MSUA official

Website

MSUA official *MSUA OFFICIAL

*Muslim Students Union of Assam Established in 2005. Its an non- political Organization.

15/09/2026
আজি ইংৰাজী ২৯/০৮/২০২৬ তাৰিখে মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ MSUA ৰ ওদালগুৰি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে ই...
01/09/2026

আজি ইংৰাজী ২৯/০৮/২০২৬ তাৰিখে মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ MSUA ৰ ওদালগুৰি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে ইনছান আলীক দায়িত্ব দিয়া হ'ল।
MSUA official

প্ৰেছ বিবৃতিমুছলিম ছাত্ৰ সন্থা, অসম (MSUA)কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সভাপতি জালাল উদ্দিন চাহাবৰ সভাপতিত্বত অনুষ্ঠিত হয...
01/09/2026

প্ৰেছ বিবৃতি

মুছলিম ছাত্ৰ সন্থা, অসম (MSUA)

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সভাপতি জালাল উদ্দিন চাহাবৰ সভাপতিত্বত অনুষ্ঠিত হয়।

তাৰিখ: ৩১ আগষ্ট, ২০২৬
স্থান: মুখ্য কাৰ্যালয়, হাতীগাঁও চাৰিআলি, গুৱাহাটী

ভূমিহীন লোকক ভূমিৰ অধিকাৰ, Census-ত যোগ্য নাগৰিকৰ গণনা নিশ্চিতকৰণ আৰু শিক্ষাৰ ক্ষতি পূৰণৰ দাবী

গুৱাহাটী, ৩১ আগষ্ট: মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি সংগঠনৰ মুখ্য কাৰ্যালয়, হাতীগাঁও চাৰিআলি, গুৱাহাটীত অনুষ্ঠিত হয়। সভাত অসমৰ ভূমিহীন লোকসকলৰ ভূমিৰ অধিকাৰ, উচ্ছেদিত লোকসকলৰ পুনৰ্বাসন, Census আৰু Special Revision (SR), লগতে Censusৰ কামত শিক্ষকসকলক নিয়োজিত কৰাৰ ফলত বিদ্যালয়সমূহত সৃষ্টি হোৱা শৈক্ষিক ব্যাঘাতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাই জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত উক্ত বিষয়সমূহৰ ওপৰত সৰ্বসন্মতিক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

১. প্ৰকৃত ভাৰতীয় ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ দাবী

অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ১৯৭১ চনৰ পূৰ্বৰ প্ৰকৃত ভাৰতীয় ভূমিহীন লোকসকলক অতি শীঘ্ৰে ভূমিৰ পট্টা/আবণ্টন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ MSUA-ই দাবী জনায়।

উচ্ছেদৰ ফলত ভূমিহীন হোৱা যোগ্য ভাৰতীয় নাগৰিকসকলক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ দাবী মুছলিম ছাত্ৰ সন্থা, অসমৰ দীৰ্ঘদিনীয়া দাবী বুলি উল্লেখ কৰি সভাই মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনায়। লগতে ঘোষণাটো যাতে কেৱল ঘোষণাতে সীমাবদ্ধ নাথাকে, তাৰ বাবে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হয়।

২. Special Revision (SR), ভোটাৰ তালিকা আৰু Census

Special Revision (SR)-ৰ নামত উচ্ছেদিত বা স্থানান্তৰিত লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ক্ষেত্ৰত যথাযথ সাৱধানতা অৱলম্বন কৰাৰ দাবী জনোৱা হয়।

যোগ্য ভাৰতীয় নাগৰিকসকলৰ নাম যাতে ভুলবশতঃ ভোটাৰ তালিকাৰ পৰা বাদ নপৰে আৰু তেওঁলোকৰ নাগৰিক তথা গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত থাকে, তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।

লগতে যোগ্য প্ৰতিজন নাগৰিকৰ Census-ত গণনা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰা হয়।

৩. Censusৰ কামত শিক্ষক নিয়োগৰ বিকল্প ব্যৱস্থা

বিদ্যালয়ৰ শিক্ষকসকলক Censusৰ কামত নিয়োজিত কৰাৰ ফলত বিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান ব্যাহত হোৱা বুলি সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে।

সেয়ে Censusৰ কামৰ বাবে নিবনুৱা শিক্ষিত যুৱক-যুৱতী অথবা অন্যান্য উপযুক্ত চৰকাৰী কৰ্মচাৰীক বিকল্পভাৱে নিয়োগ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনোৱা হয়।

MSUA-ৰ মতে, শিক্ষকসকলৰ মূল দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰা। সেয়ে Censusৰ দৰে অতিৰিক্ত দায়িত্বৰ বাবে বিদ্যালয়ৰ পাঠদান যাতে ব্যাহত নহয়, তাৰ বাবে চৰকাৰে স্থায়ী আৰু ফলপ্ৰসূ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা উচিত।

৪. ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষতি পূৰণৰ বাবে বিশেষ ক্লাছ

