04/01/2026
জনসজাগতামূলক বাৰ্তা: হাতী-মানুহৰ সংঘাত আৰু আমাৰ কৰণীয়
সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত এক দৈনন্দিন ঘটনাত পৰিণত হৈছে। কেৱল সংকুচিত বনাঞ্চলেই ইয়াৰ একমাত্ৰ কাৰণ নহয়; হাতী হৈছে এক বিশাল পৰিসৰত বিচৰণ কৰা ('Long-ranging') প্ৰাণী। সিহঁতৰ কোনো নিৰ্দিষ্ট সীমা বা টেৰিটৰী নাথাকে।
আমি মন কৰিবলগীয়া কিছুমান কথা:
খাদ্যৰ সন্ধান: ধান পকাৰ সময়ত হাতী ধাননি পথাৰলৈ নামি অহাটো স্বাভাৱিক, কিন্তু বছৰৰ বাকী সময়ছোৱা সিহঁতে বনাঞ্চলতে খাদ্য বিচাৰি থাকে। বনাঞ্চলত উপলব্ধ খাদ্যৰ লগতে কেতিয়াবা সোৱাদৰ পৰিৱৰ্তনৰ বাবেও হাতী জনবসতিপূৰ্ণ অঞ্চললৈ আহে।
ওলাই যোৱাৰ পথত বাধা নিদিব: যেতিয়া বনাঞ্চলৰ পৰা হাতী জনাঞ্চললৈ ওলাই আহে, প্ৰায়েই দেখা যায় যে উৎসুক ৰাইজে হাতীটোক চাৰিওফালৰ পৰা ঘেৰি ধৰে। যদি হাতীটো ওলাই যোৱাৰ পথবোৰেই মানুহে বন্ধ কৰি দিয়ে, তেন্তে হাতীটো কোনফালে যাব?
উত্তেজিত নকৰিব: ৰাজপথত হাতী ওলালে দুয়োফালে গাড়ী-মটৰ ৰখাই জুম বান্ধি নাথাকিব। হাতীটোক যাঠি-জুঁং, শিল বা জুইৰে জোকাই ব্যতিব্যস্ত নকৰিব। এনে কৰিলে হাতীয়ে দিশহাৰা হৈ মানুহক আক্ৰমন কৰিব পাৰে বা অঘটন ঘটিব পাৰে।
আমাৰ অনুৰোধ: সজাগ আৰু সচেতন হওক। বনৰীয়া হাতী আহিছে, নিজৰ বাটেৰে গুচি যাবলৈ দিয়ক। হাতীক জোকাই নিজৰ লগতে আনৰো বিপদ মাতি নানিব। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু মানুহৰ নিৰাপত্তা— দুয়োটাই আমাৰ দায়িত্ব।