21/01/2024
তেখেতৰ দেউতাক আছিল ব্ৰিটিছ চৰকাৰৰ দিনৰ এজন ভাৰতীয় অসামৰিক সেৱাৰ (ICS) বিষয়া। তেতিয়াৰ দিনত এখন জিলাই আছিল আজিৰ এখন ৰাজ্যৰ সমান, এজন আই চি এছ বিষয়া আজিৰ মুখ্যমন্ত্ৰী এজনতকৈৱো বেছি প্ৰভাৱশালী আছিল তেতিয়া। প্ৰাচুৰ্য , বিভুতি, বৈভৱ ,ক্ষমতা একেলগে সৰুৰেৰে পৰা দেখি অহা লোক। তেখেতৰ এজন ভায়েক ত্ৰিপুৰা চৰকাৰৰ মুখ্য সচিব হৈছিল আৰু আন এজন উত্তৰ প্ৰদেশ আৰক্ষীৰ সঞ্চালক প্ৰধান হৈছিল। তেখেত নিজেৱো অত্যন্ত মেধাবী আছিল আৰু বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ বিদেশত স্বাচ্ছন্দ্য জীৱন যাপন কৰিব পাৰিলে হেতেন নতুবা দেশতে উচ্চ প্ৰদস্থ বিষয়া হব পাৰিলেহেঁতেন। কিন্তু তেওঁ জীৱনৰ ব্ৰত কৰি ললে দেশ সেৱাৰ। 1990 চনত ৰাম মন্দিৰৰ ভুমি পুজনৰ বাবে যোৱা কৰসেৱকৰ দলক তেওঁ নেতৃত্ব দিছিল আৰু প্ৰথম আৰক্ষীৰ প্ৰহাৰ তেওঁৰ মুৰত পৰিছিল। উন্মুত্ত হৈ পৰা আৰক্ষী বাহিনীয়ে উপৰ্য্যোপৰি লাঠীৰে প্ৰহাৰ কৰিছিল 64 বছৰীয়া সেই লোক জনৰ মুৰত আৰু মুৰ ফাটি ৰক্তাক্ত শৰীৰেৰে তেওঁ ধলি পৰিছিল মাটিত। কিন্তু ইয়াৰ পাছতো ইমানেই সংযত আছিল সেই সকল কৰসেৱক যে কোনোৱো আৰক্ষীৰ ওপৰত হাত উঠুৱা নাছিল, আৰক্ষী মাৰিবলৈ শিলগুটি উঠাই লোৱা নাছিল বৰঞ্চ নিজৰ শৰীৰ পাতি দিছিল পুলিচৰ আক্ৰমণৰ পৰা তেওঁলোকৰ নেতা জনক ৰক্ষা কৰিবলৈ।। তাৰ পিছতো কোৱা হয় হিন্দু সন্ত্ৰাসবাদী।। তেখেতৰ নাম আছিল অশোক সিংঘাল, বিশ্ব হিন্দু পৰিষদৰ সেই সময়ৰ সভাপতি আৰু ৰামজনম ভুমি আন্দোলনৰ কাৰ্য্যবাহী ।
গোটেই দেশৰ পৰা অহা কৰসেৱকক বাধা দিবলৈ বিভিন্ন পথত পুলিচ বেষ্টনী নিৰ্মাণ কৰা হৈছিল আৰু মাথো দহ হাজাৰ কৰ সেৱক হে আহিবলৈ সক্ষম হৈছিল অযোধ্যালৈ, তেওঁলোকৰ বহুতে ৰাতিৰ এন্ধাৰত সৰজু নদী পাৰ হৈ আহিছিল। এই 10 হাজাৰ লোকক ৰোধ কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে মোতায়ন কৰিছিল 28 হাজাৰ অস্ত্ৰ ধাৰী আৰক্ষী , মুখ্যমন্ত্ৰী মুলায়ম সিঙে নিৰ্দেশ দিছিল যাতে ৰাম জন্ম ভূমিৰ ওচৰলৈ মানুহ নালাগে চৰাই এটাৱো যাব নোৱাৰে। 30 অক্টোবৰৰ দিনা আৰক্ষীয়ে গুলি চালন কৰিছিল আৰু মুৰত লক্ষ্য কৰিয়েই গুলি চলাইছিল কৰ সেৱকৰ ওপৰত,ধলি পৰিছিল অযোধ্যাৰ পথ গলি সমূহত । কিন্তু এনেকুৱাই দৃঢ় সংকল্প বদ্ধ লোক আছিল এই কৰসেৱক সকল যে গুলি খাই চকুৰ আগত ইমান সংখ্যক সহ যোদ্ধাৰ মৃত্যু দেখিয়ো কোনো আঁতৰি অহা নাছিল ৰাম জন্ম ভূমিৰ পৰা। পিছদিনা 1 নৱেম্বৰৰ দিনা তেওঁলোকৰ সহ যোদ্ধা সকলৰ দেহ সৎকাৰ কৰি পুনৰ 2 নৱেম্বৰৰ দিনা আহিছিল ৰাম জন্মভূমি লৈ ভুমি পুজনৰ বাবে। সেইদিনা প্ৰথমে সন্যাসী ,ধৰ্ম গুৰু সকলে অস্ত্ৰ সজ্জিত আৰক্ষীৰ ভৰিৰ আগত পৰি দিছিল, ভৰিত সন্যাসীৰ হাত লগাৰ ভয়ত দুখোজ আৰক্ষী পিছুৱাই গৈছিল আৰু এইদৰে সন্যাসী সকল গৈ জন্ম ভূমি স্থান পাইছিল গৈ। কিন্তু তেতিয়াই ওপৰৰ পৰা আহিল গুলি চালনৰ নিৰ্দেশ , আৰক্ষীয়ে নির্বিচাৰে চলালে গুলি। কিমান কৰসেৱক মৰিল কোনো হিচাপ নাই, অযোধ্যা যতে তাতে পৰি আছিল মৃত দেহ, গেলেৰীত আছে যদিও সেই ফটো নিদিও কাৰণ দিলে ফেচবুকে একাউণ্ট বন্ধ কৰি দিব। সেই মৃত ব্যক্তি সকলৰ মাজত ডক্টৰেট ডিগ্ৰী থকা লোকো আছিল। কিছু নাম পৰিচয় নথকা লোকৰ মৃতদেহো আছিল কাৰণ সন্যাসী সকলক চিনাক্ত কৰিবলৈ কোনো নাছিল ।
ইয়াৰ পিছত বাজপায়ীজী প্ৰধান মন্ত্ৰী হৈ আহিল । কিন্তু বাজপায়ীজীয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰ চলি থকা বাবে ৰামমন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰাত অশোক সিংঘাল দেৱ ক্ষুণ্ণ হৈ পৰিল আৰু আমৰণ অনশনত বহিল। যেতিয়া তেওঁৰ স্বাস্হ্য শোচনীয় হৈ যায় তেতিয়া জোৰ কৰি চৰকাৰে তেওঁক পাইপেৰে খাদ্য ভৰাই দিয়ে।বাজপায়ীৰ ওপৰত অতিকে ক্ষুব্ধ হয় সিংঘাল দেৱ আৰু এই তিক্ততা গোটেই জীৱন থাকি গল দুয়োজনৰ মাজত।
এজন লোকে প্ৰধান মন্ত্ৰীৰ লগত সুসম্পৰ্ক কৰিবলৈ কিমান কি কি কৰে , কিন্তু বাজপায়ীৰ দৰে এজন প্ৰধান মন্ত্ৰীৰ লগতো সম্পৰ্ক বেয়া কৰিছিল ৰাম মন্দিৰৰ বাবে সিংঘাল দেৱে।