Censusৰ কামত শিক্ষকসকল ব্যস্ত থকাৰ ফলত বহু বিদ্যালয়ত নিয়মীয়া পাঠদান ব্যাহত হোৱা বুলি সভাই উল্লেখ কৰে। বিশেষকৈ আগন্তুক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানত যথেষ্ট ক্ষতি হৈছে আৰু বহু দিনত মাত্ৰ ১–২টা ক্লাছহে অনুষ্ঠিত হৈছে।

এই শৈক্ষিক ক্ষতি পূৰণৰ বাবে বিদ্যালয়সমূহত বিশেষ/অতিৰিক্ত ক্লাছৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ দাবী জনোৱা হয়।

৩ দিনৰ ভিতৰত স্মাৰক পত্ৰ প্ৰদান

উক্ত দাবীসমূহৰ সন্দৰ্ভত অহা ৩ দিনৰ ভিতৰত শিক্ষা মন্ত্ৰী আৰু সংশ্লিষ্ট জিলা আয়ুক্তসকলক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰে।

MSUA-ই আশা প্ৰকাশ কৰে যে চৰকাৰ আৰু সংশ্লিষ্ট প্ৰশাসনে উত্থাপিত বিষয়সমূহক গুৰুত্বসহকাৰে বিবেচনা কৰি শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।

⸻

সাংগঠনিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সংগঠনৰ সাংগঠনিক শক্তি বৃদ্ধি আৰু অধিক সুসংগঠিতভাৱে কাম কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাৰ সৰ্বসন্মতিক্ৰমে মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলামক সাধাৰণ সম্পাদক পদলৈ পদোন্নতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

একেদৰে পাৰভেজ আহমেদক কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক হিচাপে পদোন্নতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তিনিখন জিলা সমিতি ভংগ

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই সাংগঠনিক পৰ্যালোচনাৰ ভিত্তিত ওদালগুৰি, বৰপেটা আৰু নগাঁও জিলা সমিতি ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত সংগঠনৰ সাংগঠনিক নীতি আৰু নিয়ম অনুসৰি উক্ত জিলাসমূহত নতুন আৰু অধিক সক্ৰিয় জিলা সমিতি গঠন কৰাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

মুছলিম ছাত্ৰ সন্থা, অসমে জনসাধাৰণৰ ন্যায়সংগত অধিকাৰ, শিক্ষাৰ স্বাৰ্থ আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে নিজৰ ভূমিকা অব্যাহত ৰাখিব বুলি সভাই পুনৰ দৃঢ়তা প্ৰকাশ কৰে।

ধন্যবাদেৰে,

মিয়াৰুল ইছলাম
সাধাৰণ সম্পাদক
মুছলিম ছাত্ৰ সন্থা, অসম (MSUA)
যোগাযোগ: ৬০০০১৩৭৯৫৭

যিয়ে যেনেকৈ পাৰে অলপ সহায়ৰ হাত আগবঢ়ায় যেন।
30/07/2026

যিয়ে যেনেকৈ পাৰে অলপ সহায়ৰ হাত আগবঢ়ায় যেন।

21/06/2026

Malviya Nagar

Massive fire swept through a hotel building

21 lives lost

Our heartfelt condolences to the families of those who lost their loved ones.

21/06/2026

বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা বাৰ্তা

আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুস্থ, সেউজীয়া আৰু বাসযোগ্য পৃথিৱী গঢ়ি তোলাৰ বাবে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষা আমাৰ সকলোৰে নৈতিক দায়িত্ব।

আহক, আমি সকলোৱে গছ-গছনি ৰোপণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু দূষণমুক্ত পৰিবেশ গঢ়াৰ বাবে একেলগে কাম কৰোঁ। পৰিবেশ সুৰক্ষিত থাকিলেহে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী এৰি যাব পাৰিম।

পৰিবেশ বচাওঁ, জীৱন বচাওঁ।

ধন্যবাদেৰে,

জালাল উদ্দিন
সভাপতি
মুছলিম ছাত্ৰ সন্থা অসম

To                           17/04/2026Dear Shabana Sultana, The Muslim Students Union of Assam (MSUA) proudly extends i...
18/04/2026

To 17/04/2026
Dear Shabana Sultana,

The Muslim Students Union of Assam (MSUA) proudly extends its heartiest congratulations to Ms. Shabana Sultana for her outstanding achievement in the HSLC Examination 2026, securing an impressive 96% marks.

This remarkable success is a reflection of your hard work, dedication, perseverance, and commitment to academic excellence. Your achievement has not only brought pride to your family and teachers but has also inspired the entire student community of Assam.

We firmly believe that this success is just the beginning of many greater accomplishments in your future. May you continue to shine in your academic journey and contribute positively to society and the nation.

Once again, congratulations on this well-deserved success. We wish you a bright, successful, and prosperous future ahead.

With best wishes and blessings.

Sincerely,
Jalal Uddin
President
Muslim Students Union of Assam (MSUA)
Year: 2026
Jalal Uddin Jalal Uddin MSUA official

14/02/2026

মুছলিম ছাত্ৰ সন্থাৰ দিছপুৰ থানাত এজাহাৰ দাখিল?
এজাহাৰ দাখিল কৰি কি কলে জালাল উদ্দিনে?

মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক শুভেচ্ছা জনাও।
10/02/2026

মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক শুভেচ্ছা জনাও।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when MSUA official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share