Anand Niketan Trust, Kalipur

Anand Niketan Trust, Kalipur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anand Niketan Trust, Kalipur, Non-Governmental Organization (NGO), Kalipur, Kalipur.

অম্বুবাচী মহাযোগত আনন্দ নিকেতন ট্ৰাষ্টৰ সেৱাৰ উজ্জ্বল নিদৰ্শন : পাঁচ দিনীয়া বিনামূলীয়া খাদ্য আৰু পানীয় বিতৰণ কাৰ্যসূচ...
26/06/2026

অম্বুবাচী মহাযোগত আনন্দ নিকেতন ট্ৰাষ্টৰ সেৱাৰ উজ্জ্বল নিদৰ্শন : পাঁচ দিনীয়া বিনামূলীয়া খাদ্য আৰু পানীয় বিতৰণ কাৰ্যসূচীৰ সফল সমাপ্তি

গুৱাহাটী, ২৬ জুন : পবিত্ৰ অম্বুবাচী মহাযোগ উপলক্ষে দেশ-বিদেশৰ পৰা কামাখ্যা ধামলৈ অহা লাখ লাখ ভক্ত, সাধু-সন্ত আৰু তীৰ্থযাত্ৰীসকলৰ সেৱাৰ উদ্দেশ্যে আনন্দ নিকেতন ট্ৰাষ্ট, কালিপুৰৰ সৌজন্যত আনন্দ নিকেতন আশ্ৰমত ২২ জুনৰ পৰা ২৬ জুন, ২০২৬লৈকে অনুষ্ঠিত বিনামূলীয়া খাদ্য সামগ্ৰী আৰু পানীয় বিতৰণ কাৰ্যসূচী সফলভাৱে সমাপ্ত হয়।

পাঁচ দিন ধৰি চলা এই সেৱামূলক কাৰ্যসূচীত প্ৰতিদিনে অসংখ্য ভক্ত, সাধু-সন্ত, তীৰ্থযাত্ৰী আৰু পথচাৰীক বিনামূলীয়াকৈ পুষ্টিকৰ খাদ্য, বিশুদ্ধ খোৱাপানী আৰু অন্যান্য প্ৰয়োজনীয় পানীয় সামগ্ৰী বিতৰণ কৰা হয়। আশ্ৰম চৌহদত ভক্তসকলৰ বাবে সুশৃংখল ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু ট্ৰাষ্টৰ কৰ্মকৰ্তা, স্বে
নীলাচল বেদ বিদ‍্যাপীঠৰ সমুহ বটুকো ,আশ্ৰমৰ ভক্তসকলে নিষ্ঠা আৰু আন্তৰিকতাৰে এই সেৱা আগবঢ়ায়। ভক্তসকলেও এই মহৎ পদক্ষেপৰ শলাগ লয় আৰু আনন্দ নিকেতন ট্ৰাষ্টৰ মানৱসেৱামূলক প্ৰচেষ্টাক প্ৰশংসা কৰে।

কাৰ্যসূচীৰ অনুষ্ঠানত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড. পৱন তিৱাৰী, বিশিষ্ট সমাজসেৱক অজয় পোৰ্ডাৰ, আনন্দ নিকেতন ট্ৰাষ্ট, কালিপুৰৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতা, নীলাচল বেদ বিদ্যালয়ৰ প্ৰধান আচাৰ্য নৱিন অধিকাৰী, নীলাচল বেদ বিদ্যালয়ৰ কাৰ্যকাৰিণী সদস্য অৰিন্দম বৰুৱা, বিজেপি কিষাণ মৰ্চাৰ নেতা পংকজ বৰুৱা , বিদ‍্যা ভাৰতীৰ বিনয় শৰ্মাৰ লগতে বহুতো সমাজসেৱক, আশ্ৰমৰ ভক্ত আৰু শুভাকাঙ্ক্ষী উপস্থিত থাকে।