মই এইখিনি কথা এই কাৰণে কৈছো যে ৰাম মন্দিৰৰ লগত ৰাজনীতি জোৰা দি তথাকথিত বিভিন্ন বুদ্ধিজীৱিয়ে বিভিন্ন কথা কৈ আছে। তেওঁলোকে জনা উচিত মোডী এক প্ৰতিকীহে মাত্ৰ, এনেকুৱা শ নহয় হাজাৰ নহয় লাখ লাখ মোডী দেশত আছে আৰু লাখ লাখ মোডী দেশত প্ৰস্তুত হৈ আছে। কোনে ভাবিছিল অসম আন্দোলনৰ সময়ত পানবজাৰত সংঘৰ কাৰ্য্যালয়লৈ আলোচনাৰ বাবে যোৱা ছাত্ৰ সন্থাৰ নেতা সকলক নিশা কোঠাৰ দুৱাৰ খুলি দি আঠুৱা জাপি বহিব দিয়া লোক জন এদিন ভাৰতৰ প্ৰধান মন্ত্ৰী হব গৈ। ৰাজনৈতিক ক্ষমতা অতি তুচ্ছ কথা তেওঁলোকৰ বাবে,দেশ আৰু জাতিৰ বাবেহে উৎসৰ্গিত তেওঁলোক।
অকল ৰাম মন্দিৰৰ বাবেই নহয়,দেশৰ সকলো গুৰুত্বপূৰ্ণ বিষয়ত আত্মোতসৰ্গ কৰি আহিছে তেওঁলোকে, কাৰ কাৰ নাম লম, এখন ডাঙৰ কিতাপ হব সেয়া লিখিব ললে। কলিকতা বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সত উপাচাৰ্য্য হবলৈ সক্ষম হোৱা শ্যামা প্ৰসাদ মূখাৰ্জী এক অধ্যৱন্ত পৰিয়াৰ পৰা অহা যাৰ পিতৃ আশুতুছ মূখাৰ্জী কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আছিল। তেখেতে তেতিয়াৰ প্ৰধান মন্ত্ৰী নেহেৰুৰ লগত কাশ্মীৰক অনুচ্ছেদ 370 দিয়াৰ বিৰোধ কৰি এক দেশ এক আইনৰ বাবে আন্দোলন কৰিছিল আৰু কাশ্মীৰৰ শ্ৰীনগৰত গ্ৰেপ্তাৰ হৈছিল আৰু বন্দী অৱস্থাতে মৃত্যু বৰণ কৰিছিল যাক বহুতে হত্যা ভাবে কাৰণ পৰিয়ালৰ লাখ অনুৰোধৰ পাছতো তেখেতৰ মৃত্যুৰ তদন্ত কৰা নহল আৰু পোষ্টমৰ্টেম কৰা নহল। যদি অনুচ্ছেদ 370 কাশ্মীৰত প্ৰয়োগ কৰা নহল হেতেন কাশ্মীৰৰ পৰা লাখ লাখ হিন্দু বিতাড়িত হব লগা নহল হেতেন 1990 চনত ।
সৌভাগ্যক্ৰমে মই বৰ্ষীয়মান সংঘৰ এনে কাৰ্য্যকর্তা পাইছো যি পঞ্চাছৰ দশকতে সোণৰ পদক সহ ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল , কিমান ভাল চাকৰি বাকৰি কৰিব পাৰিলে হেতেন তেওঁলোকে, কিন্তু দেশৰ সভ্যতা সংস্কৃতিৰ বাবে জীৱন উৎসৰ্গা কৰিলে। মই এনেকুৱা বহুজন যুব কাৰ্য্যকর্তা পাইছো যি দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে পাছ কৰা ,দিল্লী বিশ্ববিদ্যালয়,আই আই টি আদিৰ পৰা পাছ কৰা, ডক্টৰেট পোষ্ট ডক্টৰেট কৰা ব্যক্তি, যি সকলে দেশৰ বাবে জীৱন উৎসৰ্গা কৰিছে। অপ্ৰাসংগিক হলেও উল্লেখ কৰিব খোজো সংঘৰ এই সকল কাৰ্য্যকর্তাই অসমীয়া ভাষাত কথা কয় আৰু অন্য স্থানীয় ভাষা শিকিবলৈকো অনবৰত চেষ্টা কৰে। দীৰ্ঘদিন অসমত থকা তেনে কাৰ্য্যকর্তাৰ লগত কথা পাতিলে অনুভবেই নহয় যে তেওঁলোকৰ অসমত জন্ম হোৱা নাই, অৰ্থাৎ তেওঁলোক ভাষিক স্বাভিমানৰ উৰ্দ্ধত, দেশ সৰ্বোপৰি তেওঁলোকৰ বাবে।
