08/05/2026
📌প্ৰগতিশীল আৰু গণতন্ত্ৰকামী আন্দোলনৰ নেত্ৰী বিজু চৌধুৰীৰ বিয়োগ
📌নলবাৰী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান সম্পন্ন
📌 নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে শৰীৰতত্ত্ব বিভাগৰ অধ্যাপকবৰ্গই চমজি ল’লে লৌহ নেত্ৰী বিজুু চৌধুৰীৰ দেহ
📌ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ৮ মে': ৰাজ্যখনৰ প্ৰগতিশীল আৰু গণতন্ত্ৰকামী আন্দোলনৰ নেত্ৰী তথা সমাজহিতৈষী বিজু চৌধুৰীৰ দীৰ্ঘদিন অসুস্থতাৰ অন্তত যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ। তেখেতে স্বামী ত্ৰৈলোক্য চৌধুৰী, তিনি পুত্ৰসহ আত্মীয়-স্বজনৰ লগতে বহু গুণমুগ্ধক এৰি গৈছে। উল্লেখ্য যে ৰাজ্যখনৰ বাওঁ গণতান্ত্ৰিক আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট নেত্ৰীগৰাকীয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী আন্দোলনৰ সৈতেও অংগাংগীভাৱে জড়িত হৈ আছিল। সমাজৰ মানৱতাৰ বানী প্ৰচাৰৰ লগতে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে তেখেতে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্রতো স্বাক্ষৰ কৰি ৰাখিছিল।
সেই অনুসৰি আজি দুপৰীয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়ত মানৱতাবাদী তথা বিজ্ঞানমনস্ক বিজু চৌধুৰীৰ মৰণোত্তৰ দেহদান সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে যোৱা নিশা গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকসকলে নেত্ৰীগৰাকীৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে। যাৰফলত দৃষ্টিশক্তি হীন দুগৰাকী ব্যক্তিয়ে সুন্দৰ পৃথিৱীখন চোৱাৰ সুযোগ লাভ কৰিব। বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ নেত্ৰীগৰাকীৰ এই সমগ্ৰ যাত্ৰা পথৰ সহযাত্ৰী আছিল তেওঁৰ স্বামীৰ উপৰি সুযোগ্য তিনি পুত্ৰ। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱা আৰু শৰীৰতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ৰূপ শেখৰ ডেকাই আনুষ্ঠানিকভাৱে নেত্ৰীগৰাকীৰ দেহ চমজি লয়। ইয়াৰ পূৰ্বে নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিয়ালৰ হৈ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই নেত্ৰীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানত নেত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ডাঃ বেজবৰুৱাই কয় যে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে প্ৰয়াত বিজু চৌধুৰীয়ে মৃত্যুৰ পিছতো মানবসেৱাৰ যি উজ্জ্বল দৃষ্টান্ত স্থাপন কৰি থৈ গ’ল সি অতুলনীয়। অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ সভাপতি মিৰাজুল ইছলামে নেত্ৰীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে ৰাজ্যখনৰ বিজ্ঞান মনস্কতা প্ৰসাৰ আন্দোলনৰ প্ৰতি প্ৰয়াত বিজু চৌধুৰীয়ে যি অনন্য অৱদান আগবঢ়াই থৈ গ’ল সি সদায় জ্যোতিস্মান হৈ জিলিকি থাকিব। অনুষ্ঠানত নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক অশোকজ্যোতি ডেকাৰ উপৰি অন্যান্য ভালেসংখ্যক অধ্যাপক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ লগতে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নেতৃবৰ্গ, ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ সভাপতি মিৰাজুল ইছলাম, উপ সভাপতি মুস্তাফা কামাল আহমেদ, সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতা, মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অমৰজ্যোতি শৰ্মা, লোহিত বৈশ্য, মঞ্চৰ নলবাৰী শাখাৰ সাধাৰণ সম্পাদক কালীনাথ গোস্বামী, ঘগ্ৰাপাৰ শাখাৰ সভাপতি সনাতন বৈশ্য, পৰিয়ালৰ সদস্যসকল, আত্মীয় স্বজন আৰু ভালেসংখ্যক গুণমুগ্ধ উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে ৰঙিয়াৰ শ্ৰমিক ভৱনত প্ৰয়াত বিজু চৌধুৰীৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰমিক নেতা নৃপেন নাথে আঁত ধৰা অনুষ্ঠানত ৰঙিয়া নাগৰিক মঞ্চ, অসম ৰেলযাত্ৰী সংস্থা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ভাৰতীয় জাতীয় কংগ্ৰেছ, চি পি আই(এম), ডি ৱাই এফ আই, এছ এফ আই, নতুন সাহিত্য পৰিষদ, ভাৰতীয় গণনাট্য সংঘ, চি আই টি ইউ, ইলোৰা বিজ্ঞান মঞ্চকে ধৰি ডেৰকুৰি সামাজিক অনুষ্ঠানে নেত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মানৱহিতৈষী তথা বিজ্ঞানমনস্কতা প্ৰসাৰ আন্দোলনৰ সহযাত্ৰী বিজু চৌধুৰীৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই বিজু চৌধুৰীৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে।