আলোক - কৃষ্টিৰ পথাৰত সৃষ্টিৰ জোনাকী

  • Home
  • India
  • Morigaon
  • আলোক - কৃষ্টিৰ পথাৰত সৃষ্টিৰ জোনাকী

আলোক - কৃষ্টিৰ পথাৰত সৃষ্টিৰ জোনাকী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আলোক - কৃষ্টিৰ পথাৰত সৃষ্টিৰ জোনাকী, Non-Governmental Organization (NGO), Morigaon.

অসম হৈছে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনতীর্থ৷ অসমৰ জলবায়ু, পৰিৱেশ তথা এই অঞ্চলত আগৰে পৰা বসবাস কৰি অহা লোকসকলে নকৈ অহাসকলক মৰমেৰে আঁকোৱালি লৈ অসমীয়া সংস্কৃতিৰ বৰকাপোৰখনত বাৰেৰহণীয়া কৃষ্টিৰ বুটা বাছিছে৷ আজিৰ অসমীয়াই বসন্ত ঋতুত ৰঙালী বিহু উদযাপন কৰি নৱবর্ষক আদৰণি জনোৱাৰ লগতে শৰৎ কালত দুৰ্গোৎসৱ, মহাপুৰুষ দুজনাৰ জন্মোৎসৱ, দীপাৱলী,ৰাস, ঈদ, ভোগালী বিহু, দৌল উৎসৱ আদি পালন কৰি আহিছে৷
অসমৰ মূল সংস্কৃতি কৃষিমু

খী গ্রাম্য সংস্কৃতি৷

কিন্তু কৃষিমুখী অসমীয়া সমাজ এতিয়া কৃষিজীৱী হৈ থকা নাই৷ সময়ৰ লগে লগে অসমীয়া লোকসকলৰ মাটিৰ লগত সম্পর্ক নোহোৱা হৈ আহিছে৷ মাটি আৰু মানুহৰ দূৰত্বই অসমীয়াৰ বাপতি সাহোন বিহুকো কিছু পৰিমাণে বাণিজ্যিক কৰি পেলাইছে৷ আগৰ অসমীয়াই বিহু মাৰিছিল,বিহু পাতিছিল। কিন্তু আজিকালিৰ অসমীয়াই বিহু চায়, উপভোগ কৰে৷ বিহু মাৰকেই বা চাওকেই বা উপভোগেই কৰক, বিহুৰ সৈতে অসমীয়াৰ সম্পর্ক মাছ-পানীৰ সম্পর্ক! বিহু এটা উদাহৰণহে মাথোঁ। আন বিষয়বোৰো এই আশংকাৰ পৰা পৃথক নহয়।

পৰিৱৰ্তনৰ এই ধাৰাটোক নুই নকৰি শিপাৰ সন্ধানৰ দিশত এক খোজে হ’ল-“আলোক”।
এই আলোকৰ মাধ্যমেৰেই আমি বিচাৰিব খুজিছোঁ সংস্কৃতিৰ ক্ষেত্ৰখনৰ উৎকৰ্ষ সাধনৰ এক বাট। ইয়াক কেৱল এক পেজ হিচাবে নাৰাখি আমি কৰিব বিচাৰিছো ভালেসংখ্যক গঠনমুলক কাম। সেয়া ফ’ট’গ্ৰাফীৰ কৰ্মশালাও হ’ব পাৰে বা মুখাশিল্পৰ প্ৰশিক্ষণো হ’ব পাৰে। অসমীয়াই নিজকে অসমীয়া বুলি ক’বলৈ ভালপোৱা বিষয়ত মনেমিলা লোকৰ এক সংগমস্থলী হ’ল এই পেজ।
আহক। সৃষ্টিৰ এই সেন্দুৰীয়া আলিত হাতে হাত মিলাই আমি কৃষ্টি-সংস্কৃতিৰ জোনাক সিচোঁ।

Address

Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when আলোক - কৃষ্টিৰ পথাৰত সৃষ্টিৰ জোনাকী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share