ABVP Bihpuria Town Unit

ABVP Bihpuria Town Unit Official page of ABVP Bihpuria Unit

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘বন্দে মাতৰম্’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনআজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিহপুৰ...
14/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘বন্দে মাতৰম্’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিহপুৰীয়া শাখাৰ উদ্যোগত আৰু বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশপ্ৰেমৰ অমৰ প্ৰতীক ‘বন্দে মাতৰম্’ৰ ১৫০ বছৰীয়া জয়ন্তী শ্ৰদ্ধা আৰু গৌৰৱৰ সৈতে উদযাপন কৰা হয়।

অনুষ্ঠানটোৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম, ৰাষ্ট্ৰীয় চেতনা, একতা আৰু সামাজিক দায়বদ্ধতাৰ ভাবধাৰা অধিক সুদৃঢ় কৰাৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা অভিযানও অনুষ্ঠিত কৰা হয়।

দেশৰ স্বাধীনতা সংগ্ৰামৰ অনুপ্ৰেৰণাৰ সৈতে জড়িত ‘বন্দে মাতৰম্’ৰ চেতনাক সন্মান জনাই নতুন প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়বদ্ধ কৰি তোলাৰ এই প্ৰচেষ্টা এক তাৎপৰ্যপূৰ্ণ পদক্ষেপ।

বন্দে মাতৰম্। 🇮🇳

MEMBERSHIP DRIVE | DAY 7🚩The journey of building a stronger student community continues!On Day 7, ABVP Bihpuria Unit con...
13/08/2026

MEMBERSHIP DRIVE | DAY 7🚩

The journey of building a stronger student community continues!

On Day 7, ABVP Bihpuria Unit continues its Membership Drive with renewed energy, inspiring students to come together for student welfare, leadership, social responsibility, and nation-building.

One Membership. One Voice. One Stronger Student Community. 🇮🇳

নতুন সপোনৰ পখিলা মেলি,নতুন আশাৰ বতৰা লৈনতুন সপোনৰ ৰং, নতুন আশাৰ পোহৰ আৰু অজস্ৰ সম্ভাৱনাৰ বতৰা লৈ বিহপুৰীয়া মহাবিদ্যালয়...
11/08/2026

নতুন সপোনৰ পখিলা মেলি,
নতুন আশাৰ বতৰা লৈ
নতুন সপোনৰ ৰং, নতুন আশাৰ পোহৰ আৰু অজস্ৰ সম্ভাৱনাৰ বতৰা লৈ বিহপুৰীয়া মহাবিদ্যালয়ৰ জ্ঞানৰ পৱিত্ৰ প্ৰাঙ্গণত খোজ পেলোৱা প্ৰতিগৰাকী নৱাগত শিক্ষাৰ্থীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিহপুৰীয়া শাখাৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।
অচিনাকি বাটেৰে আৰম্ভ হোৱা এই যাত্ৰাই এদিন সোঁৱৰণীৰ সোণালী অধ্যায় হৈ ধৰা দিয়ক। জ্ঞানৰ পোহৰে আলোকিত হওক মন, মূল্যবোধে সমৃদ্ধ হওক জীৱন আৰু সপোনবোৰে পাওক সফলতাৰ সাৰ্থক ঠিকনা।
নতুন পথ হওক সম্ভাৱনাময়, নতুন দিন হওক আশাময়, আৰু নতুন যাত্ৰা হওক সাফল্যমণ্ডিত।
স্বাগতম নৱাগত—
তোমালোকৰ আগমনেৰে সজীৱ হওক আমাৰ শিক্ষাঙ্গণ।

"যি জাতিৰ ইতিহাস বীৰৰ ত্যাগে লিখা হয়, সেই জাতিৰ স্বাধীনতা চিৰ অম্লান। দেশমাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ যৌৱন, সুখ আৰু জ...
23/07/2026

