সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা

  • Home
  • India
  • Assam
  • সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা

সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা All Biswanath District Student's Union (AASU)

ইচ্ছুক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী সকলৰ জ্ঞাতাৰ্থে - ‘প্ৰত‍্যাশা ২.০’All Assam Students' Union - AASU
01/05/2026

ইচ্ছুক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী সকলৰ জ্ঞাতাৰ্থে - ‘প্ৰত‍্যাশা ২.০’
All Assam Students' Union - AASU

09/02/2026
সদৌ অসম ছাত্র সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই গুৱাহাটীস্থিত শ্ৰী শ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ (শ্ৰীমন্ত শংকৰদ...
18/12/2025

সদৌ অসম ছাত্র সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই গুৱাহাটীস্থিত শ্ৰী শ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ (শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ) প্ৰাংগণত
অম্বিকাগিৰী ৰায়চৌধুৰী জন্মদিনটোত
বিশ্বনাথ জিলাৰ বৃহত্তৰ পাভৈ অঞ্চলৰ আদর্শ কৃষক 'লক্ষ্মী কৃষি বহুমুখী প্রকল্প'ৰ অন্যতম মুৰব্বী, 'পাভৈ গ্রীণচ্ প্রাইভেট লিমিটেড'ৰ প্রতিষ্ঠাপক শ্রী নীলম দত্তক ২০২৫ বৰ্ষৰ অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদান কৰাত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰী নীলম দত্ত ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

১৮ ডিচেম্বৰ ২০২৫

Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ১৩ জন প্ৰাৰ্থীৰ ভিতৰত ১৩ টা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ...
08/11/2025

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ১৩ জন প্ৰাৰ্থীৰ ভিতৰত ১৩ টা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ জয়।

সকলো প্ৰাৰ্থীলৈ আমাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU

শ্বহীদ প্ৰণামো তোমাক ।১৯৭২ৰ ঐতিহাসিক মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ পবিত্ৰ মৃত্যু তিথিত সশ্ৰদ্ধ  স্মৰণ...
06/10/2025

শ্বহীদ প্ৰণামো তোমাক ।

১৯৭২ৰ ঐতিহাসিক মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ পবিত্ৰ মৃত্যু তিথিত সশ্ৰদ্ধ স্মৰণ...

ন্যায় বিচাৰি…...আজি সকলো উলাই আহিব।৫:০০ বজাত শ্বহীদ ভৱন প্ৰাঙ্গন, বিশ্বনাথ চাৰিআলি
26/09/2025

ন্যায় বিচাৰি…...
আজি সকলো উলাই আহিব।
৫:০০ বজাত শ্বহীদ ভৱন প্ৰাঙ্গন, বিশ্বনাথ চাৰিআলি

সদৌ অসম ছাত্ৰ সন্থাই বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো চিৰবৰেণ্য ব্যক্তি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্মদিনটোত তেখেতক শ...
02/09/2025

সদৌ অসম ছাত্ৰ সন্থাই বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো চিৰবৰেণ্য ব্যক্তি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্মদিনটোত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ উদ্দীপনা শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ *বিশেষকৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষৰ আৰম্ভণি হ’ব* ৷ উক্ত অনুষ্ঠানত প্ৰতিখন জিলাৰ নিৰ্বাচিত মহাবিদ্যালয়ৰ এগৰাকীকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পী, নিৰ্বাচিত বিশ্ববিদ্যালয়ৰ এগৰাকীকৈ কণ্ঠ শিল্পী আৰু যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ লগতে গুৱাহাটীৰ কেইবাখনো নিৰ্বাচিত মহাবিদ্যালয়ৰ কণ্ঠ শিল্পীয়ে গীত পৰিৱেশন কৰিব৷

সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলি স্থিত শ্বহীদ ভৱনত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্বনাথৰ দুগৰাকী সংগীত শিল্পী তথা প্ৰশিক্ষক প্ৰাঞ্জল ডেকা আৰু অলকানন্দা বৰা বিচাৰক হিচাপে উপস্থিত থাকি বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰী শ্ৰী কুলবিন্দৰ কৌৰক নিৰ্বাচিত কৰে।
কুলবিন্দৰ কৌৰৰে অহা ৮ ছেপ্টেম্বৰ তাৰিখে বিশ্বনাথ জিলাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্দীপনা শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত পৰিবেশন কৰিব।

বিশ্বনাথ চাৰিআলি স্থিত শ্বহীদ ভৱনত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক...
29/08/2025

বিশ্বনাথ চাৰিআলি স্থিত শ্বহীদ ভৱনত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক সভা অনুষ্ঠিত কৰা হয়।

সভাখনত জিলা খনৰ বিভিন্ন দিশৰ লগতে ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী আৰু সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা ধাৰাবাহিক কাৰ্যসূচীৰ সফল ৰূপায়ণৰ সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Address

Head Office: Swahid Bhawan, Biswanath Chariali , Assam, Branch Office: Swahid Bhaban, Gohpur
Assam

Website

Alerts

Be the first to know and let us send you an email when সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা:

Share