15/05/2026
প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ উদ্যোগত আৰু 'ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনছ'ৰ সহযোগত মঞ্চৰ ২৩ সংখ্যকপ্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মঞ্চৰ পতাকা উত্তোলন কৰে ৰঙিয়া শাখাৰ সভাপতি মিৰাজুল ইছলামে । ইয়াৰ পিছতে ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ সভাকক্ষত 'চিকিৎসা বিজ্ঞান আৰু অন্ধবিশ্বাস' শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। 'আহা সমাজ ভাঙো, আহা সমাজ গঢ়োঁ' শীৰ্ষক ইলোৰা বিজ্ঞান মঞ্চৰ থিম ছঙেৰে আৰম্ভ হোৱা আলোচনা চক্ৰৰ সঞ্চালনা কৰে মিৰাজুল ইছলাম। মঞ্চৰ ৰঙিয়া শাখাৰ উপ সভাপতি মুস্তাফা কামাল আহমেদে আঁত ধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে প্ৰখ্যাত চিকিৎসক তথা ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই। ডাঃ কলিতাই বিষয়টোত আলোকপাত কৰি কয় যে চিকিৎসাৰ সৈতে জড়িত বহু অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে প্ৰতি বছৰে অসংখ্য লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়াত পৰে। বৈজ্ঞানিক চিকিৎসাৰ জৰিয়তেহে মানুহ সুস্থ সৱল হৈ নিৰোগী জীৱন লাভ কৰিব পাৰে । চিকিৎসা বিদ্যাৰ ইতিহাস বিশ্লেষণ কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে কয় যে চিকিৎসা বিদ্যাৰ ইতিহাস বহু পুৰণি। ভাৰতবৰ্ষতো খৃষ্টপূৰ্ব চতুৰ্থ শতিকাতে মহৰ্ষি চৰকে 'চৰক সংহিতা'ৰ যোগেদি আয়ুৰ্বেদিক চিকিৎসা বিদ্যাৰ আৰম্ভণি ঘটাইছিল। পৰৱৰ্তী সময়ত পশ্চিমীয়া ইছলাম প্ৰধান দেশসমূহৰ পৰা ভাৰতলৈ আমদানি ঘটিছিল 'ইউনানি' চিকিৎসা পদ্ধতিৰ ৷ ইংৰাজসকল ভাৰতলৈ অহাৰ পিছত ভাৰতত আধুনিক চিকিৎসা বিজ্ঞানৰ আৰম্ভণি ঘটে। বিভিন্ন ৰোগ আৰু তাৰ কাৰকবোৰৰ সৈতে কেতবোৰ ভ্ৰান্ত ধাৰণা, কুসংস্কাৰ আৰু অন্ধবিশ্বাস সংপৃক্ত হৈ থাকে বুলি মন্তব্য কৰি ডাঃ হিতেন্দ্ৰ কলিতাই কয় যে ৰোগৰ ভুল চিকিৎসাই মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। বিজ্ঞানৰ দৃষ্টিৰে যুক্তিবাদী হৈ ৰোগৰ চিকিৎসা গ্ৰহণৰ আৱশ্যকীয়তাৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত উদ্বোধনী ভাষণ দিয়ে সঞ্চালক মিৰাজুল ইছলামে। অনুষ্ঠানত ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শৈক্ষিক মুখ্য উপদেষ্টা ড° পাৰ্থফুকন মহন্তয়ো বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত আলোচ্য বিষয়বস্তুৰ ওপৰত ছাত্ৰছাত্ৰী, শিক্ষক আৰু ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে সমল ব্যক্তি ডাঃ হিতেন্দ্ৰ কলিতাই। অনুষ্ঠানত ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ অধ্যক্ষা ৰুমি মেধী, পূব কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক পবিন কলিতা, পাতিদৰং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মুকুল বেজবৰুৱা, বিশিষ্ট লেখক পবিত্ৰ কলিতা, ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অমৰজ্যোতি শৰ্মা, সমাজকৰ্মী শৰত কলিতা, শিক্ষক আলটাফ হুছেইন, সঞ্জীৱ মহন্তকে ধৰি ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে মহীয়সী নাৰী প্ৰয়াত ইলোৰা ৰায় চৌধুৰী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, গণতান্ত্ৰিক আন্দোলনৰ নেত্ৰী বিজু চৌধুৰীকে ধৰি বিজ্ঞান মনস্কতা প্ৰসাৰ আন্দোলনৰ সৈতে জড়িত প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত এক মিনিট সময় মৌণতা অৱলম্বন কৰা হয় ।।
Euclid Group of Institutions, Arts, Science & Commerce, Rangia Rumi Medhi Dipa Moni Das Harekrishna Kalita Papari Talukdar Alakesh Kalita Pranjal Kalita