Navo Pravat ngo of Assam

Navo Pravat ngo of Assam Navo Pravat is a ngo of Assam which is basically work in various socio-economic developmental works for the Society as well as the upliftment of Youths.

Shoncharan Baishya বৰদেউতা, আপুনি আমাক চিৰ দিনৰ বাবে এৰি যোৱা আজি ১১ দিন হ’ল। মোৰটো ভাৱেই নহয় যে আপুনি আমাৰ মাজত আৰু নাই...
20/12/2025

Shoncharan Baishya বৰদেউতা, আপুনি আমাক চিৰ দিনৰ বাবে এৰি যোৱা আজি ১১ দিন হ’ল। মোৰটো ভাৱেই নহয় যে আপুনি আমাৰ মাজত আৰু নাই, আৰু কেতিয়াও যে আপুনি মোক নুশুধে সৌ সিদিনা শুধাৰ দৰে … “বুলু টোৰ প্ৰগ্ৰেম ভালে ভালে হৈ গ’ল ন?” , “বুলু এইবাৰ সিৰডী গ’লে মোকো লৈ যাবি দেই”, “বুলু Ranjeet Kumar Dass ক কৈ আমাৰ আহোম গাঁৱৰ ৰাষ্টাটো সোনকালে কৰি দিবিচোন দেই…” বুলি😓😓

একো এটাই কৰিব নোৱাৰিলো মই আপোনাৰ কাৰণে যিটো দূখ চিৰদিনৰ বাবে মোৰ অন্তৰত থাকি যাব। Actually কি যানে বৰদেউতা অপ্ৰিয় হ’লেও সত‍্য যে এই পৃথিৱীত ৱাস কৰা দুঠেঙীয়া জীৱবোৰ বৰ স্বাৰ্থপৰ অ’। সুবিধা ল’ব জানে কিন্তু দিব নাজানে। কোনো আপোন নহয় এই পৃথিৱীত না বন্ধু-বান্ধৱ না পৰিয়াল না সমাজ। তথাপিটো তাৰ মাজত অতি নগন‍্য সংখ‍্যক ভাল জীৱ আছে বাবেই আমাৰ এই ধৰাখন চলি আছে।

যি নহওঁক এক বেদনাগধুৰ মনেৰে অন্তৰৰ নিভৃত কোণৰ পৰা অশ্ৰুশিক্ত নয়নেৰে আজি আপোনাৰ “আদ‍্যশ্ৰাদ্ধ”ৰ দিনা আপোনাৰ পাহৰিব নোৱাৰা অকৃত্ৰিম মৰম,চেনেহ,কৰ্মৰাজীক সোঁৱৰি আপোনালৈ গভীৰ শ্ৰদ্ধান্জলী জ্ঞাপন কৰিলো। আপোনাৰ আত্মাই যে বৈকুন্ঠত স্থান ইতিমোধ‍্যেই পাইছে সেয়া মই নিশ্চিত। য’তেই আছে আপুনি সূখত থাকক বৰদেউতা। আমাক আশীৰ্বাদ দি থাকিব যাতে এই জীৱন যুদ্ধত সফল হ’ব পাৰো। প্ৰকৃতাৰ্থত এজন “মানুহ” হ’ব পাৰো।🙏🙏🙏😓

-প্ৰৱীণ বৈশ‍্য,সভাপতি, নৱ প্ৰভাত,অসম।
Praveen Baishya

*জনসংযোগ বিভাগৰ অৱসৰ প্ৰাপ্ত উপ-সন্সালক নৱ প্ৰভাত,অসমৰ অন‍্যতম প্ৰতিষ্ঠাপক উপদেষ্টা সোণ চৰণ বৈশ‍্যৰ দেহাৱসানঃ*গুৱাহাটী ১...
12/12/2025

*জনসংযোগ বিভাগৰ অৱসৰ প্ৰাপ্ত উপ-সন্সালক নৱ প্ৰভাত,অসমৰ অন‍্যতম প্ৰতিষ্ঠাপক উপদেষ্টা সোণ চৰণ বৈশ‍্যৰ দেহাৱসানঃ*

গুৱাহাটী ১১ ডিচেম্বৰঃ বিশিষ্ট সমাজসেৱক,সাংস্কৃতিক সংগঠক, মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সদস‍্য অসম চৰকাৰৰ জনসংগযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সন্সালক তথা নৱ প্ৰভাত,অসমৰ অন‍্যতম প্ৰতিষ্ঠাপক উপদেষ্টা সোণ চৰণ বৈশ‍্যৰ যোৱা ১০ ডিচেম্বৰ ২০২৫ তাৰিখে স্বাস্থ‍্যজনিত কাৰণত হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ পৰলোকপ্ৰাপ্তি ঘটে। বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত তথা গুৱাহাটী মহানগৰীৰ লখৰা আহোম গাঁওৰ জ‍্যেষ্ঠ নাগৰিক সমিতি ৰ প্ৰতিষ্ঠাপক সম্পাদক অতি সৰবৰহী, অমায়ীক, কৰ্মপটু বৈশ‍্যৰ বিয়োগত অন্সলটোৰ লগতে তেঁওৰ জন্মস্থান নলবাৰী আৰু পিতৃস্থান মহানগৰীৰ ভাস্কৰনগৰটো এক গভীৰ শোকৰ ছাঁ পৰে।

মৃত‍্যুৰ সময়ত সোণ চৰণ বৈশ‍্যই পত্নী, ২ পুত্ৰ, বোৱাৰীৰ লগতে এটি যৌথ বৈশ‍্য পৰিয়ালৰ ভাতৃ-ভগ্নী,ভতিজা-ভতিজী, ভতিজা বোৱাৰী,নাতি-নাতিনী এৰি থৈ যায়।

সুদক্ষ বিষয়াজনৰ মহাপ্ৰয়াণত নৱ প্ৰভাত,অসমৰ পৰিয়ালৰ লগতে ৰাইজ তথা তেখেতৰ গুণমুগ্ধ সকলোৱে তেঁওক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

উল্লেখযোগ‍্য যে প্ৰয়াত সোণ চৰণ বৈশ‍্য নৱ প্ৰভাত,অসম ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰৱীণ বৈশ‍্যৰ নিজৰ বৰদেউতাক আছিলে।

07/12/2025

যোৱা ৩০/১১/২০২৫ তাৰিখে অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত অসমৰ অন‍্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ প্ৰভাতৰ উদ‍্যোগত আয়োজিত “নৱ প্ৰভাত উৎসৱ ২০২৫” ৰ ৰাজ‍্যিক বঁটা প্ৰদান অনুষ্ঠান “এন্ধাৰৰ পৰা পোহৰলৈ বুলি…” ৰ কিছু বিশেষ মুহুৰ্ত…

যোৱা ৩০/১১/২০২৫ তাৰিখে অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত অসমৰ অন‍্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ প্ৰভাতৰ উদ‍্যো...
07/12/2025

যোৱা ৩০/১১/২০২৫ তাৰিখে অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত অসমৰ অন‍্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ প্ৰভাতৰ উদ‍্যোগত আয়োজিত “নৱ প্ৰভাত উৎসৱ ২০২৫” ৰ ৰাজ‍্যিক বঁটা প্ৰদান অনুষ্ঠান “এন্ধাৰৰ পৰা পোহৰলৈ বুলি…” ৰ কিছু বিশেষ মুহুৰ্ত…

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Navo Pravat ngo of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share