15/07/2026
✍️কোচ-ৰাজবংশী জাতীয পৰিষদৰ এটি চাৰিজনীয়া প্ৰতিনিধি দলে আজি (15th July'26) বঙাইগাঁও জিলা আয়ুক্ত মাননীয় শ্ৰীযুত লক্ষীনন্দন চহৰীয়াক সাক্ষাৎ কৰি সম্বৰ্ধনা জনোৱাৰ লগতে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী মাননীয়া শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় ৷
প্ৰতিনিধি দলটোত আছিল কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিশ্বজিৎ ৰায়, কাৰ্যকৰী সভাপতি জগন্নাথ ৰায়, যুটীয়া সাধাৰণ সম্পাদকদ্বয় ধনজিৎ ৰায়৷
#চমু_বিৱৰণ👇
👉অসমৰ উচ্চ শিক্ষাৰ গুণগত মান উন্নয়ন আৰু সমাজবিজ্ঞান ভিত্তিক গৱেষণাৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ স্বাৰ্থত বঙাইগাঁও বিশ্ববিদ্যালয়, অভয়াপুৰী মহাবিদ্যালয় আৰু বিজনী মহাবিদ্যালয়ত নৃতত্ত্ব (Anthropology) বিভাগ স্থাপন কৰাটো সময়ৰ একান্ত প্ৰয়োজন ৷ সেয়ে কোচ-ৰাজবংশী জাতীয় পৰিষদে মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ কৰি বঙাইগাঁও বিশ্ববিদ্যালয়, অভয়াপুৰী মহাবিদ্যালয় আৰু বিজনী মহাবিদ্যালয়ত অতি শীঘ্ৰে নৃতত্ত্ব (Anthropology) বিভাগ স্থাপনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে৷
👉বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আদি জিলাত বিভিন্ন জনজাতি, জনগোষ্ঠী আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সমৃদ্ধ ঐতিহ্য বিদ্যমান। এই অঞ্চলসমূহ নৃতত্ত্ব বিষয়ৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে অতি উপযোগী। তথাপিও এই অঞ্চলৰ শিক্ষাৰ্থীসকলে নৃতত্ত্ব বিষয় অধ্যয়নৰ বাবে দূৰ-দূৰণিৰ শিক্ষানুষ্ঠানলৈ যাবলগীয়া হয়, যাৰ ফলত বহু শিক্ষাৰ্থীয়ে আৰ্থিক আৰু সামাজিক সমস্যাৰ সন্মুখীন হয় আৰ বহুতৰে আৰ্থিক দুৰবস্থাৰ হেতু নৃতত্ত্ববিষয়টো অধ্যয়নৰ পৰা বঞ্চিত হ লগা হ'য়।
নৃতত্ত্ব বিভাগ স্থাপন কৰিলে স্থানীয় শিক্ষাৰ্থীসকলে নিজ অঞ্চলতে উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ পাব।
👉অসমৰ বিভিন্ন জনগোষ্ঠীৰ সমাজ, সংস্কৃতি, ভাষা, পৰম্পৰা আৰু জীৱন-প্ৰণালীৰ ওপৰত গৱেষণা অধিক শক্তিশালী হ'ব। নতুন শিক্ষকৰ পদ, গৱেষণা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা, গৱেষণা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল অধিক লাভান্বিত হ'ব৷ নতুন শিক্ষা নীতি (NEP)-ৰ লক্ষ্য অনুসৰি আন্তঃবিষয়ক শিক্ষা আৰু গৱেষণা অধিক শক্তিশালী হ'ব বুলি স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে ৷
Dr. Himanta Biswa Sarma