এই উপলক্ষে বক্তব্য ৰাখি মনোজ কলিতাই কয় যে, অম্বুবাচী মহাযোগত আগতীয়া বছৰৰ দৰেই এইবাৰো আগন্তুক ভক্তসকলৰ সেৱাৰ বাবে আনন্দ নিকেতন ট্ৰাষ্টে আন্তৰিকতাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁ এই মহৎ উদ্যোগ সফল কৰি তুলিবলৈ আৰ্থিক সহায়, খাদ্য সামগ্ৰী, শ্ৰম আৰু অন্যান্য দিশত সহযোগিতা আগবঢ়োৱা সকলো দাতা, শুভানুধ্যায়ী, স্বেচ্ছাসেৱক আৰু আশ্ৰমৰ ভক্তসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ লগতে কয় যে, “মানৱ সেৱাই হৈছে প্ৰকৃত ঈশ্বৰ সেৱা”—এই আদৰ্শক সন্মুখত ৰাখি আনন্দ নিকেতন ট্ৰাষ্টে ভৱিষ্যতেও সমাজৰ দৰিদ্ৰ, অসহায় আৰু প্ৰয়োজনীয় লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন সমাজসেৱামূলক আৰু জনহিতকৰ কাৰ্যসূচী অব্যাহত ৰাখিব।

অম্বুবাচী মহাযোগৰ দৰে এক বৃহৎ আধ্যাত্মিক সমাৱেশত আনন্দ নিকেতন ট্ৰাষ্টৰ এই নিঃস্বাৰ্থ সেৱাই সমাজত মানৱতা, সহমৰ্মিতা আৰু সেৱাৰ এক উজ্জ্বল নিদৰ্শন স্থাপন কৰিছে।

26/06/2026
আনন্দ নিকেতন ট্ৰাষ্টৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণকালিপুৰস্থিত আনন্দ নিকেতন ট্ৰাষ্টৰ সৌজন্যত পবিত্ৰ অম্বুবাচী মেলাৰ উপলক্...
24/06/2026

আনন্দ নিকেতন ট্ৰাষ্টৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ

কালিপুৰস্থিত আনন্দ নিকেতন ট্ৰাষ্টৰ সৌজন্যত পবিত্ৰ অম্বুবাচী মেলাৰ উপলক্ষে আনন্দ নিকেতন আশ্ৰমত ভক্তবৃন্দ, তীৰ্থযাত্ৰী আৰু দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। ট্ৰাষ্টৰ এই মানৱসেৱামূলক পদক্ষেপে সমাজত সহমৰ্মিতা আৰু সেৱাৰ মনোভাৱ অধিক শক্তিশালী কৰি তুলিছে।

আনন্দ নিকেতন ট্ৰাষ্টৰ সৌজন্যত অম্বুবাচী মেলাত খাদ্য সামগ্ৰী বিতৰণ :পবিত্ৰ অম্বুবাচী মেলাৰ উপলক্ষে আনন্দ নিকেতন ট্ৰাষ্ট, ...
22/06/2026

আনন্দ নিকেতন ট্ৰাষ্টৰ সৌজন্যত অম্বুবাচী মেলাত খাদ্য সামগ্ৰী বিতৰণ :
পবিত্ৰ অম্বুবাচী মেলাৰ উপলক্ষে আনন্দ নিকেতন ট্ৰাষ্ট, কালিপুৰৰ উদ্যোগত আনন্দ নিকেতন আশ্ৰমত ভক্তবৃন্দ, সাধু-সন্ত আৰু তীৰ্থযাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী আৰু পানীয় বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

আনন্দ নিকেতন ট্ৰাষ্টৰ দ্বাৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালনগুৱাহাটী : ২১ জুন ২০২৬আজি  ২১ জুন ২০২৬ তাৰিখ ৰৱিবাৰে আন্তৰাষ্ট্...
21/06/2026

আনন্দ নিকেতন ট্ৰাষ্টৰ দ্বাৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন

