Nava-Prabhat Institute of Fashion Technology

Nava-Prabhat Institute of Fashion Technology Navo Pravat Insitute of Fashion Technology(npift) is a sister concern Fashion designing Institute of

25/11/2025

আমাৰ সমুহ শুভাকাংক্ষী,জেষ্ঠ -কনিষ্ঠ তথা সতীৰ্থ বন্ধু-বান্ধৱ আৰু সমুহ ৰাইজক নৱ প্ৰভাত উৎসৱ ২০২৫ ৰ মুখ‍্য-উদ‍্যোক্তা হিচাপে আমি সাদৰৰে নিমন্ত্ৰণীঁ শঁৰাই আগবঢ়ালো।আশা ৰাখিছো আপোনালোক সকলোৰে উপস্থিতিয়ে আমাৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।🙏

ধন‍্যবাদ-
প্ৰৱীণ বৈশ‍্য
সভাপতি,নৱ প্ৰভাত,অসম।

We welcome our officials & coordinators of NAVO PRAVAT UTSAV 2025
21/11/2025

We welcome our officials & coordinators of NAVO PRAVAT UTSAV 2025

Dhannyabad The Assam Tribune
21/11/2025

Dhannyabad The Assam Tribune

20/11/2025

Navo Pravat ngo of Assam ৰ প্ৰতিষ্ঠাপক সভাপতি তথা Nava-Prabhat Institute of Fashion Technology ৰ CMD প্ৰৱীণ বৈশ‍্যৰ নেতৃত্বত এটি সঁজাতি দলে যোৱা ১৭ নৱেম্বৰ ২০২৫ তাৰিখে অসমৰ মাননীয় ৰাজ‍্যপাল শ্ৰী লক্ষ্মন প্ৰসাদ আচাৰ্য‍্য ডাঙৰীয়াক সাক্ষাৎ কৰি অসমৰ সাম্প্ৰতিক বিভিন্ন বিষয়ক লৈ আলেচনাত মিলিত হয়।

Navo Pravat ngo of Assam ৰ প্ৰতিষ্ঠাপক সভাপতি তথা Nava-Prabhat Institute of Fashion Technology ৰ CMD প্ৰৱীণ বৈশ‍্যৰ নেতৃ...
20/11/2025

Navo Pravat ngo of Assam ৰ প্ৰতিষ্ঠাপক সভাপতি তথা Nava-Prabhat Institute of Fashion Technology ৰ CMD প্ৰৱীণ বৈশ‍্যৰ নেতৃত্বত এটি সঁজাতি দলে যোৱা ১৭ নৱেম্বৰ ২০২৫ তাৰিখে অসমৰ মাননীয় ৰাজ‍্যপাল শ্ৰী লক্ষ্মন প্ৰসাদ আচাৰ্য‍্য ডাঙৰীয়াক সাক্ষাৎ কৰি অসমৰ সাম্প্ৰতিক বিভিন্ন বিষয়ক লৈ আলেচনাত মিলিত হয়।

We welcome our Official Makeup Partners for our Beauty Pageant “All Assam Traditional Mega Fashion Show 2025-26(Divine T...
19/11/2025

We welcome our Official Makeup Partners for our Beauty Pageant
“All Assam Traditional Mega Fashion Show 2025-26(Divine Traditional Queen of Assam 2025)” which will be held on 30th November 2025 at Chandmari AEI Play Ground,guwahati.

16/11/2025

Catch all them at XUROR XONDHIYA
(A musical tribute to the legend Zubeen Garg)

On 29th November 2025(Saturday)
At Chandmari AEI Play Ground,guwahati
TIME: 3.30 pm onwards

16/11/2025

=সংবাদ মেল=
১৫/১১/২০২৫
-গুৱাহাটী প্ৰেছ ক্লাৱ-
_______________________

“নৱ-প্ৰভাত উৎসৱ ২০২৫”

আপোনালোকক জনাবলৈ পাই অতি সূখী হৈছো যে অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতৰ ২৬তম বৰ্ষপূৰ্তি উপলক্ষে অহা ২৭,২৮,২৯ আৰু ৩০ নৱেম্বৰ ২০২৫ তাৰিখে চাৰিদিনীয়া কাৰ্য্যসূচীৰে নৱ-প্ৰভাতে গুৱাহাটী মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত “নৱ-প্ৰভাত উৎসৱ ২০২৫” ৰ আয়োজন কৰিছে য'ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাগত সাঁজ-পাৰ,আ-অলংকাৰ,থলূৱা সুস্বাদ্য খাদ্যৰ প্ৰদৰ্শনি তথা বিক্ৰীৰ লগতে সদ্য প্ৰয়াত অসমৰ হিয়াৰ আমঠু জনশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত তেঁওৰ অমৰ সৃষ্টিসমুহ আজীৱন জিয়াই ৰখাৰ সামান্যতম প্ৰচেষ্টা হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,ন-পুৰণী শিল্পীৰদ্বাৰা থলুৱা পৰম্পৰাগত নৃত্য-গীতৰ লগতে অসমৰ শিশু আৰু নৱ-প্ৰজন্মৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে অসমীয়া গীত তথা নৃত্যৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ভাল সংগীতশিল্পী আৰু নৃত্যশিল্পী নিৰ্মাণৰ সোনসেৰীয়া বাটত পোহৰ বিলাবলৈ নৱ-প্ৰভাত আগবাঢ়ি আহিছে নৱ-প্ৰজন্মৰ বাবে এক নতুন প্ৰভাত লৈ।এই লক্ষ্যৰে প্ৰতিটো বৰ্ষত নৱ-প্ৰভাতে সদৌ অসম ভিত্তিত জুবিন সংগীত,নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগীতাৰো আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই লক্ষৰে অহা ২৭ নৱেম্বৰ ২০২৫ তাৰিখে পুৱা ১০.৩০ বজাত “হস্ততাঁত-বস্ত্ৰ, হস্তশিল্প তথা থলুৱা খাদ্য-সম্ভাৰৰ চাৰিদিনীয়া প্ৰদৰ্শনি তথা বিক্ৰী”, সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগীতা আৰু নৱ-প্ৰভাত সদৌ অসম ভিত্তিত “জুবিন সংগীত প্ৰতিযোগীতা ২০২৫” ৰ আয়োজন কৰিছে।

২৮ নৱেম্বৰ ২০২৫ তাৰিখে সন্ধিয়া ৩.০০ বজাত জুবিনগাৰ্গ ৰ গীতত “নৃত্য প্ৰতিযোগীতা (একক আৰু দলীয়)”,

২৯ নৱেম্বৰ ২০২৫ তাৰিখে সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত নৱপ্ৰভাতৰ একাঁজলী শ্ৰদ্ধাঞ্জলী হিচাপে অসমৰ সংগীত জগতখনৰ কেইবাগৰাকীও ন-পুৰণী সংগীত শিল্পী যেনে-মনীষা হাজৰিকা,জে.পি. দাস,মন্টু মণি শইকীয়া, চন্দন দাস, দেৱজিৎ বৰা, গীতালি দেৱী,পাপৰি গগৈ,ৰূপালি কাশ্যপ,ৰূপাংকিতা পাপৰি, প্ৰাঞ্জল পৰস,জানম কাশ্যপ, ৰিয়াজ তালুকদাৰ,বিশাল কলিতা,চাজন নয়ক আৰু জ্যোতিপল দাসৰ সুমধুৰ গীতৰ সমাহাৰেৰে সুৰৰ-সন্ধিয়া… নামেৰে এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।

৩০ নৱেম্বৰ ২০২৫ তাৰিখে দিনৰ ২.৩০ বজাত “এন্ধাৰৰ পৰা পোহৰলৈ বুলি...” শীৰ্ষক এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত এইবাৰ সৰ্ব্বোচ্ছ অসম প্ৰাণ বঁটা ২০২৫ মৰণোত্তৰভাৱে প্ৰদান কৰিবলৈ লোৱা হৈছে অসমৰ হাৰ্টথ্ৰৱ জনশিল্পী জুবিনগাৰ্গ দেৱক, অসম শিল্পী বঁটা ২০২৫ আগবঢ়াবলৈ লোৱা হৈছে জ্যেষ্ঠ অভিনেতা জয়ন্ত ভাগৱতী, তপন দাস, জ্যেষ্ঠ অভিনেত্ৰী বিদ্যাৰাও, সংগীত শিল্পী ক্ৰমে পাহাৰী দাস, ড° সংগীতাকাকতী আৰু দিগন্ত ভাৰতীক। ইয়াৰোপৰি অসম গৌৰৱ বঁটা ২০২৫ আগবঢ়াবলৈ লোৱা হৈছে অসমৰ জ্যেষ্ঠ তথা বিশিষ্ট সংবাদকৰ্মী ধীৰেন্দ্ৰ নাথ বেজবৰুৱা (The Sentinel Group), বিশিষ্ট চিকিৎসকদ্বয় ক্ৰমে ডিব্ৰুগড়ৰ খৰ্বেশ্বৰ ভূঞা আৰু নতুন দিল্লী ইন্দ্ৰপ্ৰষ্ঠ এপ’ল হস্পিতালৰ সুশীলজৈন, বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া আৰু মুম্বাইত কৰ্মৰত জ্যেষ্ঠ ফিল্ম মিক্সিঙ ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাইক। ইয়াৰ লগতে অসম যুৱ-প্ৰতিভা বঁটা ২০২৫ আগবঢ়াবলৈ লোৱা হৈছে বিশিষ্টা সমাজকৰ্মী জাহ্নৱী গোস্বামী,যুৱ-সংবাদকৰ্মী মানস প্ৰতিম ডেকা (ND24) আৰু মুম্বাইত কৰ্মৰত যুৱ বাদ্যযন্ত্ৰী তথা সমৰকলা বিদ লক্ষী নন্দন লাহনক।

