BJYM Goalpara

BJYM Goalpara Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Goalpara, Youth Organization, Goalpara, Assam.

25/09/2026

“আকাশ জয়ৰ সংকল্পৰে অসমে এতিয়া মহাকাশ-গৱেষণাৰ নতুন দিগন্তলৈ অগ্ৰসৰ হৈছে।”

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ নৱতম সম্ভাৱনাক আত্মস্থ কৰি অসমে উন্নয়নৰ পৰিধি ক্ৰমাৎ বিস্তৃত কৰি মহাকাশ-বিজ্ঞানৰ ক্ষেত্ৰতো এক তাৎপৰ্যপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছে। চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ ISTRAC Advanced Radar Research Facility স্থাপনৰ পদক্ষেপে ৰাজ্যখনৰ বৈজ্ঞানিক পৰিৱেশত এক সুদূৰপ্ৰসাৰী সংযোজন ঘটাইছে।

25/09/2026

‘ৰাষ্ট্ৰ প্ৰথম’ৰ মহান আদৰ্শ, অন্ত্যোদয়ৰ চিন্তা আৰু একাত্ম মানৱ দৰ্শনৰ জৰিয়তে সমাজ আৰু ৰাষ্ট্ৰজীৱনক নতুন দিশ দেখুওৱা মহান চিন্তাবিদ পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ ১১০সংখ্যক জয়ন্তীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ মহান আদৰ্শ আৰু দূৰদৰ্শী চিন্তাধাৰাৰ প্ৰতি জনালোঁ কৌটি কৌটি প্ৰণাম। 🙏

ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিশিষ্ট মনীষী তথা ‘একাত্ম মানৱতাবাদ’ৰ প্ৰবক্তা পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ জন্মজয়ন্তীত ত...
25/09/2026

ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিশিষ্ট মনীষী তথা ‘একাত্ম মানৱতাবাদ’ৰ প্ৰবক্তা পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ জন্মজয়ন্তীত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু জীৱনদৰ্শনৰ প্ৰতি তেখেতৰ গভীৰ আস্থা তথা ‘একাত্ম মানৱতাবাদ’ৰ চিন্তাধাৰাই সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগী আগবঢ়াইছিল।
তেখেতৰ জন্মজয়ন্তীৰ এই পৱিত্ৰ দিনটোত পণ্ডিত দীনদয়াল উপাধ্যায়দেৱক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

দেশৰ মহাকাশ গৱেষণা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অসমে এক নতুন অধ্যায়ৰ সূচনা কৰিলে। গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত ISRO-ৰ ISTR...
22/09/2026

দেশৰ মহাকাশ গৱেষণা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অসমে এক নতুন অধ্যায়ৰ সূচনা কৰিলে। গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত ISRO-ৰ ISTRAC Advanced Radar Research Facilityৰ আধাৰশিলা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্থাপন কৰে।
অসমৰ বিজ্ঞান, প্ৰযুক্তি আৰু গৱেষণাৰ পৰিসৰ অধিক বিস্তৃত কৰাৰ দিশত এই পদক্ষেপে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব। বিশেষকৈ নৱপ্ৰজন্মৰ মাজত মহাকাশ বিজ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

22/09/2026

Empowering women, building the nation!

চাহ জনগোষ্ঠীয় সমাজৰ পবিত্ৰ কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লোকজীৱন, পৰম্পৰা আৰু বিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত পৱিত্ৰ কৰম...
22/09/2026

চাহ জনগোষ্ঠীয় সমাজৰ পবিত্ৰ কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লোকজীৱন, পৰম্পৰা আৰু বিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত পৱিত্ৰ কৰম পূজাই কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা।

আজি আন্তঃৰাষ্ট্ৰীয় গড় দিৱস। বিশ্বৰ ৮০ শতাংশ গড়ৰ বসতি স্থল হৈছে আমাৰ অসম। প্ৰকৃতিৰ এই অতুল্য উপহাৰ দশক পূৰ্বলৈকে  চোৰা...
22/09/2026

আজি আন্তঃৰাষ্ট্ৰীয় গড় দিৱস। বিশ্বৰ ৮০ শতাংশ গড়ৰ বসতি স্থল হৈছে আমাৰ অসম। প্ৰকৃতিৰ এই অতুল্য উপহাৰ দশক পূৰ্বলৈকে চোৰাং চিকাৰীৰ কবলত পৰাৰ বিপৰীতে অসমত বিজেপি চৰকাৰ অহাৰ পৰা অসম গৌৰৱ এশিঙীয়া গড়ৰ ৰক্ষাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰে। তাৰ ফলত আজিৰ তাৰিখত অসমত শূণ্য গড় হত্যা পৰিৱেশ সৃষ্টি হ'ল।

আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা, বৰেণ্য অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি পবিত্ৰ জন্মবাৰ্ষিকীৰ শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
22/09/2026

আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা, বৰেণ্য অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি পবিত্ৰ জন্মবাৰ্ষিকীৰ শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মোৎসৱত গুৰুজনাৰ মহান আদৰ্শ আৰু অমৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।গুৰুজনাৰ শ্ৰীচৰণত ভক্...
21/09/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মোৎসৱত গুৰুজনাৰ মহান আদৰ্শ আৰু অমৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
গুৰুজনাৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত জনালোঁ। 🙏

20/09/2026

বৰেণ্য কণ্ঠশিল্পী, সুৰৰ যাদুকৰ, অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাদেৱক পৱিত্ৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

তেখেতৰ কণ্ঠৰ মায়াময় সুৰ, হৃদয়স্পৰ্শী গীত আৰু অনন্য সৃষ্টিৰাজিয়ে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে আমাৰ সাংস্কৃতিক জীৱনলৈ এক অমলিন সৌন্দৰ্য কঢ়িয়াই আনিছে। ‘ৰাণাদা’ৰ সুৰত যি আৱেগ, যি ভালপোৱা আৰু যি অসমীয়াৰ আত্মাৰ স্পন্দন নিহিত হৈ আছে, সেয়া প্ৰজন্মৰ পাছত প্ৰজন্মলৈ চিৰদিন বৈ থাকিব।

Address

Goalpara
Assam
783129

Website

Alerts

Be the first to know and let us send you an email when BJYM Goalpara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share