ABVP Lakhimpur

ABVP Lakhimpur অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত সাফল্যৰে উত্তীৰ্ণ সকলো শিক্ষাৰ্থীক অখিল ভাৰতীয় ...
28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত সাফল্যৰে উত্তীৰ্ণ সকলো শিক্ষাৰ্থীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লখিমপুৰ জিলা তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন ।

🕯️ শোকবাণী 🕯️অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লখিমপুৰ নগৰ শাখাৰ তৰফৰ পৰা তামুলপুৰত সংঘটিত হোৱা দুখজনক পথ দুৰ্ঘটনাত প্ৰাণ হ...
25/04/2026

🕯️ শোকবাণী 🕯️
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লখিমপুৰ নগৰ শাখাৰ তৰফৰ পৰা তামুলপুৰত সংঘটিত হোৱা দুখজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা বিহুৱতীৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈ লৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি ।
তেওঁৰ এই অকাল প্ৰয়াণে সমগ্ৰ তামুলপুৰ নিজজাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
এই কৰুণ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সকলোৰে বাবে আশূ আৰোগ্য কামনা কৰিছোঁ। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা থাকিল।
প্ৰভুৱে প্ৰয়াত আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু পৰিয়ালক এই অসহনীয় বেদনাক সহ্য কৰাৰ শক্তি দান কৰক।
– অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
লখিমপুৰ জিলা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত লখিমপুৰ জিলাৰ অন্তৰ্গত ৰঙান...
28/03/2026

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ১০০% ভোটদান নিশ্চিতকৰণৰ সজাগতা অভিযান সন্দৰ্ভত লখিমপুৰ জিলাৰ অন্তৰ্গত ৰঙানদী সমষ্টি বিভিন্ন স্থানত ৰাইজৰ মাজত পকেট বৈঠক আৰু পত্ৰক বিতৰণ কৰা হয়।
ABVP Assam

লখিমপুৰৰ বাবে  এক গৌৰৱোজ্জ্বল ক্ষণ -চেন্নাইৰ সত্যবামা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত আমাৰ উত্তৰ লক্ষীমপ...
14/03/2026

লখিমপুৰৰ বাবে এক গৌৰৱোজ্জ্বল ক্ষণ -

চেন্নাইৰ সত্যবামা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত আমাৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ে 'লোক-বাদ্য' প্ৰতিযোগিতাত সোণৰ পদক বুটলি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই অনন্য সাফল্যৰ বাবে আমাৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।
ABVP Assam

“সচেতন নাগৰিক, শক্তিশালী গণতন্ত্ৰ — ১০০ শতাংশ ভোটদান আমাৰ লক্ষ্য।”অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষিমপুৰ জিলাৰ অন্তৰ্গত...
19/02/2026

“সচেতন নাগৰিক, শক্তিশালী গণতন্ত্ৰ — ১০০ শতাংশ ভোটদান আমাৰ লক্ষ্য।”

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লক্ষিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰ নগৰ শাখা আৰু বিহপুৰীয়া নগৰ শাখাৰ যৌথ উদ্যোগত আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত ১০০% ভোট প্ৰদানৰ উদ্দেশ্যে “ নতুন ভোটাৰ সন্মিলন ” নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় । এই সন্মিলনত প্ৰায় পাঁচ শতাধিক নতুন যুৱ ভোটাৰে অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পৰশ গোস্বামী ছাৰ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদিকা শিল্পীশিখা হাজৰিকা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা প্ৰমুখ পংকজ হাজৰিকা ছাৰ আৰু বিহপুৰীয়া নগৰৰ শাখাৰ সভাপতি মনোৰঞ্জন শৰ্মা ছাৰ।
ABVP Assam
Shashanka Kalita
Ritupol Das
Arindam Goswami
Utpal Neog

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লখিমপুৰ জিলাৰ বিহপুৰীয়া শাখাৰ উদ্যোগত ৭৭তম গণৰাজ্য দিৱস উপলক্ষে ১০০ মিটাৰ দীঘল তিৰংগা...
27/01/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লখিমপুৰ জিলাৰ বিহপুৰীয়া শাখাৰ উদ্যোগত ৭৭তম গণৰাজ্য দিৱস উপলক্ষে ১০০ মিটাৰ দীঘল তিৰংগা যাত্ৰা কৰা হয়।
ABVP Lakhimpur
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিবেশনত ঘোষিত হোৱা দায়িত্ব অনুসৰি ৰাজ্যিক যুটীয়া সম্পাদক হিচাপে শিল্পীশিখ...
27/12/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩১তম ৰাজ্যিক অধিবেশনত ঘোষিত হোৱা দায়িত্ব অনুসৰি ৰাজ্যিক যুটীয়া সম্পাদক হিচাপে শিল্পীশিখা হাজৰিকা, RKM ৰাজ্যিক সহ-আহ্বায়ক হিচাপে দীপজ্যোতি সোণোৱাল আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে ঋষিকা দেবনাথ, অৰ্পিতা বুঢ়াগোহাঁই আৰু অৰিন্দম বৰুৱাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লখিমপুৰ জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ABVP Assam

৬ ডিচেম্বৰ সামাজিক সমতা দিৱস উপলক্ষে নৰ্থ লখিমপুৰ নগৰ শাখাৰ উদ্যোগত পদপথত বসবাস কৰা লোকসকলক কম্বল (Blanket) বিতৰণ কৰা হয়...
07/12/2025

৬ ডিচেম্বৰ সামাজিক সমতা দিৱস উপলক্ষে নৰ্থ লখিমপুৰ নগৰ শাখাৰ উদ্যোগত পদপথত বসবাস কৰা লোকসকলক কম্বল (Blanket) বিতৰণ কৰা হয়।
ABVP Assam

Address

North Lakhimpur
Lakhimpur

Alerts

Be the first to know and let us send you an email when ABVP Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ABVP Lakhimpur:

Shortcuts

Share