ভাৰতৰ ধুৰন্ধৰ ৰাজনৈতিক নেতা সকলে জানে যে এই সকল লোকে প্ৰাধান্য পালে দেশত দলিত,আদিবাসী, যাদব আদিৰ ৰাজনীতি শেষ হৈ যাব আৰু তেতিয়া বিহাৰৰ গৰুৰ দানা চোৰ লালুৰ মেট্ৰিক ফেইল পুত্ৰৰ দৰে উপমুখ্যমন্ত্ৰী হব নোৱাৰিব। অশোক সিংঘাল জীয়ে দলিত সকলক লগত লৈ বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত 200 ৰ অধিক মন্দিৰ নিৰ্মাণ কৰিছিল যাতে জাতি বিভাজন শেষ হয় দেশত। ভাৰতত জাত পাতৰ ৰাজনীতি ইমানেই প্ৰবল যে অযোধ্যাত ইমান কৰ সেৱকক মৰাৰ পাছতো 1992 চনত মুলায়ম সিং যাদবে দলিত নেতা কাশীৰামৰ লগত মিলি নিৰ্বাচন জিকি আকৌ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁলোকৰ শ্লোগান আছিল "" জব মিলে মুলায়ম কাশীৰাম, হাৱা হো যায়ে শ্ৰীৰাম"।
এতিয়া এই ধুৰন্ধৰ ৰাজনৈতিক নেতা সকলেই মন্দিৰ হোৱাৰ পাছতো প্ৰাণ প্ৰতিষ্ঠাক লৈ বিতৰ্ক কৰি আছে। তাত উজান দিছে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যি 1990 চনৰ ৰাম জন্ম ভূমিৰ এই নিৰ্মম হত্যা কাণ্ডত একেবাৰে নীৰবে আছিল, বাতৰি প্ৰকাশ কৰা নাছিলেই ইমান ডাঙৰ ঘটনাটো। সেই সংবাদ প্ৰকাশ হৈছিল একমাত্ৰ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু কিছু স্থানীয় সংবাদ মাধ্যমতহে।
ৰাম মন্দিৰ ত্যাগ আৰু আত্মবলিদানৰ প্ৰতীক,, যিটো বহু ভাৰতীয়ই বুজিব নোৱাৰে কাৰণ আমি এনে এটা ৰাজনীতিৰ পৰিবেশত ডাঙৰ হোৱা যত ৰাজনীতি মানেই ক্ষমতা,ঐশ্বৰ্য, বিভুতি আহৰণ কৰা। ৰাম মন্দিৰ বিৰোধ কৰাৰ আঁৰত মনস্তাত্বিক কাৰণ এইটোৱো যে প্ৰভু শ্ৰীৰামৰ ত্যাগৰ উদাহৰণ মানুহৰ মাজত প্ৰতিষ্ঠা হলে ৰাজনীতিক মানুহে ত্যাগৰ প্ৰতীক হিচাপে লব আৰু ভাৰতত ৰাজনীতিৰ এক নতুন ধাৰা প্ৰতিষ্ঠা হব আৰু পৰিয়াল কেন্দ্ৰিক ক্ষমতালোভী ৰাজনীতি শেষ হব দেশত।
Credit: Mrinal Goswami