13/03/2026
নাহৰকটীয়াৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক,প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ বিজয় গগৈৰ দেৱৰ আদ্যশ্ৰাদ্ধত আজি উপস্থিত হৈ তেখেতৰ পৰিয়ালৰ সৈতে দুখৰ সমভাগী হোৱাৰ লগতে বৃহত্তৰ নাহৰকটীয়া নাগৰিক মঞ্চৰ তৰফৰ পৰা এটি শোক বাৰ্তা প্ৰদান কৰা হয় ।এই অনুষ্ঠানতে টিংখং সমষ্টিৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন চাৰ আৰু নাহৰকটীয়া ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক বুলু কৰ্মকাৰ ডাঙৰীয়াক লগ পাওঁ আৰু তেওঁলোকে আমাৰ শোক বাৰ্তা প্ৰদান অনুষঠানটোত সহযোগিতা আগবঢ়াই । তেওঁলোক দুয়োজনকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ।