30/08/2026
বিজ্ঞানমনস্ক সংগ্ৰামী মহিলা বকুলিকা গোস্বামীৰ দেহাৱসান: গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান
-------
ইলোৰা বিজ্ঞান মঞ্চৰ শ্ৰদ্ধাঞ্জলি
**
অসম আন্দোলনৰ এগৰাকী সক্ৰিয় আৰু অগ্ৰণী সংগ্ৰামী মহিলা তেতিয়াৰ নগাওঁ আমোলাপট্টি নিবাসী বকুলিকা গোস্বামীৰ কালি বিয়লি প্ৰায় ৪-০০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। পুত্ৰ- বোৱাৰীসহ গুৱাহাটীৰ সৰুমটৰীয়াৰ এটি ভাড়াঘৰত দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত কাৰণত থাকিবলৈ লোৱা এইগৰাকী বিদূষী মহিলা বহুদিন ধৰি আৰ্থাইটিছত গুৰুতৰভাৱে আক্ৰান্ত হৈ নগাঁৱৰ পৰা স্থায়ীভাৱে গুৱাহাটীলৈ পৰিয়ালসহ স্থানান্তৰিত হৈছিল। মানৱ-কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে বৈজ্ঞানিক মানসিকতা সম্পন্ন বকুলিকা গোস্বামীয়ে তিনি বছৰ পূৰ্বে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে দেহ্দানৰ শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈছিল। সেই অনুযায়ী আজি গুৱাহাটী মেডিকেল কলেজত তেওঁৰ মৰণোত্তৰ দেহ্দান সম্পন্ন হয়। তাৰ আগতে দুজন অন্ধলোকৰ চকু সংৰোপণৰ বাবে শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে তেখেতৰ চকুযুৰি সংগ্ৰহ কৰে।
ইলোৰা বিজ্ঞান মঞ্চৰ উপ-সভাপতি প্ৰনবজ্যোতি ডেকাই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষৰ হৈ বকুলিকা গোস্বামীৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই। অনুষ্ঠানটোত ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি তথা গুৱাহাটী মেডিকেল কলেজৰ অধ্যাপক ডাঃ জয়দেৱ শৰ্মাই সংগ্ৰামী মহিলা গৰাকীয়ে মৃত্যুৰ পিচতো মানব কল্যানৰ হকে মৰনোত্তৰ দেহদানেৰে যি উদাহৰণ সৃষ্টি কৰিলে তাৰ শলাগ লয়| বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই কয়, বকুলিকা গোস্বামী এসময়ৰ বিখ্যাত অসম আন্দোলনৰ এগৰাকী সক্ৰিয় আৰু অগ্ৰণী সংগ্ৰামী মহিলা আছিল। তেওঁৰ এজন জোঁৱাই নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অৱশ্যে ৰাজনৈতিক ক্ষমতা আৰু আভিজাত্যৰ মাজতো বকুলিকা গোস্বামীয়ে অত্যন্ত সৰল আৰু সাধাৰণ জীৱন-যাপন কৰিছিল। অনুষ্ঠানটোত গুৱাহাটী মেডিকেল কলেজৰ বহু শিক্ষক-কৰ্মচাৰী, পুত্ৰ-কন্যা, জোৱাঁই বিধায়ক ৰূপক শৰ্মাসহ পৰিয়ালৰ বহু সদস্য, আত্মীয়-স্বজন, গুনমুগ্ধ, ইলোৰা বিজ্ঞান মঞ্চৰ ডঃ বাসুদেৱ দাস, মনোজ ৰায় প্ৰ্মুখ্যে কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী নেত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
ইলোৰা বিজ্ঞান মঞ্চই বিজ্ঞানমনস্ক মানৱহিতৈষী মহিলা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মানৱদৰদী মহিলা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকস্তব্ধ পৰিয়াল আৰু গুনমুগ্ধ সকলৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা।