মাটিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনী

  • Home
  • India
  • Goalpara
  • মাটিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনী

মাটিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনী Official Page
Matia Anchalik Rongali Bihu Sanmiloni
Head Office :: Matia,Goalpara,Assam

অভিনন্দন !    অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইয়ে পুনৰ এবাৰ দেশ আৰু ৰাজ্যৰ নাম উজলাই তুলিলে। 💐 🥊🥈   গ্লাছগো কমনৱেলথ গেমছত জয় ...
02/08/2026

অভিনন্দন !
অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইয়ে পুনৰ এবাৰ দেশ আৰু ৰাজ্যৰ নাম উজলাই তুলিলে। 💐 🥊🥈

গ্লাছগো কমনৱেলথ গেমছত জয় কৰা ৰূপৰ পদক তেওঁ উৎসৰ্গা কৰিলে বানত প্ৰাণ হেৰুৱা সকললৈ। এইটো কেৱল এখন পদক নহয়, ই মানৱতা, সহানুভূতি আৰু শ্ৰদ্ধাৰ এক অনন্য নিদৰ্শন | ♥️

Respect tribute FloodVictims inspiration boxing JaiAaiAxom AssamPride NortheastIndia AssamCulture CulturalHeritage Assam মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী matiaanchalikrongalibihu matiabihu

নগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত  চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত হোৱা অভূতপূৰ্ব বানপানীত হাজাৰ হাজাৰ লোকৰ ক্ষতিগ্ৰস্...
23/07/2026

নগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত হোৱা অভূতপূৰ্ব বানপানীত হাজাৰ হাজাৰ লোকৰ ক্ষতিগ্ৰস্ত হৈছে | সকলো লোকৰ সুৰক্ষা আৰু মংগলৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ | ঈশ্বৰে ভূক্তভোগী প্ৰতিটো পৰিয়ালৰ প্ৰতিজনকে এই ভয়ানক পৰিৱেশ-পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহস দিয়ক, শক্তি দিয়ক | সকলোকে সুৰক্ষিত ৰাখক ||
ইমানতে থমকি যাওঁক || 🙏🏻

বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মা ডাঙৰীয়ানীৰ অকাল বিয়োগৰ খবৰটিয়ে মৰ্মাহত কৰিলে। অভিনয় প্ৰতিভা, সংবেদনশীল অভিব্যক্তি আৰু অনন...
14/07/2026

বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মা ডাঙৰীয়ানীৰ অকাল বিয়োগৰ খবৰটিয়ে মৰ্মাহত কৰিলে। অভিনয় প্ৰতিভা, সংবেদনশীল অভিব্যক্তি আৰু অনন্য অভিনয় শৈলীৰে পূৰবী শৰ্মাই অসমবাসীৰ হৃদয়ত সুকীয়া স্থান দখল কৰিছিল। মঞ্চ আৰু চিনেমাত তেখেতৰ নিষ্ঠা, সৰলতা আৰু অভিনয়-শিল্পৰ প্ৰতি থকা গভীৰ অনুৰাগ সদায় স্মৰণীয় হৈ থাকিব। ৮০-৯০ দশকৰ এগৰাকী সফল অভিনেত্ৰী আছিল পূৰৱী শৰ্মা |
‘আজলী নবৌ’ ছবিখন প্ৰথমবাৰ অভিনয় কৰিছিল | কন‍্যাদান,পিতা-পুত্ৰ,সোণমইনা,এণ্টনি মোৰ নাম, অভিমান,পাহাৰী কন্যা,আহিৰ ভৈৰৱ,ৰক্তবীজ,বিধাতা আদি বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল তেওঁ |
তেখেতৰ অকাল বিয়োগে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। এই দুঃসময়ত তেখেতৰ জীৱনসংগী, অভিনেতা তপন দাস ডাঙৰীয়া আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
ওঁ শান্তি ! 🙏🏼


#মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী

02/07/2026

📌 অহা ৩ জুলাই ছৱিগৃহলৈ আহি আছে বহু প্ৰত্যাশিত তথা চৰ্চিত ছৱি ককাদেউতা নাতি আৰু হাতী ২ ||


#ককাদেউতা_নাতি_আৰু_হাতী_২
#মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী

📌অহা ৬ জুলাইৰ পৰা জুবিন গাৰ্গৰ সপোনৰ অনুষ্ঠান "অভিনয়া - জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ" ত ৬-১০ বছৰ শিশু আৰু চেমনীয়াৰ ...
24/06/2026

📌অহা ৬ জুলাইৰ পৰা জুবিন গাৰ্গৰ সপোনৰ অনুষ্ঠান "অভিনয়া - জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ" ত ৬-১০ বছৰ শিশু আৰু চেমনীয়াৰ ১১-১৫ বছৰ বাবে দুটা শাখাত অনুষ্ঠিত হ'ব নাচ-গান-নাটকৰ গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে |
পোষ্টাৰখনৰ তলত দিয়া QR code-টি scan কৰি সবিশেষ জানিবলৈ পাৱ |

Zubeen Garg

#মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী

Happy World Music Day
21/06/2026

Happy World Music Day

অসমীয়া কলা-সংস্কৃতিৰ সাধক তথা জাতীয় জীৱনৰ কাণ্ডাৰী একেধাৰে শিল্পী, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ আৰু স্বাধীনতা সংগ্ৰাম...
20/06/2026

অসমীয়া কলা-সংস্কৃতিৰ সাধক তথা জাতীয় জীৱনৰ কাণ্ডাৰী একেধাৰে শিল্পী, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ আৰু স্বাধীনতা সংগ্ৰামী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক তেখেতৰ পুণ্যতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। 🙏🏻

তেখেতৰ কৰ্ম আৰু আদর্শই চিৰদিন অসমীয়া জাতিক উদ্বুদ্ধ কৰি ৰাখিব।

#মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী

সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে...!   ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ওপজা দি...
17/06/2026

সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে...!

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ওপজা দিনত স্মৰণ। 💐


#মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী

"আমাৰ ঐতিহ্য। আমাৰ গৌৰৱ। আমাৰ ভৱিষ্যত।"              অসমবাসীৰ বাবে এক গৌৰৱপূৰ্ণ মুহূৰ্ত !আমাৰ চাৰি বিধ পৰম্পৰাগত সামগ্ৰী...
16/06/2026

"আমাৰ ঐতিহ্য। আমাৰ গৌৰৱ। আমাৰ ভৱিষ্যত।"

অসমবাসীৰ বাবে এক গৌৰৱপূৰ্ণ মুহূৰ্ত !
আমাৰ চাৰি বিধ পৰম্পৰাগত সামগ্ৰীক অফিচিয়েলভাৱে ভৌগোলিক সূচক বা জি.আই. টেগ (GI Tag) স্বীকৃতি প্ৰদান কৰিছে |

🔸 কাৰ্বি আংলং তাঁত শিল্পৰ সামগ্ৰী (Karbi Anglong Handloom Products)
🔹 অসমৰ বিহু পেঁপা (Assam Bihu Pepa)
🔸 অসমৰ বাঁহ শিল্প (Assam Bamboo Crafts)
🔹 দেউৰী তাঁত শিল্পৰ সামগ্ৰী (Deori Handloom Products)

এই ঐতিহাসিক স্বীকৃতিয়ে আমাৰ থলুৱা শিল্পক বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দিব, নকল সামগ্ৰীৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰিব আৰু আমাৰ শিপিনী তথা কাৰিগৰসকলক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰি তুলিব ||






#মাটিয়া_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনী

Address

Head Office :: Matia
Goalpara
783125

Telephone

+919854699235

Website

Alerts

Be the first to know and let us send you an email when মাটিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to মাটিয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনী:

Shortcuts

Share