08/05/2024
# # # # # #দৰিদ্ৰতা আৰু আমি # # # # # #
গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিল "দৰিদ্ৰতাই হৈছে বিপ্লৱ আৰু অপৰাধৰ পিতৃ।” গ্ৰীক ইতিহাসবিদ প্লুটাৰ্কৰ মতে "ধনী আৰু দুখীয়াৰ মাজত ভাৰসাম্যহীনতা গণৰাজ্যৰ আটাইতকৈ পুৰণি আৰু মাৰাত্মক ৰোগ।” মহাত্মা গান্ধীয়ে কৈছিল যে এই পৃথিৱীত সকলোৰে প্ৰয়োজনৰ বাবে যথেষ্ট আছে কিন্তু সকলোৰে লোভৰ বাবে নহয় ।
প্ৰতি নিশা খালী পেটেৰে আকাশৰ তলত শুই থকা সেই লাখ লাখ মানুহৰ জীৱনৰ কথা কেতিয়াবা ভাবিছেনে? দৰিদ্ৰতাক নিজৰ চকু আৰু হৃদয়েৰে চাইছেনে ?
বিশ্ব বেংকৰ মতে, “দৰিদ্ৰতা হৈছে ভোক। দৰিদ্ৰতা হৈছে আশ্ৰয়ৰ অভাৱ। দৰিদ্ৰতা হ'ল অসুস্থ হৈ চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰা। দৰিদ্ৰতা হ'ল স্কুলৰ সুবিধা নোহোৱা আৰু পঢ়িব নজনা। দৰিদ্ৰতা হ'ল কৰ্মসংস্থাপন নথকা, ভৱিষ্যতৰ বাবে ভয়, এটা এটাকৈ দিন জীয়াই থকা, অৰ্থাৎ ধনৰ অভাৱৰ উপৰিও দৰিদ্ৰতা হ'ল এজন ব্যক্তিৰ বিনোদনমূলক কাম-কাজত অংশগ্ৰহণ কৰিব নোৱাৰা, সন্তানক পঢ়াবলৈ অক্ষমতা , উপযুক্ত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিবলৈ অক্ষমতা।
ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰাই দৰিদ্ৰতা দূৰীকৰণ নীতি নিৰ্ধাৰকসকলৰ মৌলিক লক্ষ্য হৈ আহিছে। স্বাধীনতাৰ পিছৰে পৰা পৰিকল্পনা আয়োগ আৰু ভাৰত চৰকাৰে দৰিদ্ৰতা দূৰ কৰাৰ দিশত কাম কৰি আহিছে। দৰিদ্ৰতা দূৰ কৰাৰ প্ৰধান লক্ষ্যৰে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা - ‘গাৰিবি হাটাও’ শ্লোগানেৰে প্ৰস্তুত কৰা হৈছিল। প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যে দৰিদ্ৰতা দূৰ কৰিব । কিন্তু দৰিদ্ৰতা দূৰ হৈছেনে?
সূতা, কম্বল, প্ৰতিমাহে ৫ কেজি বিনামূলীয়া চাউল, 1200 টকাৰে দৰিদ্ৰতা দূৰ নহয় । দৰিদ্ৰতা দূৰ কৰিবলৈ কৰ্মসংস্থাপনৰ প্ৰয়োজন, আৰু আমাৰ যিকোনো কাম কৰাৰ মানসিকতাৰ থকাটো প্ৰয়োজন ।
বিনামূলীয়া আঁচনি হৈছে চৰকাৰী কাৰ্যসূচী যিয়ে নাগৰিকক বিনামূলীয়াকৈ সামগ্ৰী বা সেৱা প্ৰদান কৰে। নাগৰিকৰ জীৱন উন্নত কৰাৰ লগতে সমাজ কল্যাণৰ প্ৰসাৰৰ বাবে এক মূল্যৱান আহিলা হ’ব পাৰে কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱ অধিক ।
কাৰণ বিনামূলীয়া আঁচনিসমূহ পৰিচালনা খৰছ ব্যয়বহুল আৰু চৰকাৰী বিত্তীয় দিশত হেঁচা প্ৰয়োগ কৰে। ইয়াৰ ফলত অধিক কৰ বা অন্যান্য চৰকাৰী কাৰ্যসূচী সমূহ কৰ্তন হয়।
বিনামূলীয়া আঁচনিসমূহে আয় উপাৰ্জনৰ বাবে এক নিৰুৎসাহ প্ৰদান কৰে, কাম কৰাৰ ইচ্ছা হ্ৰাস কৰে। ইয়াৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ আৰু উৎপাদনশীলতা হ্ৰাস পায়।
বিনামূলীয়া আঁচনিসমূহে নিৰ্ভৰশীলতাৰ সংস্কৃতি গঢ়ি তুলে, মানুহে নিজৰ মৌলিক প্ৰয়োজনীয়তাৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। ইয়াৰ ফলত মানুহৰ স্বাৱলম্বী হোৱাত অসুবিধাৰ সৃষ্টি হয় আৰু অপৰাধ আৰু দৰিদ্ৰতাৰ দৰে সামাজিক সমস্যাত অৰিহণা যোগায়।
অৱশেষত আমি মহম্মদ ইউনুছৰ ভাষাত আশা কৰিছো, “এবাৰ দৰিদ্ৰতা নাইকিয়া হওঁক, আমি ইয়াৰ ভয়ানকতাক ভৱিষ্যত প্ৰজন্মক প্ৰদৰ্শন কৰিবলৈ সংগ্ৰহালয় নিৰ্মাণ কৰিম। তেওঁলোকে ভাবিব যে মানৱ সমাজত ইমান দিনে দৰিদ্ৰতা কিয় চলি থাকিল – কোটি কোটি লোকে দুখ, বঞ্চনা আৰু হতাশাত বাস কৰাৰ সময়ত দুই এজনে কেনেকৈ বিলাসীতাত জীয়াই থাকিব পাৰিলে।
# # # # # and we # # # # #
The Greek philosopher Aristotle said, "Poverty is the father of revolution and crime. According to the Greek historian Plutarch, "the imbalance between the rich and the poor is the oldest and most deadly disease of the republic. Mahatma Gandhi said that there is enough in this world for everyone's needs but not for everyone's greed.
Have you ever thought about the lives of those millions of people who sleep under the sky on an empty stomach every night? Have you seen poverty with your own eyes and heart?
According to the World Bank, “Poverty is hunger. Poverty is lack of shelter. Poverty is not being able to go to the doctor when you are sick. Poverty is lack of access to schools and illiteracy. Poverty is not having employment, fear for the future, living one day at a time, i.e. besides lack of money, poverty is a person's inability to participate in recreational activities, inability to educate children , inability to access proper health care.
Since India’s independence, poverty alleviation has been a fundamental goal of policy makers. Since independence, the Planning Commission and the Government of India have been working towards poverty alleviation. The Fifth Five Year Plan was prepared under the slogan 'Garibi Hatao' with the main objective of eradicating poverty. Every government promises to eradicate poverty. But has poverty been eliminated. Yarn, blankets, 5 kg free rice per month, Rs. 1200 does not eradicate poverty. Employment is needed to eradicate poverty, and we need to have the mindset to do anything.
Free schemes are government programs that provide free goods or services to citizens. It can be a valuable tool for improving the lives of citizens and promoting social welfare but its negative impact is greater. This is because free schemes are expensive to operate and put pressure on government finances. This results in higher taxes or cuts to other government programs.
Free schemes provide a disincentive to earn income, reducing the desire to work. This reduces economic activity and productivity.
Free schemes create a culture of dependency, people become dependent on the government for their basic needs. This makes it difficult for people to become self-sufficient and contributes to social problems like crime and poverty.
At last, we hope in the words of Muhammad Yunus, “Once poverty is gone, we will build museums to showcase its horrors to future generations. They will wonder why poverty persisted for so long in human society – how a few could live in luxury while billions lived in misery, deprivation and despair.
©Dhanjit Das