গুৱাহাটী : ২১ জুন ২০২৬

আজি ২১ জুন ২০২৬ তাৰিখ ৰৱিবাৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱস আনন্দ নিকেতন ট্ৰাষ্ট কালিপুৰ আনন্দ নিকেতন আশ্ৰমৰ দ্বাৰা ৰাতিপুৱা ১০ বজাৰ পৰা ১১ বজালৈ যোগ দিৱস পালন কৰা হয় ।

উক্ত যোগ দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিলাচল বেদ বিদ‍্যাপীঠৰ কাৰ্যকাৰী সদস‍্য অৰিন্দম বৰুৱা ,শিশু শিক্ষা সমিতিৰ পুৰ্নকালিন কাৰ্যকৰ্তা শংকৰ বিশ্বাস ,শংকৰদেৱ শিশু নিকেতন বৰাগাওঁৰ প্ৰধান আচাৰ্য ৰমেন গোস্বামী , উপ প্ৰধান আচাৰ্য অৰুন চক্ৰৱৰ্তী , শংকৰদেৱ শিশু নিকেতন,বৰাগাওঁৰ শাৰীৰিক আচাৰ্য দিপাংকৰ শৰ্মা ,বি.জে.পি কিষান মৰ্চাৰ সম্পাদক পংকজ বৰুৱা , নিলাচল বেদ বিদ‍্যা পীঠৰ আচাৰ্য নৱিন অধিকাৰী দেবৰ লগতে আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতাৰ লগতে বিদ্যাভাৰতীৰ বহুতো কাৰ্যকৰ্তা এই যোগ দিৱসত উপস্হিত থাকে ।
মাননীয় বিশিষ্ট অতিথি অৰিন্দম দেৱে এই যোগ দিবসত অংশগ্ৰহণ কৰা সকলোকে যোগ কৰিলে আমাৰ শৰীৰৰ কি হয় অতি সুন্দৰভাৱে বুজাই দিয়ে আৰু সকলোকে ৰাতিপুৱা নাইবা গধুলি এক ঘন্টা নাইবা কমেও আধা ঘণ্টা যোগ কৰিবলৈ কয় ।

সদৌ শেষত আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতাই উক্ত যোগ দিৱসত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনাই আৰু আনন্দ নিকেতন ট্ৰাষ্টৰ সকলো কামতে আগন্তুক দিনত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই।

**"गौ, वेद और संस्कार से ही होगा राष्ट्र का पुनर्जागरण" — परम पूज्य स्वामी श्री राजेन्द्र दास देवाचार्य जी महाराज****गुव...
10/06/2026

**"गौ, वेद और संस्कार से ही होगा राष्ट्र का पुनर्जागरण" — परम पूज्य स्वामी श्री राजेन्द्र दास देवाचार्य जी महाराज**

**गुवाहाटी, 10 जून।** नीलाचल पर्वत स्थित आनंद निकेतन आश्रम का स्वर्ण जयंती समारोह श्रद्धा, आध्यात्मिकता एवं राष्ट्रचेतना के वातावरण में भव्य रूप से संपन्न हुआ। देश के विभिन्न राज्यों से पधारे संत-महात्माओं, विद्वानों एवं श्रद्धालुओं की उपस्थिति ने आयोजन को विशेष गरिमा प्रदान की।

कार्यक्रम का शुभारंभ विद्या भारती पूर्वोत्तर क्षेत्र के संगठन मंत्री डॉ. पवन तिवारी के स्वागत उद्बोधन से हुआ। उन्होंने आश्रम की 50 वर्षीय गौरवपूर्ण यात्रा, नीलाचल वेद विद्यालय, गोशाला तथा प्रस्तावित वैदिक गुरुकुल की गतिविधियों की जानकारी दी। उन्होंने बताया कि वर्तमान में 16 बटुक वेद विद्यालय में वैदिक शिक्षा प्राप्त कर रहे हैं तथा भारतीय संस्कृति एवं संस्कारों के संरक्षण हेतु निरंतर प्रयास किए जा रहे हैं।

इस अवसर पर परम पूज्य स्वामी श्री राजेन्द्र दास देवाचार्य जी महाराज ने अपने आशीर्वचन में कहा कि गौ, वेद और संस्कार भारतीय संस्कृति के मूल आधार हैं तथा इन्हीं के माध्यम से राष्ट्र का पुनर्जागरण संभव है। उन्होंने गौसंरक्षण, वैदिक शिक्षा, पर्यावरण संरक्षण एवं चरित्र निर्माण के महत्व पर प्रकाश डालते हुए समाज से वैदिक मूल्यों को अपनाने का आह्वान किया।

उन्होंने कहा कि भारतीय देशी गौवंश प्रकृति एवं मानवीय मूल्यों के संरक्षण का आधार है। शुद्ध आहार, सात्त्विक जीवनशैली तथा संस्कारयुक्त शिक्षा से ही स्वस्थ समाज और सशक्त राष्ट्र का निर्माण संभव है। साथ ही युवाओं को संस्कृत, व्याकरण एवं वेदाध्ययन के लिए प्रेरित किया।

कार्यक्रम में पूज्य गोविन्द गंगा दास जी महाराज, हरिदास जी महाराज, राष्ट्रीय स्वयंसेवक संघ के प्रचारक उल्लास कुलकर्णी, डॉ. विवेकानंद शर्मा, विकास नागपुरिया सहित विभिन्न सामाजिक, शैक्षिक एवं धार्मिक संगठनों के प्रतिनिधि उपस्थित रहे।

वैदिक शांति-पाठ एवं मंगलकामनाओं के साथ समारोह का समापन हुआ।

अनंतश्रीविभूषित श्रीमज्जगद्गुरु द्वाराचार्य श्रीअग्रिपीठाधीश्वर एवं मलूकीपीठाधीश्वर परम पूज्य स्वामी श्रीराजेंद्र दास दे...
10/06/2026

अनंतश्रीविभूषित श्रीमज्जगद्गुरु द्वाराचार्य श्रीअग्रिपीठाधीश्वर एवं मलूकीपीठाधीश्वर परम पूज्य स्वामी श्रीराजेंद्र दास देवाचार्यजी महाराज

Shrimad Jagadguru Dwaracharya Shri Rajendra Das Ji Maharaj, who is ...

বিশ্ব পৰিবেশ দিৱসত আনন্দ নিকেতন ট্ৰাষ্টৰ গছপুলি ৰোপণ কাৰ্য্যক্ৰম  গুৱাহাটী: ৫ জুন ২০২৬ আনন্দ নিকেতন ট্ৰাষ্ট কালীপুৰ আনন্...
05/06/2026

