আটছা, মাৰ্ঘেৰিটা শাখা

আটছা, মাৰ্ঘেৰিটা শাখা Official page of Assam Tea Tribes Students Association (ATTSA), Margherita Branch

বানপীড়িত ৰাইজৰ কাষত আটছা মাৰ্ঘেৰিটা
25/07/2026

বানপীড়িত ৰাইজৰ কাষত আটছা মাৰ্ঘেৰিটা

19/07/2026
19/07/2026

Thank you Assam TT News

19/07/2026

ইমান ধুনীয়াকৈ আমাৰ বাতৰি পৰিবেশন কৰাৰ বাবে North East Mirror ৰ সকলো পৰিয়ালবৰ্গক আমাৰ আটছা মাৰ্ঘেৰিটা শাখা তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

🎨🎶 ৭ দিনীয়া বিনামূলীয়া চিত্ৰাংকন আৰু সংগীত কৰ্মশালা 🎶🎨অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা), মাৰ্ঘেৰিটা শাখা সমিতি সদায়েই...
11/07/2026

🎨🎶 ৭ দিনীয়া বিনামূলীয়া চিত্ৰাংকন আৰু সংগীত কৰ্মশালা 🎶🎨

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা), মাৰ্ঘেৰিটা শাখা সমিতি সদায়েই আমাৰ সমাজৰ ভৱিষ্যৎ প্ৰজন্মৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

সেই উদ্দেশ্য আগত ৰাখি চলিত গ্ৰীষ্মকালীন বিদ্যালয়ৰ বন্ধৰ সময়ছোৱাত ৭ দিনীয়া বিনামূলীয়া চিত্ৰাংকন (Art) আৰু সংগীত (Singing) কৰ্মশালা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই কৰ্মশালাত চিত্ৰাংকন আৰু সংগীত ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰা অভিজ্ঞ শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞসকলে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় দিশ নিৰ্দেশনা আগবঢ়াব।

কৰ্মশালাত অংশগ্ৰহণ সম্পূৰ্ণ বিনামূলীয়া।

মাৰ্ঘেৰিটা তথা ইয়াৰ আশে-পাশে থকা অঞ্চলৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক এই সুবৰ্ণ সুযোগৰ সদব্যৱহৰ কৰি কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আন্তৰিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে।

📍 স্থান: মাৰ্ঘেৰিটা টি ইষ্টেট মডেল স্কুল
📅 আৰম্ভ: সোমবাৰ, ১৩ জুলাই ২০২৬
📞 যোগাযোগ: 9954150596 / 9954915919
(অথবা আমাৰ ফেচবুক পেজত মেচেজ কৰক।)

আহক, এই গ্ৰীষ্মকালীন বন্ধক আত্মবিশ্বাস আৰু প্ৰতিভা বিকাশৰ এক সুন্দৰ সুযোগলৈ ৰূপান্তৰিত কৰোঁ।

Pranjal Baraik Umesh Jal Ananta Ghatowar Monuj Bimal Mahanand

31/05/2026

আজিৰ অনুষ্ঠানত শ্ৰদ্ধাৰ আটছাৰ সভাপতি জগদীশ বৰাইক দেৱ প্ৰৱেশ কৰাৰ দৃশ্য

Jagdish Baraik

কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিছাত সংঘটিত দুজনী নিৰীহ চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ ধৰ্ষণ আৰু নৃশংস হত্যাৰ ঘটনা আমাৰ সকলোৰে বাবে অ...
23/05/2026

কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিছাত সংঘটিত দুজনী নিৰীহ চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ ধৰ্ষণ আৰু নৃশংস হত্যাৰ ঘটনা আমাৰ সকলোৰে বাবে অত্যন্ত লজ্জাজনক, বেদনাদায়ক আৰু উদ্বেগজনক। এই অমানৱীয় ঘটনাই আমাৰ সমাজৰ বিবেকক জোকাৰি তুলিছে।

এই জঘন্ য অপৰাধত জড়িত অভিযোগ গোলাম মুস্তাফা আৰু এজাহান আলীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছোঁ। এনে নৃশংসতা কোনো সভ্ য সমাজত কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে। সমাজত আইন, ন্যায় আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবললৈ দোষীসকলক দৃষ্টান্তমূলক শাস্তি দিয়া অন্যতন প্রয়োজন।

অসম চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত আমাৰ আহ্বান – ঘটনাটোৰ নিৰপেক্ষ আৰু দ্রুত তন্দন্ত সম্পন্ন কৰি দোষীসকলক অতি শীঘ্ৰে আইনৰ কঠোৰ আওতালৈ আনক আৰু ভুক্তভোগী পৰিয়ালক ন্যায় প্রদান কৰক।

আমি এই হৃদয়বিদাৰক ঘটনাৰ তীব্ৰ প্রতিবাদ আৰু গৰিহণা জনাইছোঁ। নিহত দুয়োজনী ছাত্ৰীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

Today’s News regarding yesterday protest at  Margherita Tea Estate,Advisor office McLeod Russel India .LtdPranjal Baraik...
21/05/2026

Today’s News regarding yesterday protest at Margherita Tea Estate,Advisor office McLeod Russel India .Ltd

Pranjal Baraik
Umesh Jal
Ananta Ghatowar
Monuj Bimal Mahanand

Address

Margherita

Website

Alerts

Be the first to know and let us send you an email when আটছা, মাৰ্ঘেৰিটা শাখা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share