12/09/2023
ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমছুৰ নেতৃত্ব যোৱাকালি আৰু আজি বৈঠক। তলত উল্লেখ কৰা সমস্যাসমূহ বিতংভাৱে আলোচনা কৰা হয়
উচ্ছেদিতক পুনৰ সংস্থাপন আৰু সংখ্যালঘু সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা হয়।বিশেষকৈ বি টি আৰ প্ৰশাসনে উচ্ছেদ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সজোৰে কোৱাত, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় আৰু আইনী ভাৱে উচ্ছেদ নহবৰ কাৰণে প্ৰদক্ষেপ গ্ৰহণ কৰা আশ্বাস প্ৰদান কৰে। অন্যহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৰং, নগাঁও মৰিগাঁও হোজাই শোনিতপুৰ লক্ষীমপুৰ আদি জিলাৰ উচ্ছেদিত ভূমিহীনক নবেম্বৰ মাহৰ ভিতৰত পুনৰ সংস্থাপন কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে। চলিত বৰ্ষৰ জুন মাহত বুঢ়া চাপৰিত বন বিভাগৰ ভূলৰ বাবে নিহতৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতৰ পৰিয়ালক ১ লাখকৈ টকা আমছুৰ সভাপতি ডাঙৰীয়াৰ হাতত চেক প্ৰদান কৰে। নায়েৰ আলগা বাসী দীৰ্ঘদিনীয়া এক দাবী আছিল নায়েৰ আলগাত এখন আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা হব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমছু নেতৃত্বক প্ৰতিশ্ৰুতি প্ৰদান কৰি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। দুদিনীয়া আলোচনা সৌহাদ্যপূৰ্ণ হয়। উক্ত আলোচনাত আমি ডাঙি