বিশ্ব পৰিবেশ দিৱসত আনন্দ নিকেতন ট্ৰাষ্টৰ গছপুলি ৰোপণ কাৰ্য্যক্ৰম

গুৱাহাটী: ৫ জুন ২০২৬

আনন্দ নিকেতন ট্ৰাষ্ট কালীপুৰ আনন্দ নিকেতন আশ্ৰমৰ আৰু নিলাচল বেদ বিদ‍্যাপীঠৰ দ্বাৰা আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে কালিপুৰ আনন্দ নিকেতন আশ্ৰমত ১৫ জোপা ফলমুল আৰু অন্যান্য ২০জোপা অন্য গছৰ পুলি ৰোপণ কৰা হয় । এই বৃক্ষ ৰোপণ কাৰ্য্যক্ৰমত নিলাচল বেদ বিদ‍্যা পীঠৰ সম্পাদক মাননীয় বিবেক কুমাৰ মিশ্ৰ , বেদ বিদ‍্যাপীঠৰ কাৰ্যকাৰি সদস‍্য অৰিন্দম বৰুৱা আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতা বিশিষ্ঠ সমাজ কৰ্মী মাননীয় সন্দিপ চমৰীয়া , নিলাচল বেদ বিদ্যাপীঠ মাননীয় অধ্যক্ষ নবিন অধিকাৰী , কিশোৰ ঊপাধ্যায় , নিলাচল বেদ বিদ্যাপীঠৰ সকলো ছাত্ৰই গছ পুলি ৰোপণ কৰে । এই কাৰ্য্যক্ৰমত মাননীয় সন্দিপ সমৰীয়া দেৱে কয় যে “ গছ - থাকিলেহে - মানুহ - থাকিব , প্ৰকৃতি আৰু পৰিবেশৰ প্ৰতি নিজৰ দায়িত্ব আমি সকলোৱে পালন কৰিব লাগে আমি এজোপা গছ কাটিলে কমেও দহ জোপা গছৰ পুলি ৰোপণ কৰিব লাগে। তেখেতে লগতে কাৰ্যক্ৰমত উপস্থিত থকা সকলো কাৰ্যকৰ্তাক গছৰ পুলি ৰোপণ কৰিবলৈ অনুৰোধ জনায় । শেষত মাননীয় সন্দিপ সমৰীয়া দেৱে কয় যে আনন্দ নিকেতন ট্ৰাষ্টৰ ফালৰ পৰা যি বিলাক সামাজিক উন্নয়নৰ কাৰ্য সম্পাদিত হৈ আছে তাৰ বাবে আনন্দ নিকেতন ট্ৰাষ্টৰ সকলো সদস্যকে আন্তৰিক অভিনন্দন জনায় ।

*আনন্দ নিকেতন ট্ৰাষ্টৰ দ্বাৰা শিৱৰাত্ৰি পূজা কাৰ্য্যক্ৰম*  গুৱাহাটী: ১৬ফেব্ৰুৱাৰী ২০২৬আজি  ১৬ ফেব্ৰুৱাৰী ২০২৬ইং তাৰিখ সো...
16/02/2026

*আনন্দ নিকেতন ট্ৰাষ্টৰ দ্বাৰা শিৱৰাত্ৰি পূজা কাৰ্য্যক্ৰম*

গুৱাহাটী: ১৬ফেব্ৰুৱাৰী ২০২৬

আজি ১৬ ফেব্ৰুৱাৰী ২০২৬ইং তাৰিখ সোমবাৰে আনন্দ নিকেতন ট্ৰাষ্ট আনন্দ নিকেতন আশ্ৰমৰ দ্বাৰা দিনযোৰা কাৰ্য্যসূচীৰে শিৱৰাত্ৰি পূজা পালন কৰা হয় ,
উক্ত শিৱৰাত্ৰি পূজাত হোম যজ্ঞ কৰা হয় ।
উক্ত শিৱৰাত্ৰি পূজাত উপস্থিত থাকে বিদ‍্যা ভাৰতী পূৰ্বোত্ৰৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড.পবন তিৱাৰী, আৰ .এছ .এছৰ প্ৰচাৰক মাননীয় ৰাজকুমাৰ মিটালেজী , নিলাচল বেদ বিদ‍্যাপীঠৰ অধ‍্যক্ষ নৱীন অধিকাৰী, নিলাচল বেদ বিদ‍্যাপীঠৰ সংযোজক ৰাতুল ডেকা , বিশিষ্ট সমাজ সেৱক অৰিন্দম বৰুৱা , জয়চৰণ লহকৰৰ লগতে বিদ‍্যা ভাৰতী পূৰ্বোত্ৰৰ ক্ষেত্ৰৰ কাৰ্যলয় সচিৱ মাননীয় লালজী সোনাৰী আৰু বহুতো সমাজ সেৱক ব‍্যক্তিৰ লগতে আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতা আৰু আনন্দ নিকেতন আশ্ৰমৰ লগত জড়িত বহুতো ভক্ত প্ৰান লোক ।

