17/04/2026
ৰাজহুৱা গোহাৰী🙏🙏
বিষয়ঃ “ Voice of Raha Forum”
“নৱ ভাৱনা – নতুন ৰহা”ৰ দৃষ্টিভংগী আৰু প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ ৬১ নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক সজাগ, শিক্ষিত, কৰ্মঠ শিল্পী,সাহিত্যিক সমাজপ্ৰেমী নতুন প্ৰজন্মক একেখন মঞ্চত একত্ৰিত কৰাৰ উদ্দেশ্যেৰে আমি “Voice of Raha Forum“ নামৰ এটি শক্তিশালী আৰু সুশৃংখল মঞ্চ গঠন কৰাৰ সংকল্প গ্ৰহণ কৰিছো।
এই মঞ্চৰ মূল লক্ষ্য হৈছে—
ৰাষ্ট্ৰমুখী সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যক্ৰমৰ জৰিয়তে বৃহত্তৰ ৰহা অঞ্চলৰ বিকাশ সাধন কৰা ৷
ৰহা সমষ্টিৰ সামগ্ৰিক আৰু সুসংহত উন্নয়ন সাধন কৰা৷
স্থানীয় সমস্যা সমূহ গভীৰভাৱে চিনাক্ত কৰি সময়োপযোগী আৰু যুক্তিসংগত সমাধান উলিওৱা
সমাজত ঐক্য, ভাতৃত্ববোধ আৰু দায়িত্ববোধ শক্তিশালী কৰা ৷
ৰাজনীতিৰ সীমাৰেখাৰ ওপৰত থাকি এক নিষ্ঠাৱান সামাজিক কৰ্মৰ আন্দোলন গঢ়ি তোলা ৷
চৰকাৰ আৰু জনপ্ৰতিনিধিৰ জনকল্যাণমূলক কাম সমূহত সহযোগিতা কৰা ৷
সাংস্কৃতিক এনাজৰীৰে সকলোৰে লগত ভাতৃত্ববোধ গঢ়ি তুলা ৷
স্থানীয় এলেকাত নিবনুৱা সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰা ৷
আমি দৃঢ় বিশ্বাস কৰো যে, বৰ্তমান প্ৰজন্মৰ শক্তিয়েই সমাজৰ আটাইতকৈ বলিষ্ঠ শক্তি, যাৰ মাজত আছে সৃষ্টিশীলতা, সাহস আৰু পৰিবৰ্তন আনিবলৈ সক্ষমতা।
সেয়েহে ৰহা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো প্ৰান্তত থকা সমাজৰ প্ৰতিজন সচেতন যুৱক-যুৱতী,শিল্পী- সাহিত্যিক তথা অন্যান্য সংস্কাৰমুলক কামত জড়িত থকা ব্যক্তি আৰু প্ৰতিভা সমূহক এই মঞ্চখনৰ জৰিয়তে সংযুক্ত কৰি এখন শক্তিশালী সামাজিক,সাংস্কৃতিক মঞ্চ আৰু উন্নত ৰহা গঢ়াৰ মহান অভিযানত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ ৰহা সমষ্টিৰ সকলো প্ৰান্তৰ আগ্ৰহী সকললৈ বিনম্ৰ আহ্বান জনাইছো ৷
এইয়া কেৱল এটি সংগঠন নহয়—ই এক চিন্তাধাৰা, এখন কৰ্মমূখী আন্দোলন, আৰু এখন নতুন ৰহাৰ সপোন।
আহক, আমি সকলোয়ে একেলগে এক “নৱ চিন্তা – নতুন দিশ” লৈ আগবাঢ়ি এখন উন্নত, শক্তিশালী আৰু আদৰ্শ ৰহা সমষ্টি গঢ়ি তুলিবলৈ প্ৰয়াস কৰো ৷