদি নতুনকৈ আহিল, পুৰণা চাৰিজন আঁতৰি গ'ল। তাৰ মাজতো ক্লাৱটো জীয়াই থাকিল। বাধাবোৰক সংগী কৰি, সপোনটো পূৰণ হোৱাৰ আশা লৈ কেইজনমান লগৰীয়াই একেলগে সপোনটোক ধৰি থাকিল।

এই যে সপোনটো, সপোনৰ ক্লাৱটো, তাৰে আজি সপ্তম বাৰ্ষিকী। গত বছৰটোত ক্লাৱটোৱে হাজাৰটা ধুমুহাৰ সন্মুখীন হ'ল। তথাপিও আপোন মানুহবোৰৰ ডেউকাৰ ছাঁত ক্লাৱটো ভালে থাকিল। এই যে ক্লাৱটোৰ কিবা অনুষ্ঠানত দিন-ৰাতি একাকাৰ কৰি দিয়া সদস্যকেইজন, সহায়ৰ প্ৰয়োজন হোৱা মুহূৰ্তটোতে ভগৱানৰ দৰে থিয় হোৱা ক্লাৱৰ শুভচিন্তকসকল; সকলোৰে মৰমত, সকলোৰে আশীৰ্বাদত ক্লাৱটোৱে আজি সাতটা বসন্ত গৰকিলে। কিন্তু এতিয়াও বহুদূৰ যাবলৈ আছে। কিয়নো, এই যাত্ৰা আমাৰ, এই যাত্ৰা কুইজৰ, এই যাত্ৰা অবিৰত। ৰবাৰ্ট ফষ্টৰ ভাষাতেই সেয়েহে অলপ মাত্ৰ সংযোজন কৰি কওঁ, "We have promises to keep, And miles to go before we sleep."

It was Sunday, May 29, 2016, seven years ago, a small town boy had a dream; I dream of setting up a quiz club in the small town. He told a couple of his friends about the dream and told it to a boy a year younger than him. The boy slowly moved away from the dream because of his busy schedule. He left the responsibility to the other boy who was a year younger than him. The boy tried to take the responsibility on his head. The days went by slowly. People kept coming and going to the club. If two new ones came, the old four left. Despite that, the club survived. Along with the obstacles, a few friends held on to the dream together, hoping it would come true.

Today is the seventh anniversary of this dream, the dream club. The club has faced a thousand storms in the past year. Still, the club survived under the wings of its loved ones. The members who work day and night at the events of the club, the well-wishers of the club who stand like gods in the moment of need; the club has crossed seven springs today with the love and blessings of everyone. But there is still a long way to go. Because, this journey is ours, this journey is quiz, this journey is continuous. In the words of Robert Faust, therefore, let me add just a little, "We have promises to keep, And miles to go before we sleep."

বছৰটোহে পাৰ হৈছে; এইখিনি কথা একেই আছে। পৰিকল্পনাবোৰৰ কিছুমান যদি বাস্তৱত পৰিণত হ'ল; কিছুমান কাগজ-কলমতে সীমাবদ্ধ থাকিল। গ...
29/05/2023

বছৰটোহে পাৰ হৈছে; এইখিনি কথা একেই আছে। পৰিকল্পনাবোৰৰ কিছুমান যদি বাস্তৱত পৰিণত হ'ল; কিছুমান কাগজ-কলমতে সীমাবদ্ধ থাকিল। গত বছৰটোত ক্লাৱটোৱে হাজাৰটা ধুমুহাৰ সন্মুখীন হ'ল। তথাপিও আপোন মানুহবোৰৰ ডেউকাৰ ছাঁত ক্লাৱটো ভালে থাকিল। এই যে ক্লাৱটোৰ কিবা অনুষ্ঠানত দিন-ৰাতি একাকাৰ কৰি দিয়া সদস্যকেইজন, সহায়ৰ প্ৰয়োজন হোৱা মুহূৰ্তটোতে ভগৱানৰ দৰে থিয় হোৱা ক্লাৱৰ শুভচিন্তকসকল; সকলোৰে মৰমত, সকলোৰে আশীৰ্বাদত ক্লাৱটোৱে আজি সাতটা বসন্ত গৰকিলে। কিন্তু এতিয়াও বহুদূৰ যাবলৈ আছে। এই যাত্ৰা আমাৰ, এই যাত্ৰা কুইজৰ, এই যাত্ৰা অবিৰত।