শিৱৰাত্ৰি পূজাৰ শেষত সকলোৱে শিৱবাবাৰ ওচৰত সেৱা জনাই আৰু সকলোৱে শিৱবাবাৰ ভোগ গ্ৰহণ কৰে ।

সদৌ শেষত আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতাই উক্ত শিৱৰাত্ৰি পূজাত উপস্থিত থকা সকলোকে ধন্যবাদ জনাই আৰু আনন্দ নিকেতন ট্ৰাষ্টৰ লগতে আনন্দ নিকেতন আশ্ৰমৰ সকলো কামতে আগন্তুক দিনত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই।

*আনন্দ নিকেতন ট্ৰাষ্টৰ দ্বাৰা মাঘীপূৰ্ণিমা উৎসব কাৰ্য্যক্ৰম*  গুৱাহাটী: ০১ ফেব্ৰুৱাৰী ২০২৬আজি  ১ ফেব্ৰুৱাৰী ২০২৬ ইং তাৰি...
01/02/2026

*আনন্দ নিকেতন ট্ৰাষ্টৰ দ্বাৰা মাঘীপূৰ্ণিমা উৎসব কাৰ্য্যক্ৰম*

গুৱাহাটী: ০১ ফেব্ৰুৱাৰী ২০২৬

আজি ১ ফেব্ৰুৱাৰী ২০২৬ ইং তাৰিখ ৰৱিবাৰে আনন্দ নিকেতন ট্ৰাষ্ট আনন্দ নিকেতন আশ্ৰমৰ দ্বাৰা দিনযোৰা কাৰ্য্যসূচীৰে মাঘীপূৰ্ণিমা উৎসৱ পালন কৰা হয় ,

উক্ত মাঘীপূৰ্ণিমা উৎসৱত ভগবানৰ নাম কীৰ্তন কৰাৰ লগতে হোম যজ্ঞ কৰা হয় ।

উক্ত মাঘীপূৰ্ণিমা উৎসৱত উপস্থিত থাকে আনন্দ নিকেতন ট্ৰাষ্টৰ ট্ৰাষ্টী ইন চাৰ্জ সদা দত্ত, আনন্দ নিকেতন ট্ৰাষ্টৰ কাৰ্য্যকৰী সদস্য ড.পবন তিৱাৰী, চন্দন দেবনাথ, নিলাচল বেদ বিদ‍্যাপিঠৰ অধ‍্যক্ষ নৱীন অধিকাৰীৰ লগতে উপস্থিত থাকে বিশিস্টসমাজ সেৱক ৰমেশ ভাটীয়া , ৰাজীৱ অগ্ৰৱাল , ৰামকুমাৰ অগ্ৰৱাল ,অৰিমন্দম বৰুৱা লগতে বহুতো সমাজ সেৱক ব‍্যক্তিৰ লগতে আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতা আৰু বিদ্যাভাৰতীৰ বহুতো লোকৰ লগতে আনন্দ নিকেতন আশ্ৰমৰ লগত জড়িত বহুতো ভক্ত প্ৰান লোক ।

মাঘীপূৰ্ণিমা উৎসৱৰ শেষত সকলোৱে ভগৱানৰ ওচৰত সেবা জনাই আৰু সকলোৱে ভগৱানৰ ভোগ গ্ৰহণ কৰে ।

সদৌ শেষত আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতাই উক্ত মাঘীপূৰ্ণিমা উৎসৱত উপস্থিত থকা সকলোকে ধন্যবাদ জনাই
আৰু আনন্দ নিকেতন ট্ৰাষ্টৰ লগতে আনন্দ নিকেতন আশ্ৰমৰ সকলো কামতে আগন্তুক দিনত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই।

Address

Kalipur
Kalipur
781009

Telephone

+919707023106

Website

Alerts

Be the first to know and let us send you an email when Anand Niketan Trust, Kalipur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Anand Niketan Trust, Kalipur:

Shortcuts

Share