31/12/2025
জাননী
ইয়াৰে আপোনাক/আপোনালোকক জনোৱা যায় যে, মানুহ মৰণশীল, জন্ম হলে মৃত্যু অনিবাৰ্য- ই এক প্ৰকৃতিৰ নিয়ম, যোৱা ১৫ ফেব্ৰুৱাৰী / ২০২৫ ইং তাৰিখে অসমৰ সংখ্যালঘু আন্দোলনৰ এগৰাকী অন্যতম গুৰি ধৰোঁতা, ত্যাগ আৰু সততাৰ প্ৰতীক, চৰ অঞ্চলৰ গৌৰৱ, বাঘমাৰা চৰৰ কৃতী সন্তান, বাঘমাৰা চৰ ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত সমতুল্ল্যাহ চৌধুৰী ছাৰ আমাক সকলোকে কন্দুৱাই আৰু কেতিয়াও উভতি নহা বাটেৰে চিৰ দিনৰ বাবে গুচি যায়। সদা-সু-দৃষ্টিসম্পন্ন, সহানুভূতিশীল, অনুপ্ৰেৰণাদায়ক তথা সাহসী মনোভাৱাপন্ন মৰহুম ব্যক্তি গৰাকীক আমাৰ মাজত জীয়াই ৰাখিবলৈ স্মৃতিচাৰণ সভা পতা সম্পর্কে নিম্নোল্লেখিত স্থান ও সময়ত এখনি সভাৰ আয়োজন কৰা হৈছে।
গতিকে উক্ত সভাত আপোনাৰ/ আপোনালোকৰ যথা স্থান যথা সময়ত উপস্থিতি ও মূল্যবান দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হ'ল।
স্থান: বাঘমাৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয় প্রাঙ্গণ।
তাৰিখ: ৩১/১২/২০২৫ ইং (বুধবাৰ)।
সময়: আবেলি ৪:০০ বজা।
ইতি-
ভৱদীয়
নুৰজামাল হুছাইন
ভাৰপ্ৰাপ্ত সম্পাদক, বাঘমাৰা চৰ ছাত্ৰ সংগঠন।