বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজ

  • Home
  • India
  • Gauhati
  • বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজ

বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজ বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজ

শেহতীয়াকৈ ঘোষণা হোৱা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত (NEET, UG 2026) সফলতা লাভ কৰিৱলৈ সক্ষম হোৱা ডিমৰীয়া সমষ্টি বামফৰৰ নিৱাস...
19/07/2026

শেহতীয়াকৈ ঘোষণা হোৱা সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত (NEET, UG 2026) সফলতা লাভ কৰিৱলৈ সক্ষম হোৱা ডিমৰীয়া সমষ্টি বামফৰৰ নিৱাসী শ্ৰীযুত মৃদুল ডেকা আৰু শ্ৰীমতী দিপালী ডেকাৰ কণ্যা শ্ৰী ক্রান্তি ডেকাৰ বাসগৃহত আজি উপস্থিত হৈ
ৃহত্তৰ_ডিমৰীয়া_কোচ_ৰাজবংশী_যুৱ_সমাজ ৰ তৰফৰ পৰা অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰা হয় ৷
তাইৰ ভৱিষ্যত উজ্বল আৰু উত্তৰোত্তৰ কামনা কৰিলোঁ ।

"সপোনবোৰে ডেউকা মেলি উৰি যাওক,
আৰু তুমি সফলতাৰ মুকলি আকাশ চুই লোৱা".....

#কোচ

আজি চাৰিদিন ধৰি সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱক তথা কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন সক্ৰিয় সদস্যক তেজৰ প্ৰয়োজন ...
08/07/2026

আজি চাৰিদিন ধৰি সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱক তথা কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন সক্ৰিয় সদস্যক তেজৰ প্ৰয়োজন হোৱাত আজি আমাৰ ৃহত্তৰ_ডিমৰীয়া_কোচ_ৰাজবংশী_যুৱ_সমাজ ৰ তৰফৰ কিছু পৰিমানে তেজৰ যোগান ধৰা হয় ।
#ডিমৰীয়া
#বৃহত্তৰ

যোৱা কালি  ৃহত্তৰ_ডিমৰীয়া_কোচ_ৰাজবংশী_যুৱ_সমাজ কোচ ৰাজবংশী যুৱ সমাজৰ সক্ৰিয় সদস্য শ্ৰী বিদ্যুত বৰুৱাক সন্ধিয়া সময়ত বিষাক...
05/07/2026

যোৱা কালি ৃহত্তৰ_ডিমৰীয়া_কোচ_ৰাজবংশী_যুৱ_সমাজ কোচ ৰাজবংশী যুৱ সমাজৰ সক্ৰিয় সদস্য শ্ৰী বিদ্যুত বৰুৱাক সন্ধিয়া সময়ত বিষাক্ত পোকে দংশন কৰে৷পৰবৰ্তী সময়ত অত্যাধিক বিষ অনুভৱ কৰাত ততাতয়াকৈ সোনাপুৰ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তী হয়৷বৰ্তমান তেও সম্পূৰ্ণ সুস্থ৷আজি আমি বৃহত্তৰ ডিমৰীয়া যুৱ সমাজৰ তৰফৰ পৰা তেওৰ লগতে চিকিৎসাধীন হৈ থকা আন কেইবাজনো আমাৰ জনগোষ্ঠীয় পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ বুজ লও৷লগতে যতপৰ সম্ভৱ সহায়ৰ কৰিম বুলি আশ্বাস দিও৷বিপদৰ সময়ত আমি সকলোৱে হাতে হাত ধৰি থিয় দিৱ লাগিৱ৷

 িনন্দন_অনুষ্ঠান_  ৃহত্তৰ_ডিমৰীয়া_কোচ_ৰাজবংশী_যুৱ_সমাজ ৰ উদ্যোগত ক্ষেত্রী গাঁও পঞ্চায়ত প্রেক্ষাগৃহত আয়োজন কৰা সদ্যঘোষিত ...
03/07/2026

িনন্দন_অনুষ্ঠান_
ৃহত্তৰ_ডিমৰীয়া_কোচ_ৰাজবংশী_যুৱ_সমাজ ৰ উদ্যোগত ক্ষেত্রী গাঁও পঞ্চায়ত প্রেক্ষাগৃহত আয়োজন কৰা সদ্যঘোষিত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ডিমৰীয়াৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলক "অভিনন্দন" জনোৱা হয় ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক ড° তপন দাস আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্রাক্তন এচিএছ (ACS) বিষয়া Gogoi কে মুখ্য কৰি জনগোষ্ঠীটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিসকলে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি একোটাকৈ অনুপ্ৰেৰণামূলক ভাষণ প্রদান কৰে আৰু তেওঁলোকৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰে।
ছাত্ৰ-ছাত্ৰীসকলক সম্বর্ধনা জনোৱাৰ সমান্তৰালকৈ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে অনুষ্ঠানটোত অঞ্চলটোৰ দুজন বিশিষ্ট ব্যক্তিক বিশেষভাবে সম্মানিত কৰা হয়। সমাজখনৰ অগ্রগতিত অৰিহণা যোগোৱাৰ বাবে বিশিষ্ট ব্যবসায়ী চিতেন্দ্র শইকীয়ালৈ "বিশিষ্ট উদ্যোগপতি তথা সমাজ সেবক বঁটা" আৰু যুৱ নেতা Prokhanto Medhi লৈ "যুৱনেতা বঁটা" আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

Address

Dimoria
Gauhati

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share