এই উৎসৱৰ লগতে সংগতি ৰাখি অসম থা উত্তৰ-পূৰ্বাঞ্চলৰ সুন্দৰী যুৱতী,নাৰী তথা শিশু সকলৰ প্ৰতিভা বিকাশৰ বাবে এক সুবৰ্ণ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে পশ্চিমীয়া বহুজাতিক কোম্পানীৰ ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা অশালীন,অমাৰ্জিত পশ্চিমীয়া বিদেশী সাঁজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খিলঞ্জীয়া বোৱণীৰ হাতেৰে প্ৰাণ পাই উঠা পাট-মূগা-এৰি-খাদী কে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু অসমীয়া থলুৱা শিল্পকৰ্মীৰদ্বাৰা নিৰ্মিত সুন্দৰ অসমীয়া গহণা-গাঠুঁৰি শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰু নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বি হৈ আত্ম-সংস্থাপনৰ বাঁট মুকলি কৰোৱাৰ সামন্যতম প্ৰচেষ্টা হিচাপে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাত আৰু নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী (npift)ৰ উদ্যোগত অহা ৩০/১১/২০২৫ তাৰিখ দেওবাৰে বিয়লি ৪.০০ বজাত গুৱাহাটী মহানগৰীৰ চিন্দমাৰীস্থিত অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত একাদশ বাৰ্ষিক All Assam Traditional Mega Fashion Show2025-26(Divine Traditional Queen of Assam 2025) Miss,Mrs.,Teens & KIDS- Season-XI শীৰ্ষক অসমীয়া পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক সৌন্দৰ্য্য প্ৰতিযোগীতা ৰো আয়োজন কৰা হৈছে।উক্ত অনুষ্ঠানতে যুৱ লেখিকা তথা সংবাদকৰ্মী ফাৰনাজ নাৰগিছ কৰিমক উদগনিমূলক বঁটা হিচাপে “Best Young Writer/Journalist Award 2025” প্ৰদান কৰা হ’ব।সম্পূৰ্ণ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা থকা নৱ-প্ৰভাত উৎসৱ ২০২৫ ৰ এই চাৰিওটা দিনৰ সকলো কাৰ্য্যসূচীতে সমুহ ৰাইজৰ উপস্থিতি আৰু সক্ৰীয় সহায়-সহযোগীতা আমি কামনা কৰিছো । ৰাইজৰ নিশ্চিত উপস্থিতিয়ে আমাক উৎসাহিত ও অনুপ্ৰাণিত কৰিব।

Published on 16/11/2025
16/11/2025

Published on 16/11/2025

We welcome our Official Anchor of NAVO PRAVAT UTSAV 2025 which will be held from 27th to 30th November 2025 at Chandmari...
15/11/2025

We welcome our Official Anchor of NAVO PRAVAT UTSAV 2025 which will be held from 27th to 30th November 2025 at Chandmari AEI Play Ground,guwahati .

We welcome our Official Fashion Choreographer for our Beauty Pageant “All Assam Traditional Mega Fashion Show 2025-26(Di...
15/11/2025

We welcome our Official Fashion Choreographer for our Beauty Pageant
“All Assam Traditional Mega Fashion Show 2025-26(Divine Traditional Queen of Assam 2025)” which will be held on 30th November 2025 at Chandmari AEI Play Ground,guwahati .

We welcome our respected Juri Members for our Beauty Pageant “All Assam Traditional Mega Fashion Show 2025-26(Divine Tra...
15/11/2025

We welcome our respected Juri Members for our Beauty Pageant
“All Assam Traditional Mega Fashion Show 2025-26(Divine Traditional Queen of Assam 2025)” which will be held on 30th November 2025 at Chandmari AEI Play Ground,guwahati .

Address

Guwahati
781021

Telephone

+918822648088

Website

Alerts

Be the first to know and let us send you an email when Nava-Prabhat Institute of Fashion Technology posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nava-Prabhat Institute of Fashion Technology:

Share