"যি জাতিৰ ইতিহাস বীৰৰ ত্যাগে লিখা হয়, সেই জাতিৰ স্বাধীনতা চিৰ অম্লান। দেশমাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ যৌৱন, সুখ আৰু জীৱন আহুতি দিয়া অমৰ বিপ্লৱীসকলৰ আদৰ্শ আমাৰ চিৰন্তন প্ৰেৰণাৰ উৎস। চন্দ্ৰ শেখৰ আজাদ কেৱল এজন বিপ্লৱী নাছিল, তেওঁ আছিল আত্মসম্মান, সাহস আৰু অদম্য দেশপ্ৰেমৰ জীৱন্ত প্ৰতীক। তেখেতৰ আত্মবলিদান প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত ৰাষ্ট্ৰভক্তিৰ অগ্নিশিখা হৈ যুগে যুগে প্ৰজ্বলিত হৈ থাকিব। তেখেতৰ পবিত্ৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম।

মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ আন্তৰিক শুভকামনা...জয় জগন্নাথ 🚩 ⭕‼️⭕  🙏🏼⭕️‼️⭕️
16/07/2026

মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ আন্তৰিক শুভকামনা...
জয় জগন্নাথ 🚩
⭕‼️⭕
🙏🏼⭕️‼️⭕️

विश्व के सबसे बड़े वर्दीधारी युवा संगठनराष्ट्रीय कैडेट कोर (NCC)के स्थापना दिवस कीहार्दिक शुभकामनाएँ एवं बधाई।"एकता और अ...
16/07/2026

विश्व के सबसे बड़े वर्दीधारी युवा संगठन
राष्ट्रीय कैडेट कोर (NCC)
के स्थापना दिवस की
हार्दिक शुभकामनाएँ एवं बधाई।
"एकता और अनुशासन" के आदर्श वाक्य के साथ राष्ट्र निर्माण, नेतृत्व, अनुशासन, सेवा और देशभक्ति की भावना को सुदृढ़ करने में एनसीसी का योगदान सदैव प्रेरणादायी रहा है।
जय हिंद! 🇮🇳

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিহপুৰীয়া শাখাৰ উদ্যোগত আজি ৭৮তম ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে অসমৰ বিশিষ্ট সাহিত্য...
09/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিহপুৰীয়া শাখাৰ উদ্যোগত আজি ৭৮তম ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে অসমৰ বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ সোঁৱৰণত "পদ্মনাথ গোহাঞিবৰুৱা শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা -২০২৬" নামেৰে কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

প্ৰায় ৩০০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত লখিমপুৰ জিলা প্ৰমূখ মনোৰঞ্জন শৰ্মা, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকা, বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দীপশিখা বৰা, অসম প্ৰদেশৰ ৰাজ্যিক যুটীয়া সম্পাদিকা শিল্পী শিখা হাজৰিকা, বিভাগ সংযোজক অৰিন্দম গোস্বামী, জিলা সংযোজক লক্ষ্যজ্যোতি মুদৈ, সাংগঠনিক সম্পাদক শশাঙ্ক কলিতা, বিহপুৰীয়া শাখাৰ সভাপতি সত্যেন্দ বৰদলৈ, সম্পাদক বিক্ৰম গোপ, জিলা ছাত্ৰী প্ৰমূখ কাবেৰী নেৱাৰৰ লগতে সংবাদ মাধ্যমৰ প্ৰতিনিধি, সংগঠনৰ কাৰ্যকৰ্তা আৰু শুভানুধ্যায়ীসকল উপস্থিত থাকে।

"১৯৪৯ চনৰ ৯ জুলাই ভাৰতৰ ছাত্ৰসমাজৰ ইতিহাসত এক তাৎপৰ্যপূৰ্ণ অধ্যায়ৰ সূচনা হৈছিল। এই দিনটো কেৱল এটি সংগঠনৰ প্ৰতিষ্ঠাৰ দিন...
09/07/2026

"১৯৪৯ চনৰ ৯ জুলাই ভাৰতৰ ছাত্ৰসমাজৰ ইতিহাসত এক তাৎপৰ্যপূৰ্ণ অধ্যায়ৰ সূচনা হৈছিল। এই দিনটো কেৱল এটি সংগঠনৰ প্ৰতিষ্ঠাৰ দিন নহয়; ই জ্ঞান, চৰিত্ৰ আৰু একতাৰ আদৰ্শত উদ্বুদ্ধ এক ৰাষ্ট্ৰনিষ্ঠ ছাত্ৰ আন্দোলনৰ শুভাৰম্ভৰ প্ৰতীক। শিক্ষা, সমাজসেৱা, সাংস্কৃতিক চেতনা, জাতীয় ঐক্য আৰু ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণৰ মহান লক্ষ্যক সন্মুখত ৰাখি আৰম্ভ হোৱা এই যাত্ৰাই বহু দশক ধৰি অসংখ্য যুৱক-যুৱতীক নেতৃত্ব, কৰ্তব্যবোধ আৰু আত্মনিবেদনৰ মূল্যবোধেৰে সমৃদ্ধ কৰি আহিছে।
প্ৰতিষ্ঠা দিৱসে আমাক স্মৰণ কৰায় যে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ ভেটি শিক্ষিত, সুশৃংখল, নৈতিক আৰু দায়িত্বশীল যুৱসমাজ। সেয়েহে প্ৰতিজন বিদ্যাৰ্থীয়ে কেৱল ব্যক্তিগত সফলতাত সীমাবদ্ধ নাথাকি সমাজ আৰু ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি নিজৰ জ্ঞান, দক্ষতা আৰু শক্তিক জাতীয় বিকাশৰ বাবে উৎসৰ্গা কৰাৰ সংকল্প ল'ব লাগিব।
আহক, প্ৰতিষ্ঠা দিৱসৰ এই পৱিত্ৰ ক্ষণত আদৰ্শ, শৃংখলা, সেৱাভাৱ, আত্মনিবেদন আৰু ৰাষ্ট্ৰপ্ৰেমৰ চেতনাৰে উদ্বুদ্ধ হৈ এক শক্তিশালী, আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু মূল্যবোধসম্পন্ন ভাৰত গঢ়াৰ মহান যাত্ৰাত সক্ৰিয় অংশীদাৰ হওঁ। এয়াই হওক প্ৰতিষ্ঠা দিৱসৰ সৰ্বশ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি আৰু আমাৰ দৃঢ় অঙ্গীকাৰ।"

নেতৃত্ব পদবীত নহয়, দায়িত্ববোধত প্ৰতিফলিত হয়। আদৰ্শ, শৃংখলা আৰু আত্মনিবেদনৰেই গঢ়ি উঠে এক শক্তিশালী সংগঠন। দ্বিতীয়বাৰ...
30/06/2026

নেতৃত্ব পদবীত নহয়, দায়িত্ববোধত প্ৰতিফলিত হয়। আদৰ্শ, শৃংখলা আৰু আত্মনিবেদনৰেই গঢ়ি উঠে এক শক্তিশালী সংগঠন। দ্বিতীয়বাৰৰ বাবে জিলা সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন। আপোনাৰ প্ৰতিটো পদক্ষেপ ৰাষ্ট্ৰসেৱাৰ পথত অনুপ্ৰেৰণাৰ উৎস হওক ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰিয়ালে আজি উত্তৰ পূব  ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক সন্মানীয় কমল নয়...
23/06/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰিয়ালে আজি উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক সন্মানীয় কমল নয়ন ডাঙৰীয়াৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰে লগতে তেওঁৰ নেতৃত্বত অসম চৰকাৰ দ্বিতীয় কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে।

Himanta Biswa Sarma
CMO Assam

Address

Bihpuria
Bihpuriagaon

Website

Alerts

Be the first to know and let us send you an email when ABVP Bihpuria Town Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share