Uttaran Quiz Club ,Demow
২৯ মে', ২০২৩

২৯ মে' দেওবাৰ, ২০১৬, ছটা বছৰৰ আগৰ কথা, সৰু চহৰ এখনৰ ল'ৰা এটাই এটা সপোন দেখিছিল; সৰু চহৰখনত এটা কুইজ ক্লাৱ স্থাপনৰ সপোন । সপোনটোৰ কথা সি তাৰ লগৰ দুটামানক কৈছিল আৰু কৈছিল তাতকৈ এবছৰ সৰু ল'ৰা এটাক। সপোনটোক সাৰ-পানী দি ডাঙৰ কৰি ল'ৰাটো লাহেকৈ সপোনটোৰ পৰা আঁতৰি গ'ল ব্যস্ততাৰ হেতু। দায়িত্বটো দি থৈ গ'ল তাতকৈ এবছৰ সৰু সেই আনটো ল'ৰাক। ল'ৰাটোৱে দায়িত্বটো মূৰ পাতি ল'বলৈ চেষ্টা কৰিলে। দিনবোৰ লাহে লাহে গৈ থাকিল। মানুহবোৰ ক্লাৱটোলৈ আহি থাকিল, গৈ থাকিল। দুজন যদি নতুনকৈ আহিল, পুৰণা চাৰিজন আঁতৰি গ'ল। তাৰ মাজতো ক্লাৱটো জীয়াই থাকিল। বাধাবোৰক সংগী কৰি, সপোনটো পূৰণ হোৱাৰ আশা লৈ কেইজনমান লগৰীয়াই একেলগে সপোনটোক ধৰি থাকিল। সেই সপোনৰ ক্লাৱটোৰে আজি ছটা বছৰ সম্পূৰ্ণ হ'ল। আজিও দেওবাৰ, তাৰিখ ২৯ মে'। চনটোহে ২০২২। ২০১৬ৰ পৰা ২০২২, বহুত দিন, অন্ততঃ স্কুলীয়া শিক্ষাৰ্থীৰে গঠিত এটা কুইজ ক্লাৱৰ বাবে। পৰিকল্পনা বহুত আছিল, বহুত আছে। কিছুমান সফল হৈছে, কিছুমান সফল হ'বলৈ বাকী আছে। যাত্ৰা কিন্তু চলি থাকিব, আমাৰ, কুইজৰ। ৰবাৰ্ট ফষ্টৰ ভাষাতেই অলপ সংযোজন কৰি কওঁ, "We have promises to keep, And miles to go before we sleep."

উত্তৰণ কুইজ ক্লাৱৰ পৰিচালনাৰ প্ৰথমখন কুইজস্থান: ২ নং কাছমাৰী প্ৰাথমিক বিদ্যালয়         কাইলৈ অৰ্থাৎ ২৮ আগষ্ট, ২০২২ পুৱা ...
27/08/2022

উত্তৰণ কুইজ ক্লাৱৰ পৰিচালনাৰ প্ৰথমখন কুইজ
স্থান: ২ নং কাছমাৰী প্ৰাথমিক বিদ্যালয়
কাইলৈ অৰ্থাৎ ২৮ আগষ্ট, ২০২২ পুৱা ১০-৩০ বজাত

দশম শ্ৰেণীলৈকে মুকলি প্ৰতিযোগিতাখনৰ কোনো ভৰ্ত্তি মাছুল নাই। যোগাযোগ কৰিবলৈ তলৰ পোষ্টাৰৰ নাম্বাৰত ফোন কৰিব পাৰিব। সকলোৰে উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ..

Verified..... Not a big thing but for us it is also an achievement.
28/07/2022

Verified..... Not a big thing but for us it is also an achievement.

Enquesta-১.০(The UG Quiz)ৰ ফলাফল আছিল এনেধৰণৰ::প্ৰথম স্থান: ব্ৰন্সন শৰ্মা, মৰাণ মহাবিদ্যালয়, মৰাণ Bronson Sarmah বন্দিতা...
13/06/2022

Enquesta-১.০(The UG Quiz)ৰ ফলাফল আছিল এনেধৰণৰ::

প্ৰথম স্থান:

ব্ৰন্সন শৰ্মা, মৰাণ মহাবিদ্যালয়, মৰাণ Bronson Sarmah
বন্দিতা শৰ্মা, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰাণ

দ্বিতীয় স্থান:

Anuj SaNkar Devnath , এ ডি পি মহাবিদ্যালয়, নগাঁও
হীৰামণি বৰা, মৰাণ মহাবিদ্যালয়, মৰাণ

তৃতীয় স্থান:

মৰাণ মহাবিদ্যালয়ৰ চাৰুপ্রিয়া দিহিঙীয়া আৰু Bastov Jyoti Changmaiৰ দল

চতুৰ্থ স্থান:

শিৱসাগৰ মহাবিদ্যালয়ৰ Nabanita Bhuyan আৰু অম্লান জ্যোতি বৰাৰ দল

পঞ্চম স্থান:

চাইন্স একাডেমী, ডিমৌৰ তনয়া গগৈ আৰু অৰুন্ধতী ভৰলুৱাৰ দল

ষষ্ঠ স্থান:

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাটৰ দিম্পী দত্ত আৰু শুভাঙ্কৰ ভূঞাৰ দল

প্ৰশ্নবাণ-১.০(The written school quiz)ৰ ফলাফল আছিল এনেধৰণৰ::

প্ৰথম স্থান:
অসীম গগৈ, ডিমৌ

দ্বিতীয় স্থান:
বন্দিতা শৰ্মা, মৰাণ

তৃতীয় স্থান:
তন্ময় গগৈ, ডিমৌ

On the occasion of 6th anniversary Uttaran Quiz Club presents Enquesta-1.O: The UG Quiz and প্ৰশ্নবাণ-1.O: The Written S...
04/06/2022

On the occasion of 6th anniversary Uttaran Quiz Club presents Enquesta-1.O: The UG Quiz and প্ৰশ্নবাণ-1.O: The Written School Quiz in association with All Tai Ahom Student Union(ATASU).

Regarding rules and format visit
https://drive.google.com/file/d/18S5TglE_DbbW3-IysBPvPerxKaVgnOUE/view?usp=drivesdk

For more details you can contact us on the mentioned number or can visit uttaranquizclubdemow.weebly.com

Quiz will be conducted by : Uttaran Quiz Club

আঁৰৰ কথা: কুইজ এখন পাতিব লাগে ক্লাৱৰ মানুহবোৰ লগ হ'লে কথাটো ওলাই কেতিয়াবা, পিছে সময়বোৰ চোন নিমিলেগৈ। মানুহবোৰ ব্যস্ত, আহৰি নাই। ক্লাৱৰ সৰহভাগ সদস্যয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। পৰীক্ষা দি উঠিয়ে সেয়েহে শনিবাৰে শনিবাৰে চলি আছে hub quiz। তাৰ মাজতে ষষ্ঠ বৰ্ষপূৰ্তি সম্পূৰ্ণ কৰা ক্লাৱটোৱে কুইজ এখন পতাৰ কথা ভাবিলে। পিছে ভাবিলেই জানো হ'ব! টকা-পইচাৰ কথা আছে, দিন-বাৰৰ কথা আছে। কুইজৰ কথাটো সেয়েহে পিছুৱাই গৈ থাকিল; পিছে যুঁজ এখন নিদিয়াকৈ আমি হাৰি নাযাওঁ। গতিকে শেষত গৈ দিন এটা ঠিক হৈছে। কেবাজনো শুভাকাংক্ষীৰ সহায় আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা, ডিমৌৰ সহযোগত উত্তৰণ কুইজ ক্লাৱে আয়োজন কৰিছে দুখনকৈ কুইজ। এখন স্নাতক পৰ্যায়লৈকে মুকলি, আনখন স্কুল পৰ্যায়ৰ লিখিত কুইজ। তাৰিখ: ১২ জুন, দেওবাৰ। স্থান: ডিমৌ ৰাজহুৱা ভৱন।

দুঃসাহসেই হওক বা মৰসাহেই হওক বা বাধ্যত পৰিয়ে হওক উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ্থীয়ে পৰিচালনা কৰিব এখন স্নাতক পর্যায়ৰ কুইজ, তাৰ লগতে অৱশ্যেই এখন স্কুল কুইজ। কুইজখন সফল কৰিবলৈ আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। নাজানো কিমান দূৰ সফল হওঁ। তথাপিও সেইদিনা যদি দেখা পাওঁ সকলোকে, ভাল লাগিব আমাৰ। আহিব, লগ পাম, কুইজেৰে কথা পাতিম।

Viva la quiz...
কুইজ দীৰ্ঘজীৱী হওক...

Address

Demow
Sibsagar
785662

Opening Hours

4pm - 6pm

Alerts

Be the first to know and let us send you an email when Uttaran Quiz Club ,Demow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Uttaran Quiz Club ,Demow:

Share